জীৱন কলা
অৱয়ব
জীৱন কলা হৈছে প্ৰহ্লাদ কুমাৰ বৰুৱাই অসমীয়া ভাষাত ৰচনা কৰা এখন প্ৰবন্ধমূলক গ্ৰন্থ।[১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- বিবেকবোধ দুৰ্বল হ’লেই মানুহে অশালীন কাৰ্যত লিপ্ত হ’ব পাৰে৷ বিশেষকৈ বিবেকবোধ অস্থিৰ হৈ পৰে যৌৱন কালত৷ যৌৱনৰ দৈহিক শক্তিয়ে যুৱক-যুৱতীক সাধাৰণতে অন্ধ কৰি তোলে৷
- যি কৰ্তব্যৰপৰা আঁতৰি থাকে, তেওঁ প্ৰাপ্তিৰ পৰাও বঞ্চিত হয়৷[১]
- নিজে নিষ্কৰ্মা হৈ আনৰ ওচৰত আত্মসমৰ্পন কৰা মানুহে জীৱনক সুখী কৰি তোলা কথাষাৰ সপোন দেখিবও নোৱাৰে৷[১]
- দুৰ্বল মন চয়তানৰ বাসভূমি৷[১]
- যাৰ মন নিৰন্তৰ সৎ চিন্তা, সৎ কৰ্ম আৰু সৃষ্টিধৰ্মী চিন্তা-চৰ্চাত নিমগ্ন হৈ থাকে, তেনে মানুহৰ জীৱন সৌন্দৰ্যশালী হৈ উঠে৷[১]
- কেতিয়াবা ধুমুহাই গছৰ ডালৰ গুটি উৰুৱাই নি সাৰুৱা মাটিত পেলাই দিয়াৰ নিচিনাকৈ সংঘাতে মানুহক কেতিয়াবা ভালত হে পেলায়গৈ৷[১]