বিকাশ বৰুৱা
অৱয়ব
বিকাশ বৰুৱা হৈছে অসমৰ ব্যংগ সাহিত্যৰ এজন বিশিষ্ট লেখক। সাহিত্য জগতত তেওঁ “বিকাশ মামা” নামেৰে জনাজাত। মৌচাক আলোচনীত ভ্ৰমণ কাহিনী লিখিছিল। ১৯৩১ চনত প্ৰকাশিত বৰদৈচিলা আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক কমলচন্দ্ৰ বৰুৱা আছিল বিকাশ বৰুৱাৰ ককাক। তেওঁৰ আজোককা আৰু মোমায়েক হৈছে ক্ৰম্ৰ লক্ষ্মীনাথ বেজবৰুৱা আৰু বিনন্দচন্দ্ৰ বৰুৱা।[১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মই সকলোৰে মামা। বহুত ল’ৰা-ছোৱালীয়ে মামা কয়। আনকি বিয়া হৈ ল’ৰা-ছোৱালীৰ মাক হোৱা আৰু ল’ৰা-ছোৱালীৰ বিয়া পতাসকলৰ বাবেও মই মামাই। [১]
- মই মানুহ। মোৰ ধৰ্ম মানৱ ধৰ্ম। মা-দেউতাহঁতে মোৰ ধৰ্ম হিন্দু আৰু সম্প্ৰদায় ব্ৰাহ্মণ বুলি কয় যদিও মই নামানো। মই যেতিয়া হিন্দুৱেই নহয় ব্ৰাহ্মণ ক’ৰ পৰা হ’ম। সৰুতে মা-দেউতাক সন্মান জনাই লগুণ লৈছিলোঁ যদিও এতিয়া মোৰ গাত নাই। হয়তো কোনোবা আলমিৰাৰ এচুকত পৰি আছে। [১]
- সচৰাচৰ মানুহে বিশ্বাস কৰা ভগৱানৰ ওপৰত মোৰ বিশ্বাস নাই। কোনো কোনোৰ মতে ভগৱান এক আৰু কোনো কোনোৰ মতে অনেক। মোৰ বাবে মোৰ ভগৱান দুজন। এজন হ’ল মোৰ দেউতা আৰু আনজন হ’ল প্ৰখ্যাত গায়ক মহম্মদ ৰফি। [১]
- মোৰ ভয় নাই। মই কালৈকো আজিলৈকে ভয় কৰা নাই। মোৰ দুটা বস্তুলৈ অত্যন্ত ভয় লাগে। এটা হ’ল ম’হ আৰু আনটো হ’ল জোক। দুয়োটাই লুকাই লুকাই তেজ খায়। [১]
- কোনো এটা বিষয়ৰ ওপৰত মোৰ যেতিয়া খং উঠে আৰু সেয়া ব্যংগ হিচাপে লিখিম বুলি যেতিয়া ভাবোঁ সেই বিষয়টো মই নিজৰ ভিতৰতে পাগুলি থাকোঁ খং মাৰ নোযোৱালৈকে। আৰু খং শেষ হ’লে তোমালোকলৈ আগবঢ়াওঁ। কাৰণ খং মিশ্ৰিত লেখনিয়ে ভাল ব্যংগ সৃষ্টি কৰিব নোৱাৰে। [১]
- কোনো ব্যংগ লেখকে বঁটা নাপায় ৷ কাৰণ আমি সদায় সমাজৰ বিপৰীত দিশে গতি কৰোঁ ৷ সমাজৰ সমস্যাবোৰ আৰু সমাজৰ সভ্য-ভব্যৰ প্ৰকৃত সৰূপ উদঙাওঁ ৷ গতিকে আমাক কিয় বঁটা দিব! নিদিয়ে ৷ আৰু বহুতে ব্যংগ সাহিত্যক বিশুদ্ধ সাহিত্য বুলি গণ্য কৰিব নোখোজে ৷ [১]