সমললৈ যাওক

বিজ্ঞানৰ বিচিত্ৰ বতৰা

ৱিকিউদ্ধৃতিৰ পৰা

বিজ্ঞানৰ বিচিত্ৰ বতৰা হৈছে প্ৰীতিমা কৌশিক বৰুৱাই অসমীয়া ভাষাত ৰচনা কৰা এখন প্ৰবন্ধমূলক বিজ্ঞানভিত্তিক পুথি।[১]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰা মানুহে বিভিন্ন স্তৰত, বিভিন্ন পৰিৱেশত বিজ্ঞানৰ লগত জ্ঞাতে-অজ্ঞাতে পৰিচিত হৈ আহিছে; লগে লগে মানুহে আৱিষ্কাৰ কৰিছে ন ন সত্য, ন ন বিস্ময়।[১]
  2. সত্যৰ সন্ধানত ব্ৰতী মানুহে বিভিন্ন প্ৰয়োজন আৰু পৰিস্থিতিৰ তাগিদাত যিদৰে আধুনিক বিজ্ঞান সমৃদ্ধ কৰি তুলিছে, তেনেদৰে জ্ঞানান্বেষী মানুহে উদ্ধাৰ কৰিছে বৈচিত্ৰ্যময় প্ৰকৃতিৰ বিভিন্ন বিচিত্ৰ সংবাদ। সৌৰজগত, জীৱজগত, মানৱ শৰীৰ আৰু আধুনিক বিজ্ঞান, এই সকলোতেই মানুহে বিবিধ বিচিত্ৰ বাতৰি উদ্ধাৰ আৰু আৱিষ্কাৰ কৰিয়েই আছে।[১]
  3. বিজ্ঞানৰ কাৰিকৰী দিশটোৱেই হৈছে প্ৰযুক্তিবিদ্যা। চকাৰ আৱিষ্কাৰৰ পৰা আৰম্ভ কৰি আধুনিক ছুপাৰ কম্পিউটাৰলৈকে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ইতিহাস নানান চাঞ্চল্যকৰ তথ্যৰে ভৰপূৰ।[১]
  4. বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মূল উদ্দেশ্য হ’ল সকলোৰে বাবে উন্নত আৰ্থ-সামাজিক বুনিয়াদ গঢ়ি তোলা।[১]
  5. সাম্প্ৰতিক কালত মানুহৰ থকা-খোৱা, পিন্ধা-উৰা আদি প্ৰতিটো ক্ষেত্ৰতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই অভূতপূৰ্ব পৰিৱৰ্তন আনি দিছে, আন কথাত মানৱ সমাজৰ দৈনন্দিন জীৱন-যাত্ৰা আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই নিয়ন্ত্ৰণ কৰিছে।[১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ বৰুৱা, প্ৰীতিমা কৌশিক (১৯৯৫)। বিজ্ঞানৰ বিচিত্ৰ বতৰা। বাণী মন্দিৰ। ISBN: 81-7206-060-2