সমললৈ যাওক

মোৰ সত্য-অন্বেষণৰ কাহিনী

ৱিকিউদ্ধৃতিৰ পৰা

"মোৰ সত্য-অন্বেষণৰ কাহিনী" বা "আত্মজীৱনী অথবা মোৰ সত্য-অন্বেষণৰ কাহিনী" (Gujarati: Satya Na Prayogo athva Atmakatha, ইংৰাজীত 'Experiments of Truth or Autobiography') মহাত্মা গান্ধীৰ আত্মজীৱনী। শৈশৱৰ পৰা ১৯২১ চনলৈ সময়ছোৱা ই সামৰি লৈছে। ১৯২৫ চনৰ পৰা ১৯২৯ চনলৈ তেওঁৰ কাকত নৱজীৱনত এই আত্মজীৱনী সাপ্তাহিকভাৱে প্ৰকাশ পাইছিল। তেওঁৰে ইংৰাজী কাকত Young Indiaত ইয়াৰ ইংৰাজী অনুবাদো ছোৱা ছোৱাকৈ প্ৰকাশ পাইছিল। স্বামী আনন্দ আৰু আন সহকৰ্মীসকলে গান্ধীক তেওঁৰ ৰাজহুৱা কৰ্মৰ পশ্চাদপট জনাবলৈ কৰাৰ অনুৰোধতে এই আত্মজীৱনী লিখা হৈছিল। ১৯৯৮ চনত বিশ্বৰ আধ্যাত্মিক আৰু ধাৰ্মিক সংস্থাৰ এখন সমিতিয়ে ইয়াক "বিংশ শতিকাৰ ১০০ খন আধ্যাত্মিক গ্ৰন্থ"ৰ তালিকাত অন্তৰ্ভুক্ত কৰিছিল। গান্ধীবাদী নেতা, শিক্ষাবিদ অমিয় কুমাৰ দাসে ইয়াক অসমীয়ালৈ ভাঙনি কৰিছিল।

আত্মজীৱনী অথবা মোৰ সত্য-অন্বেষণৰ কাহিনী (১৯২৭), অসমীয়া অনুবাদ অমিয় কুমাৰ দাস, নৱজীৱন পাব্লিচিং হাউচ, ১৯৯৮
  • প্ৰকৃততে মোৰ আত্মজীৱনী লিখা উদ্দেশ্য নহয়। জীৱনত সত্যৰ পৰীক্ষা সম্বন্ধে মোৰ যি অভিজ্ঞতা হৈছে, তাকেই মই লেখিবলৈ চেষ্টা কৰিম মাথোন। মোৰ জীৱন ইয়াৰ পৰীক্ষাৰ বাহিৰে আন একো নহয়।
    • পাতনি, পৃ vi
  • ঈশ্বৰৰ সংখ্যা অসংখ্য, কাৰণ তেওঁৰ প্ৰকাশ অসংখ্য। ঈশ্বৰৰ এই ৰূপ প্ৰকাশত মই স্তব্ধ হওঁ, কিন্তু মই ঈশ্বৰক সত্য বুলি পূজা কৰো। তেৱেঁই অকল বাস্তৱ, অন্যবোৰ অবাস্তৱ. তেওঁক মই লগ পোৱা নাই, কিন্তু মই তেওঁক পাবলৈকে যত্ন কৰি আছো।
    • পাতনি, পৃ vii
  • মোৰ দৰে এশজন ধ্বংস হওক, কিন্তু সত্যৰ চিৰদিনলৈ জয় হওক। সত্যৰ পতাকাখনৰ গৌৰৱ এডাল চুলিৰ সমানো যেন লাঘৱ নহওক।
    • পাতনি, পৃ viii
  • মোক নিজক বিচাৰ কৰোতে সত্যৰ দৰে মই কঠোৰ হ'ম আৰু নিজক সেই জিখেৰে চাই, কবি সুৰদাসৰ দৰে মই কওঁ— 'মোৰ দৰে ঘৃণনীয়, দুষ্ট পাপিষ্ঠ আৰু ক'ত আছে? মই এনে অকৃতজ্ঞ যে সৃষ্টিকৰ্তাক মই এৰিছো।' যিজন ঈশ্বৰে মোৰ প্ৰতি নিশ্বস-প্ৰশ্বাসেই শাসন কৰে, যাৰ মই সন্তান সেই ঈশ্বৰৰ মই ইমান দিন আঁতৰত আছো, ই মোক হুলে বিন্ধাৰ দৰে দুখ দি আছে। মই জানো যে মোৰ ভিতৰত যিবোৰ কু-প্ৰবৃত্তি আছে, সেইবোৰেই মোক তেওঁৰ পৰা আঁতৰ কৰি ৰাখিছে, অথচ মই সেইবোৰৰ পৰা নিজক আঁতৰাব নোৱাৰো।
    • পাতনি, পৃ viii
  • স্বামীৰ সন্দেহ কাৰণৰ বাবে বাট চাই নাথাকে।
    • প্ৰথম ভাগ, ৪ৰ্থ অধ্যায়, স্বামীৰ প্ৰভুত্ব, পৃ ৯
  • পবিত্ৰ প্ৰেমৰ কাৰণে একোৱেই অসম্ভৱ নহয়।
    • প্ৰথম ভাগ, ৪ৰ্থ অধ্যায়, স্বামীৰ প্ৰভুত্ব, পৃ ১১
  • মোৰ তেতিয়া এটা ভুল ধাৰণা আছিল যে শাৰীৰিক ব্যায়ামৰ লগত শিক্ষাৰ একো সম্বন্ধ নাই। আজিহে মই বুজিব পাৰিছো যে মানসিক বিকাশৰ কাৰণে নিৰ্দিষ্ট পাঠ্যৰ লগতে শাৰীৰিক ব্যায়ামৰো দিহা কৰিব লাগিব।
    • প্ৰথম ভাগ, ৫ম অধ্যায়, হাইস্কুলত, পৃ ১৩
  • সত্যবাদী মানুহ বৰ সাৱধানো হ'ব লাগে বুলি মই তেতিয়া বুজিলো।
    • প্ৰথম ভাগ, ৫ম অধ্যায়, হাইস্কুলত, পৃ ১৩
  • হাতৰ আখৰ বেয়া হ'লে শিক্ষা সম্পূৰ্ণ হোৱা নাই বুলি ধৰিব লাগে।
    • প্ৰথম ভাগ, ৫ম অধ্যায়, হাইস্কুলত, পৃ ১৪
  • কোনো হিন্দু ল'ৰা-ছোৱালী সংস্কৃতত ভাল শিক্ষা নোহোৱাকৈ থকা অনুচিত।
    • প্ৰথম ভাগ, ৫ম অধ্যায়, হাইস্কুলত, পৃ ১৫
  • মই এতিয়া ভাবো যে উচ্চ শিক্ষাৰ বাবে নিৰ্ধাৰিত পাঠ্যৰ ভিতৰত মাতৃভাষাৰ লগত হিন্দী, সংস্কৃত, ফাৰ্চী, আৰবী আৰু ইংৰাজী ভাষাৰ শিক্ষা থাকিব লাগে।
    • প্ৰথম ভাগ, ৫ম অধ্যায়, হাইস্কুলত, পৃ ১৫
  • সংস্কাৰকে অগাধ পানীত বুৰ দিবলৈ যোৱাটো উচিত নহয়।
    • প্ৰথম ভাগ, ৬ষ্ঠ অধ্যায়, জীৱনৰ শোক লগা ঘটনা (ক), পৃ ১৬
  • সেই সময়ত এজন বিখ্যাত হিন্দু খ্ৰীষ্ট ধৰ্মত দীক্ষিত হোৱাও শুনিছিলো। তেওঁ খ্ৰীষ্ট ধৰ্মত দীক্ষা ল'বৰ সময়ত গৰু-মঙহ আৰু মদ খাবলগীয়া হৈছিল আৰু নিজৰ পোছাক এৰিবলগীয়া হৈছিল বুলি গোটেই চহৰত ঢক ফুটিছিল আৰু ইয়াৰ পিছৰপৰা তেওঁ হেট আদি য়ুৰোপীয় সাজ পিন্ধি ফুৰিছিল। এই বিলাক কথাত খ্ৰীষ্ট ধৰ্মলৈ মোৰ বিৰাগ জন্মিল। মই তেতিয়া ভাবিলো যে যি ধৰ্মৰ কাৰণে গৰু-মঙহ খাবলগীয়া হয়, নিজৰ সাজ-পোছাক এৰিবলগীয়া হয়, সেই ধৰ্ম লেখত লবলগীয়া নহয়। ইয়াৰ উপৰিও মই শুনিবলৈ পালো যে নতুনকৈ খ্ৰীষ্টান ধৰ্ম লোৱা মানুহজনে পূৰ্বপুৰুষসকলৰ ধৰ্ম, আচাৰ-ব্যৱহাৰ সকলোৰে নিন্দা কৰি ফুৰিছে. এইবিলাক কাৰণেই খ্ৰীষ্টধৰ্মলৈ মোৰ বীতৰাগ হৈছিল।
    • প্ৰথম ভাগ, ১০ম অধ্যায়, ধৰ্ম-জীৱনত ভুমুকি, পৃ ৩১
  • নিৰামিষ আহাৰৰ ধৰ্মসম্পৰ্কীয়, বৈজ্ঞানিক আৰু স্বাস্থ্য-সম্পৰ্কীয় ইত্যাদি বিষয় পুঙ্খানুঙ্খৰূপে লিখা কিছুমান কাকত পঢ়িবলৈ পালো। তেওঁলোকে স্থিৰ কৰিছে যে মানুহ পশুতকৈ শ্ৰেষ্ঠ দেখিয়েই নৈতিক হিচাপে শ্ৰেষ্ঠ জীৱই সিহঁতক ৰক্ষা কৰিব লাগে; মানুহে পৰস্পৰক যিদৰে সহায় কৰে, সেইদৰে পশু আৰু মানুহৰ মাজতো সহায়ৰ আদান-প্ৰদান হোৱা উচিত।
    • প্ৰথম ভাগ, ১৭শ অধ্যায় , আহাৰ সম্বন্ধে পৰীক্ষা, পৃ ৫৩
  • যি তোমাক প্ৰতিজ্ঞা কৰায়, তেওঁৰ অৰ্থকে গ্ৰহণ কৰাটোৱেই নিয়ম।
    • প্ৰথম ভাগ, ১৭শ অধ্যায় , আহাৰ সম্বন্ধে পৰীক্ষা, পৃ ৫৬
  • আন নতুন ধৰ্মত দীক্ষা লওঁতাসকলৰ নিজ ধৰ্মত থাকোতাসকলতকৈও অনুৰাগ বৰ তীব্ৰ হৈ উঠে।
    • প্ৰথম ভাগ, ১৭শ অধ্যায় , আহাৰ সম্বন্ধে পৰীক্ষা, পৃ ৫৬
  • উপাসনা আৰু আৰাধনাই বাস্তৱ আৰু আৰু অন্য কাম অবাস্তৱ বুলিলেও অত্যুক্তি নহ'ব। এনেবিধৰ আৰাধনা বা উপাসনাত বাক্‌শক্তিৰ প্ৰয়োজন নকৰে, কাৰণ ই মুখৰ কথা নহয়। হৃদয়ত ইয়াৰ উৎপত্তি হয়।
    • প্ৰথম ভাগ, ২১শ অধ্যায়, ৰামনামেই নিৰ্বলীৰ বল, পৃ ৬৯
  • স্বাৰ্থপৰতা অন্ধ।
    • দ্বিতীয় ভাগ, ৪ৰ্থ অধ্যায়, প্ৰথম আঘাত, পৃ ৯৩
  • মই কৈছিলো জন্মমতে মই হিন্দু, কিন্তু তথাপি হিন্দু ধৰ্ম সম্পৰ্কে বৰ একো নাজানো, অন্য ধৰ্মৰতো কথাই নাই। বাস্তৱতে ধৰ্ম সম্পৰ্কে মই একোৱেই নাজানো, আৰু মোৰ ধৰ্ম-বিশ্বাস কি, আৰু কিটো হোৱা উচিত তাকো মই একো ক'ব নোৱাৰো। মোৰ নিজৰ ধৰ্ম সম্পৰ্কে পোনতে সাৱধানেৰে পাঠ কৰিবলৈ ইচ্ছা কৰো আৰু তাৰ পাছত অন্যান্য ধৰ্ম সম্পৰ্কেও যি পাৰো পঢ়িম।
    • দ্বিতীয় ভাগ, ১০ম অধ্যায়, প্ৰিটোৰিয়াত প্ৰথম দিন, পৃ ১১৫
  • আইনৰ সজ ব্যৱহাৰ মই শিকিলো। মানৱ চৰিত্ৰৰ শ্ৰেষ্ঠ ফাল বাছি ল'বলৈ আৰু মানুহৰ হিয়াৰ ভিতৰত সোমাবলৈ মই শিকিলো। দুফালে ফাটি যোৱা দুটা দলক, একেলগ কৰাই প্ৰকৃত কৰ্তব্য বুলি মই বুজি পালো। এই শিক্ষা মোৰ হিয়াত ইমান দকৈ বহিল যে কুৰি বছৰীয়া ওকালতিৰ জীৱনত মোকদৰ্মা ভিতৰুৱাকৈ মিটমাট কৰাই দিওঁতেই মোৰ সৰহ সময় গৈছিল। ইয়াৰ বাবে মোৰ একো ক্ষতি হোৱা নাছিল। মোৰ আত্মাকতো হেৰুৱা নাছিলোৱেই আনকি ধনো হেৰুৱা নাই বুলি ক'ব পাৰো।
    • দ্বিতীয় ভাগ, ১৪শ অধ্যায়, মোকদৰ্মা সাজু কৰা, পৃ ১২৯
  • মই সত্যকেই আকোঁৰগোজালিকৈ ধৰাৰপৰা গোটেই জীৱনত এটা শিক্ষা পাইছো, সেইটো হৈছে আপোচ মীমাংসা কৰাৰ গুণ গ্ৰহণ কৰাটো। পাছত মই দেখিছো যে সত্যাগ্ৰহৰ ববে এই ভাব অপৰিহাৰ্য। ইয়াৰ বাবে বহুতো সময়ত মোৰ নিজৰ জীৱন বিপদত পৰিছিল আৰু সময়ে সময়ে বন্ধু-বান্ধৱসকলৰ অসন্তোষভাজন হ'বলগীয়াও হৈছিলো। কিন্তু সত্য বজ্ৰৰ দৰে টান, অথচ ফুলৰ পহিৰ দৰে কোমল।
    • দ্বিতীয় ভাগ, ১৮শ অধ্যায়, বৰ্ণ-বিদ্বেষ, পৃ ১৪২
  • ধাৰ কৰা ধনেৰে ৰাজহুৱা কাম নচলাবলৈ মই আগতেই শিকিছিলো। ধনৰ বাহিৰে আন বিষয়ৰ প্ৰতিজ্ঞাত মানুহক বিশ্বাস কৰিব পাৰি।
    • দ্বিতীয় ভাগ, ১৯শ অধ্যায়, নেটাল ইণ্ডিয়ান কংগ্ৰেছ, পৃ ১৪৫
  • আমাৰ পূজাৰ মন্দিৰবোৰ ইমান অপৰিষ্কাৰ দেখি মই বেজাৰ পালো। যি ঠাইডোখৰ পবিত্ৰ বুলি বিবেচিত হয়, সেই ঠাইডোখৰত স্বাস্থ্যৰ সকলো নিয়ম পলাচো উচিত বুলি আশা কৰিব পাৰি।
    • দ্বিতীয় ভাগ, ২৫তম অধ্যায়, ভাৰতত, পৃ ১৬৩
  • আনন্দ নোপোৱাকৈ সেৱা কৰিলে, সেৱক আৰু সেৱতি কাৰো সহায় নহয়। আনন্দৰ ভাবতে সেৱা কৰিলে ঐহিক সম্পত্তি আৰু সুখ সকলো তুচ্ছ হয়।
    • দ্বিতীয় ভাগ, ২৬তম অধ্যায়, ৰাজভক্তি আৰু শুশ্ৰূষা, পৃ ১৬৭