সমললৈ যাওক

বুঢ়ী আইৰ সাধু

ৱিকিউদ্ধৃতিৰ পৰা
“ভাইও বোলোঁ মই ককাইও বোলো মই,
গাঁৱৰে গৰখীয়া।
হাতো নেমেলিবি, জৰাও নিছিঙিবি,
ঘৰলৈ উভটি যা।”
–তেজীমলা

বুঢ়ী আইৰ সাধু (ইংৰাজী: Burhi Aair Sadhu) হৈছে অসমীয়া ভাষাত ৰচিত শিশু উপযোগী সাধুৰ এক সংকলন। এই কিতাপখন প্ৰথম প্ৰকাশ পাইছিল ১৯১২ চনৰ অক্টোবৰ অথবা নৱেম্বৰ মাহত। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই বহুজনৰপৰা লিখিত ৰূপত সাধু কথাবোৰ সংগ্ৰহ কৰিছিল। এই সাধুকথাবোৰকে "বুঢ়ী আইৰ সাধু" নাম দি সাধু সংকলনৰূপে প্ৰকাশ কৰিছিল। এই কিতাপখন ইংৰাজীলৈ নৃপেন দত্ত বৰুৱাৰ দ্বাৰা "Old Mother's Wise Tales" নামেৰে অনুবাদ কৰা হৈছিল আৰু ভাৰতৰ এলবিএছ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত হৈছিল।[][][]

“হুৰ হুৰ বটা চৰাই
মোৰ ধান নাখাবি তোক দিম গোটে কৰাই।”
–চম্পাৱতী
“কাঁচনী যাবৰে শুনিলোহেঁতেন,
ছকুৰি লগুৱা লগত দিলোহেঁ‌তেন।
কাঁচনী যাবৰে শুনিলোহেঁতেন,
দোলায়ে ঘোঁৰায়ে পঠালোহেঁ‌তেন,
কাঁচনী যাবৰে শুনিলোহেঁতেন,
গিৰীয়েকক শালত নিদিলোহেঁতেন।”
–ৰজা (কাঞ্চনী)
  • হুৰ হুৰ বটা চৰাই
    মোৰ ধান নাখাবি তোক দিম গোটা কৰাই।
  • ধানো খাম চাউলো খাম,
    চম্পাৱতীক বিয়া কৰি ঘৰলৈ যাম।
  • আজি ডাৱৰীয়া বতৰ, মোৰ পিঠা খাবৰ মন গৈছে। তই পিঠা খনচেৰেক ভাজি দিব নোৱাৰনে? আজি ভাত নাখাওঁ বুলিছোঁ। (ফৰিং)
  • নঙলাতে মঙল, এছাৰিতে দেও
    তিনিকুৰি পিঠা খালে নাজানিলে কেও।
  • এক ক’লো লেখি
    এক ক’লো দেখি,
    হা দৈ বোলোত ওলাল হাৰডাল
    এতিয়াহে পৰিল ফৰিঙৰ মৰণৰ কাল।
  • হাতো নেমেলিবি, ফুলো নিছিঙিবি,
    ক’ৰে নাৱৰীয়া তই।
    পাট-কাপোৰৰ লগতে মাহী আই খুন্দিলে,
    তেজীমলাহে মই।
  • ভাইও বোলোঁ মই ককাইও বোলো মই,
    গাঁৱৰে গৰখীয়া।
    হাতো নেমেলিবি, জৰাও নিছিঙিবি,
    ঘৰলৈ উভটি যা।
  • হাতো নেমেলিবি লাউও নিছিঙিবি
    ক’ৰে মগনীয়া তই
    পাট কাপোৰৰ লগতে মাহীআয়ে খুন্দিলে
    তেজীমলাহে মই।

চিলনীৰ জীয়েকৰ সাধু[]

[সম্পাদনা কৰক | উৎস সম্পাদনা]
  • আঁহতৰ পাত লৰে কি চৰে।
    চিলনী আই মোৰ আগতে পৰে।
  • কুটুমে ৰান্ধিলে, কুটুমে বাঢ়িলে, কুটুমক কুটুমে খালে,
    কুটুমৰ তেজেৰে বন্তি জ্বলালে, মজিয়া ভকেভকালে।
  • পানেশৈ পানেশৈ মোৰ আই পানেশৈ
    মোৰ ঘাটে চপাই দে নাও।
    দুহাতে দুমুঠি দি যাম চাৰি মুঠি
    ডিঙিতো পিন্ধাম হাৰ
    খাটলিপীৰাতে বহি ভাত খাবি
    বেটীয়ে ধৰিব আল।
  • কাঁচনী যাবৰে শুনিলোহেঁতেন,
    ছকুৰি লগুৱা লগত দিলোহেঁ‌তেন।
    কাঁচনী যাবৰে শুনিলোহেঁতেন,
    দোলায়ে ঘোঁৰায়ে পঠালোহেঁ‌তেন,
    কাঁচনী যাবৰে শুনিলোহেঁতেন,
    গিৰীয়েকক শালত নিদিলোহেঁতেন।
  1. The Sentinel. প্ৰকাশক: Sentinelassam.com. আহৰণ কৰা হৈছে: 2013-03-15.
  2. The Sentinel. প্ৰকাশক: Sentinelassam.com. আহৰণ কৰা হৈছে: 2013-03-15.
  3. TI Trade (30 July 2012). The Assam Tribune Online. প্ৰকাশক: Assamtribune.com. Archived from the original on 23 November 2012. আহৰণ কৰা হৈছে: 2013-03-15.
  4. ৪.০ ৪.১ ৪.২ ৪.৩ ৪.৪ ৪.৫ ৪.৬ বুঢ়ী আইৰ সাধু. আহৰণ কৰা হৈছে: 11 এপ্ৰিল 2025.
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা:
:s:
:s:
ৱিকিউৎসত সম্বন্ধিত পৃষ্ঠা: