সমললৈ যাওক

প্ৰতিমা বৰুৱা পাণ্ডে

ৱিকিউদ্ধৃতিৰ পৰা

প্ৰতিমা বৰুৱা পাণ্ডে (৩ অক্টোবৰ ১৯৩৫ — ২৭ ডিচেম্বৰ ২০০২) অসমৰ এগৰাকী লোক-সংগীতৰ শিল্পী।[১] তেওঁ ধুবুৰীৰ গৌৰীপুৰীয়া ৰাজপৰিয়ালৰ জীয়ৰী আছিল। ১৯৫৬ চনত ড॰ ভূপেন হাজৰিকাৰ "এৰা বাটৰ সুৰ" চলচ্চিত্ৰত দুটা গীতত কণ্ঠদানেৰে তেখেতে সংগীতৰ জগতত খোজ পেলায়।[২] গোৱালপৰীয়া লোকগীতলৈ অৱদানৰ বাবে তেখেতে পদ্মশ্ৰী বঁটা আৰু ১৯৮৮ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।[১]

  • এটি জীৱনে যিখিনি দিব পাৰে তাতকৈ বহুগুণে বেছিকৈ দি গৈছে প্ৰতিমা। জীৱনৰ প্ৰতিটো খোজতে লোকগীতেৰে ওপচাই তুলি মৃত্যুৰ পিনে আগুৱালে তেওঁ… ৰাখি গ’ল এক সুবিশাল ভৰাল। গোৱালপৰীয়া লোকগীতিক বিশ্বৰ দৰবাৰত লৈ যাবলৈ মনপ্ৰাণ ঢালি দিছিলে তেওঁ। গাৰ্হস্থ্য জীৱনৰ কথা চিন্তা কৰা নাই কেতিয়াও, সৌখিনতাক লৈও নহয়। সাধাৰণ সাজপাৰ, অথচ কি অসাধাৰণ ব্যক্তিত্ব, সৌন্দৰ্য।
    • ভূপেন হাজৰিকা[৩]
  1. ১.০ ১.১ Legendary folk singer Pratima B Pandey dies. প্ৰকাশক: The Times of India, Dec 27, 2002. Archived from the original on 2012-03-15. আহৰণ কৰা হৈছে: ২৬ ডিচেম্বৰ, ২০১১.
  2. Pratima Barua Pandey. প্ৰকাশক: Enajori.com. Archived from the original on 2013-04-10. আহৰণ কৰা হৈছে: ২৬ ডিচেম্বৰ, ২০১১.
  3. গোৱালপৰীয়া লোকগীতেৰে সুবিশাল... আহৰণ কৰা হৈছে: 26 এপ্ৰিল 2024.