সমললৈ যাওক

পীয়েৰ-ছাইমন লাপলাছ

ৱিকিউদ্ধৃতিৰ পৰা
পীয়েৰ-ছাইমন লাপলাছৰ প্ৰতিকৃতি

পীয়েৰ-ছাইমন লাপলাছ (ইংৰাজী: Pierre-Simon Laplace; ২৩ মাৰ্চ, ১৭৪৯ – ৫ মাৰ্চ, ১৮২৭) এগৰাকী ফৰাচী গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী, লাপলাছ ৰূপান্তৰণ আৰু লাপলাছ সমীকৰণৰ আৱিষ্কাৰক।

  • এজন অত্যন্ত মেধাবী আৰু অত্যন্ত পৰিশ্ৰমী গণিতজ্ঞক যদি সৃষ্টিৰ আৰম্ভণিৰ অৱস্থাটোৰ সঠিক বিৱৰণ দিব পৰা যায়, তেন্তে জগতখনৰ পৰৱৰ্তী সমগ্ৰ ইতিহাস তেওঁ গণনা কৰি উলিয়াব পাৰিব; তেওঁৰ বাবে একো কথাই অনিশ্চিত হৈ নাথাকে, ভূত আৰু ভৱিষ্যত তেওঁ বৰ্তমানৰ দৰে ফট্‌ফটীয়াকৈ দেখা পাব।[১]
  • প্ৰকৃতিৰ সকলো প্ৰভাৱ মাত্ৰ কম সংখ্যক অপৰিৱৰ্তনীয় নিয়মৰ গাণিতিক পৰিণতিহে।[২]
  • আমি যি জানো সেয়া বেছি নহয়। আমি যি নাজানো সেয়া অপৰিসীম।[৩]
  • অইলাৰ পঢ়ক, অইলাৰ পঢ়ক, তেওঁ আমাৰ সকলোৰে মালিক।[৪]
  • অনুকলনৰ অসুবিধাবোৰ দেখি প্ৰকৃতিয়ে হাঁহে।[৫]
  1. ↑ বৰ্মন, শিৱনাথ (১৯৭৬)। আইনষ্টাইন আৰু পদাৰ্থ জগত। গুৱাহাটী। অসম প্ৰকাশন পৰিষদ।
  2. ↑ J J O'Connor and E F Robertson, Quotations by Pierre-Simon Laplace, MacTutor History of Mathematics, (University of St Andrews, Scotland, December 2013)
  3. ↑ Augustus De Morgan, Budget of Paradoxes (1866)
  4. ↑ Journal des Savants, January 1846, p. 51
  5. ↑ I. Gordon, S. Sorkin; The Armchair Science Reader, New York, 1959