প্ৰহ্লাদ কুমাৰ বৰুৱা

ৱিকিউদ্ধৃতিৰ পৰা

ড° প্ৰহ্লাদ কুমাৰ বৰুৱা (ইংৰাজী: Dr Prahlaad Kumar Baruah; ২৮ ফেব্ৰুৱাৰী ১৯৪৪ - ২৪ আগষ্ট ২০১১) হৈছে অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সমালোচক।[১] ১৯৪৪ চনৰ ২৮ ফেব্ৰুৱাৰীত[২] শিৱসাগৰ জিলাত জন্মলাভ কৰা বৰুৱা পিছলৈ ১৯৭১ চনৰ পৰা ডিব্ৰুগড়ৰ ৰূপনগৰৰ বাসিন্দা হয়। স্নাতক পৰীক্ষা দিয়েই তিনিখনকৈ শিক্ষানুষ্ঠানত দুবছৰ শিক্ষকতা কৰি পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী অৰ্জন কৰিছিল। বিদ্যালয়,মহাবিদ্যালয়,বিশ্ববিদ্যালয় সকলো পৰ্যায়ৰ শিক্ষানুষ্ঠানতে শিক্ষকতা কৰা প্ৰহ্লাদ কুমাৰ বৰুৱাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপকৰূপে ২০০৭ চনত অৱসৰ গ্ৰহণ কৰিছিল।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

জীৱন কলা[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • বিবেকবোধ দুৰ্বল হ’লেই মানুহে অশালীন কাৰ্যত লিপ্ত হ’ব পাৰে৷ বিশেষকৈ বিবেকবোধ অস্থিৰ হৈ পৰে যৌৱন কালত৷ যৌৱনৰ দৈহিক শক্তিয়ে যুৱক-যুৱতীক সাধাৰণতে অন্ধ কৰি তোলে৷[৩]
  • যি কৰ্তব্যৰপৰা আঁতৰি থাকে, তেওঁ প্ৰাপ্তিৰ পৰাও বঞ্চিত হয়৷[৩]
  • নিজে নিষ্কৰ্মা হৈ আনৰ ওচৰত আত্মসমৰ্পন কৰা মানুহে জীৱনক সুখী কৰি তোলা কথাষাৰ সপোন দেখিবও নোৱাৰে৷[৩]
  • দুৰ্বল মন চয়তানৰ বাসভূমি৷[৩]
  • যাৰ মন নিৰন্তৰ সৎ চিন্তা, সৎ কৰ্ম আৰু সৃষ্টিধৰ্মী চিন্তা-চৰ্চাত নিমগ্ন হৈ থাকে, তেনে মানুহৰ জীৱন সৌন্দৰ্যশালী হৈ উঠে৷[৩]
  • কেতিয়াবা ধুমুহাই গছৰ ডালৰ গুটি উৰুৱাই নি সাৰুৱা মাটিত পেলাই দিয়াৰ নিচিনাকৈ সংঘাতে মানুহক কেতিয়াবা ভালত হে পেলায়গৈ৷[৩]

জীৱনে মোক কি দিলে[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • জীৱন যিমানেই যন্ত্ৰণাজৰ্জৰ নহওক লাগিলে, মানুহে জীৱনৰ প্ৰতি মোহ এৰিব নোখোজে আৰু জীৱন যন্ত্ৰণাময় হ'লেও মানুহে যুঁজ কৰে মৃত্যুৰ বিৰুদ্ধে।[৪]
  • জীৱন কেৱল দুখৰে নহয়, ডাৱৰৰ ফাঁকেদি অলপ সময়ৰ বাবে হ'লেও বেলিয়ে ভুমুকিয়াই পোহৰ বিলোৱাৰ দৰে সুখ আৰু শান্তিয়ে মানুহৰ জীৱনত অকণ শান্তিৰ জোনাক ছটিয়াই জীৱনক মৰুৰ মাজৰ শান্তিৰ মাজুলী কৰি তোলে। [৫]
  • জনপ্ৰিয়তা ধ্বংসৰ কাৰণ হ'ব পাৰেনে নোৱাৰে, সেইটো নিৰ্ভৰ কৰে জনপ্ৰিয়তাক গ্ৰহণ কৰাৰ স্বৰূপটোৰ ওপৰত।[৬]
  • ক্ষমতালিপ্সাই মানুহক ক্ৰমশঃ ব্যক্তিকেন্দ্ৰী কৰি তোলে আৰু ব্যক্তিকেন্দ্ৰিকতাই মানুহক সমাজ জীৱনৰ পৰা আৰু জনহৃদয়ৰ পৰা বিচ্ছিন্ন কৰি ঘৃণাৰ পাত্ৰলৈ ৰূপান্তৰ কৰে। [৭]
  • মুখেৰে নিজৰ নীতিবোধৰ কথা দৃঢ়তাৰে কৈ কামত নীচতা প্ৰদৰ্শন কৰা মানুহ সমাজৰ দৃষ্টিত ঘৃণনীয় হৈ পৰে।[৮]
  • সেই শ্ৰেণী মানুহৰ জনপ্ৰিয়তা স্থায়ী, যিটো শ্ৰেণীয়ে জনপ্ৰিয় হ'বৰ বাবে নানা প্ৰকাৰ কৌশলেৰে জনপ্ৰিয়তা অৰ্জন কৰাৰ কথা নাভাবে। জনপ্ৰিয় হোৱাৰ আকাংক্ষা নকৰি কেৱল মাত্ৰ কল্যাণজনক কৰ্মৰে নিৰন্তৰ কৰ্ম কৰিলেই জনপ্ৰিয়তা জীৱনলৈ আপোনা-আপুনি আহে।[৯]
  • যিকোনো প্ৰকাৰৰ সৎ কৰ্ম কৰিলে জনপ্ৰিয়তা আহিবই। এনে জনপ্ৰিয়তা লাগে নহ'লে জীৱনটো নিৰস হ'ব। সৎকৰ্মৰ দ্বাৰা আৰ্জিত জনপ্ৰিয়তাই যাতে মানুহক উন্মাদ কৰিব নোৱাৰে আৰু জনপ্ৰিয়তাৰ বাবে জনপ্ৰিয় হোৱা উন্মাদনাই যাতে বিবেক বুদ্ধিক বিভ্ৰান্ত কৰিব নোৱাৰে তাৰে প্ৰতি সচেতন হোৱা উচিত।[১০]
  • দৰাচলতে সততা, সাধুতা, দয়া, ক্ষমা, পৰোপকাৰ আৰু প্ৰেমেৰে কৰা কাৰ্যই জীৱনৰ আদৰ্শ।[১১]
  • লোভ, মোহ আদি যিদৰে মানুহৰ মৌলিক অনুভূতি; সেইদৰে হতাশাও মানুহৰ মৌলিক অনুভূতি। [১২]
  • সাধাৰণ শ্ৰেণীৰ মানুহৰ জীৱনলৈ দুখ আহে নিজৰ বুদ্ধিহীনতাৰ বাবে আৰু কেতিয়াবা দুখ আহে নিজৰ অকৰ্মণ্যতাৰ বাবে।[১৩]
  • জীৱন সংঘাতময় বুলি গভীৰভাৱে হৃদয়ংগম কৰিব পাৰিলেহে দুখ-যন্ত্ৰণাৰে ভৰা জীৱনকো মধুময় ৰূপত উপভোগ্য কৰি তুলিব পৰা যায়।[১৪]
  • জীৱনৰ লক্ষ্যত উপনীত হ'বৰ বাবেই হওক বা জীয়াই থাকিবৰ বাবেই হওক আমি নিৰন্তৰ কৰ্মময় জীৱন যাপন কৰিব লাগিব। [১৫]
  • সহজ প্ৰাপ্তিৰ যি আনন্দ, কৰ্ম কৰি কৰি, বিফল হৈ হৈ যি প্ৰাপ্তি ঘটে; সেই প্ৰাপ্তিৰ আনন্দ তাতকৈ বহুত বেছি।[১৬]
  • কওঁ কওঁ লগা বহু কথাই জীৱনত ক'ব পৰা নাযায়। আচলতে জনা যায়। ক'ব পৰা নাযায়। ক'ব নোৱৰা এনে বহু কথাই সময়ত মধুৰ স্মৃতি হৈ জীৱনক ৰঙায় আৰু বহু সময়ত ক'ব নোৱৰা এনে বহু কথাই জীৱনক বোবা যন্ত্ৰণাত ভোগায়।[১৭]
  • জীৱনৰ কণ্টকাকীৰ্ণ পথত আগুৱাই যাওঁতে জীৱনক সংঘাতৰ কাঁইটৰ আঁচোৰত ৰক্তাক্ত কৰি হ'লেও মানুহে জীৱনৰ স্বপ্নময় সুখ আৰু শান্তিৰ আকাংক্ষা কৰে।[১৮]
  • মানুহৰ প্ৰেম কেৱল মানুহৰ মাজতেই আৱদ্ধ হৈ থাকে এনে নহয়। মানুহৰ প্ৰেম সামৰি লয় প্ৰকৃতি জগতখনক আৰু বহুলভাৱে পৃথিৱীখনক। [১৯]
  • মানুহৰ জীৱন যদি মহামূল্যৱান সম্পদ; তেনেহ'লে যৌৱন মানুহৰ জীৱনৰ সৰ্বোত্তম ঐশ্বৰ্য।[২০]
  • মানুহে চিন্তা কৰি নাচাব পাৰে, কিন্তু জীৱনৰ বিভিন্ন স্তৰত মানুহে নিজকে বিভিন্ন প্ৰকাৰে প্ৰৱঞ্চনা কৰে।[২১]
  • শিশুসুলভ চঞ্চলতাই জীৱনক সহজে গ্ৰহণ কৰিবলৈ শিকায় আৰু শৈশৱৰ চপলতাৰ বাবেই মানুহৰ জীৱন যে কৰ্মময় হ'ব লাগে এইষাৰ কথা শিশুমনে উপলব্ধি কৰিব নোৱাৰে। [২১]

উত্‍স[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. মৌচম গগৈ (২০০৬)। সোণালী শইচৰ ছেঁই ড° প্ৰহ্লাদ কুমাৰ বৰুৱা। শ্ৰী নৱ কলিতা,কিৰণ প্ৰকাশন।
  2. "সাহিত্যিক-সমালোচক-শিক্ষাবিদ প্ৰহ্লাদ কুমাৰ বৰুৱাৰ শেষকৃত্য সম্পন্ন", অসমীয়া প্ৰতিদিন, ২৬ আগষ্ট,২০১১. আহৰণ কৰা হৈছে 4 June 2021.
  3. ৩.০ ৩.১ ৩.২ ৩.৩ ৩.৪ ৩.৫ (২০০৯) জীৱন কলা। বনলতা,, পৃষ্ঠা:১।
  4. প্ৰহ্লাদ কুমাৰ বৰুৱা (২০১২)। জীৱনে মোক কি দিলে। বনলতা, পৃষ্ঠা:১।
  5. প্ৰহ্লাদ কুমাৰ বৰুৱা (২০১২)। জীৱনে মোক কি দিলে। বনলতা, পৃষ্ঠা:২।
  6. প্ৰহ্লাদ কুমাৰ বৰুৱা (২০১২)। জীৱনে মোক কি দিলে। বনলতা, পৃষ্ঠা:৩১।
  7. প্ৰহ্লাদ কুমাৰ বৰুৱা (২০১২)। জীৱনে মোক কি দিলে। বনলতা, পৃষ্ঠা:৩২।
  8. প্ৰহ্লাদ কুমাৰ বৰুৱা (২০১২)। জীৱনে মোক কি দিলে। বনলতা, পৃষ্ঠা:৩৩।
  9. প্ৰহ্লাদ কুমাৰ বৰুৱা (২০১২)। জীৱনে মোক কি দিলে। বনলতা, পৃষ্ঠা:৩৪।
  10. প্ৰহ্লাদ কুমাৰ বৰুৱা (২০১২)। জীৱনে মোক কি দিলে। বনলতা, পৃষ্ঠা:৩৫।
  11. প্ৰহ্লাদ কুমাৰ বৰুৱা (২০১২)। জীৱনে মোক কি দিলে। বনলতা, পৃষ্ঠা:৩৬।
  12. প্ৰহ্লাদ কুমাৰ বৰুৱা (২০১২)। জীৱনে মোক কি দিলে। বনলতা, পৃষ্ঠা:৪২।
  13. প্ৰহ্লাদ কুমাৰ বৰুৱা (২০১২)। জীৱনে মোক কি দিলে। বনলতা, পৃষ্ঠা:৪৪।
  14. প্ৰহ্লাদ কুমাৰ বৰুৱা (২০১২)। জীৱনে মোক কি দিলে। বনলতা, পৃষ্ঠা:৪৫।
  15. প্ৰহ্লাদ কুমাৰ বৰুৱা (২০১২)। জীৱনে মোক কি দিলে। বনলতা, পৃষ্ঠা:৪৬।
  16. প্ৰহ্লাদ কুমাৰ বৰুৱা (২০১২)। জীৱনে মোক কি দিলে। বনলতা, পৃষ্ঠা:৪৭।
  17. প্ৰহ্লাদ কুমাৰ বৰুৱা (২০১২)। জীৱনে মোক কি দিলে। বনলতা, পৃষ্ঠা:৫১।
  18. প্ৰহ্লাদ কুমাৰ বৰুৱা (২০১২)। জীৱনে মোক কি দিলে। বনলতা, পৃষ্ঠা:৫৬।
  19. প্ৰহ্লাদ কুমাৰ বৰুৱা (২০১২)। জীৱনে মোক কি দিলে। বনলতা, পৃষ্ঠা:৫৭।
  20. প্ৰহ্লাদ কুমাৰ বৰুৱা (২০১২)। জীৱনে মোক কি দিলে। বনলতা, পৃষ্ঠা:৬৫।
  21. ২১.০ ২১.১ প্ৰহ্লাদ কুমাৰ বৰুৱা (২০১২)। জীৱনে মোক কি দিলে। বনলতা, পৃষ্ঠা:৭৫।

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]