সমললৈ যাওক

প্ৰীতিমা কৌশিক বৰুৱা

ৱিকিউদ্ধৃতিৰ পৰা

প্ৰীতিমা কৌশিক বৰুৱা অসমৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা, লেখিকা, তথা সঞ্জীৱন প্ৰকাশনৰ স্বত্বাধিকাৰ। কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শদানৰ ক্ষেত্ৰখনত প্ৰায় ২৮ বছৰ ধৰি জড়িত হৈ থকা প্ৰীতিমা কৌশিক বৰুৱা পূৰ্ণাংগ কেৰিয়াৰ বিষয়ক একমাত্ৰ অসমীয়া আলোচনী 'মাহেকীয়া কেৰিয়াৰ গাইড'ৰ[১] সম্পাদক-প্ৰকাশক। ২০০৪ চনৰ পৰা এই আলোচনীখন প্ৰকাশ হৈ আহিছে। তেওঁৰ কেইখনমান গ্ৰন্থ হৈছে, বিজ্ঞানৰ বিচিত্ৰ বতৰা, কেৰিয়াৰ গাইড, সফলতাৰ সোপান আদি।[২] [৩]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

বিজ্ঞানৰ বিচিত্ৰ বতৰা[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰা মানুহে বিভিন্ন স্তৰত, বিভিন্ন পৰিৱেশত বিজ্ঞানৰ লগত জ্ঞাতে-অজ্ঞাতে পৰিচিত হৈ আহিছে; লগে লগে মানুহে আৱিষ্কাৰ কৰিছে ন ন সত্য, ন ন বিস্ময়।[২]
  2. সত্যৰ সন্ধানত ব্ৰতী মানুহে বিভিন্ন প্ৰয়োজন আৰু পৰিস্থিতিৰ তাগিদাত যিদৰে আধুনিক বিজ্ঞান সমৃদ্ধ কৰি তুলিছে, তেনেদৰে জ্ঞানান্বেষী মানুহে উদ্ধাৰ কৰিছে বৈচিত্ৰ্যময় প্ৰকৃতিৰ বিভিন্ন বিচিত্ৰ সংবাদ। সৌৰজগত, জীৱজগত, মানৱ শৰীৰ আৰু আধুনিক বিজ্ঞান, এই সকলোতেই মানুহে বিবিধ বিচিত্ৰ বাতৰি উদ্ধাৰ আৰু আৱিষ্কাৰ কৰিয়েই আছে।[২]
  3. বিজ্ঞানৰ কাৰিকৰী দিশটোৱেই হৈছে প্ৰযুক্তিবিদ্যা। চকাৰ আৱিষ্কাৰৰ পৰা আৰম্ভ কৰি আধুনিক ছুপাৰ কম্পিউটাৰলৈকে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ইতিহাস নানান চাঞ্চল্যকৰ তথ্যৰে ভৰপূৰ।[২]
  4. বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মূল উদ্দেশ্য হ’ল সকলোৰে বাবে উন্নত আৰ্থ-সামাজিক বুনিয়াদ গঢ়ি তোলা।[২]
  5. সাম্প্ৰতিক কালত মানুহৰ থকা-খোৱা, পিন্ধা-উৰা আদি প্ৰতিটো ক্ষেত্ৰতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই অভূতপূৰ্ব পৰিৱৰ্তন আনি দিছে, আন কথাত মানৱ সমাজৰ দৈনন্দিন জীৱন-যাত্ৰা আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই নিয়ন্ত্ৰণ কৰিছে।[২]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. শান্তনু কৌশিক বৰুৱা (জুন ২০১৮). "আশীৰ পৰৱৰ্তী অসমীয়া আলোচনী : এক অসম্পূৰ্ণ আলোচনা". ফটাঢোল. 
  2. ২.০ ২.১ ২.২ ২.৩ ২.৪ ২.৫ বৰুৱা, প্ৰীতিমা কৌশিক (১৯৯৫)। বিজ্ঞানৰ বিচিত্ৰ বতৰা। বাণী মন্দিৰ। ISBN: 81-7206-060-2
  3. প্ৰীতিমা কৌশিক বৰুৱা (ছেপ্টেম্বৰ, ২০১৮)। সফলতাৰ সোপান। সঞ্জীৱন প্ৰকাশন, পৃষ্ঠা:Last page।