সমললৈ যাওক

পিতা-পুত্ৰ (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা

পিতা-পুত্ৰ হোমেন বৰগোহাঞিৰ দ্বাৰা ৰচিত এখন আত্মজীৱনীমূলক উপন্যাস। কিতাপখন প্ৰথম প্ৰকাশ হৈছিল ১৯৭৫ চনত আৰু এই উপন্যাসখনে সাহিত্য অকাডেমীৰ বঁটা লাভ কৰে ১৯৭৮ চনত।

  1. ম'হঘূলি গাঁৱত বাতৰি-কাকত লোৱা মানুহ এজনো নাছিল। গাঁওখনত লিখা-পঢ়া জনা মানুহ যে একেবাৰে নাছিল এনে নহয়;কিন্তু আটাইবোৰেই হালোৱা-চহোৱা মানুহ,বাতৰি-কাকত পঢ়িবলৈ কাৰো সময় নাই। অৱেশ্য শিৱনাথ ফুকনৰ কথা সুকীয়া। তেওঁ এজন সৰু-সুৰা জমিদাৰ।[]
  2. ঋতুৰ পৰিৱৰ্তনৰ বাহিৰে এই গাঁওত সহজে আন কোনো পৰিৱৰ্তন চকুত নপৰে। []
  3. শিৱনাথৰ ঘৈণীয়েকে ভাত লৈ ওলাই আহিল। বানকাঁহীত নল-চিটিকি চাউলৰ ভাত,বানবাটিত মগুমাহৰ আঞ্জা,কাঁহীৰ কাষত আলু আৰু ৰঙালাও ভজা,এখন প্লেটত খৰুৱা বেঙেনা আৰু পকাতেলৰ পিটিকা।[]
  4. ম'হঘুলি অঞ্চলৰ কুৰি-পঁচিছখন গাঁৱৰ মানুহে জানে যে শিৱনাথৰ মুখৰ কথা হ'ল শিলৰ ৰেখা।[]
  5. ডাৱৰৰ বুকু ফালি হঠাৎ এজাক চোকা ৰ'দ ওলাই আহিল। চকুত ধৰাত শিৱনাথে চকু দুটা মুদি দিলে আৰু কিছুসময় একো নাভাবিবলৈ চেষ্টা কৰিলে। []
  6. শিৱনাথৰ মনত আছে-তেওঁ সৰু হৈ থাকোঁতে এদিন কৈৱৰ্ত গাঁৱৰ সৰু ল'ৰা এটা আহি শুকাবলৈ দিয়া উখোৱা ধানৰ ওচৰত থিয় হোৱাৰ কাৰণে শিৱনাথৰ মাকে গোটেই ধানখিনি পেলাই দিছিল আৰু ল'ৰাটোক অকথ্য ভাষাৰে গালি পাৰিছিল।[]
  7. সকলো মানুহৰে সকলো ইন্দ্ৰিয় সমানে শক্তিশালী বা সংবেদনশীল নহয়। কোনোবা মানুহৰ দৃষ্টিশক্তি বেছি সূক্ষ্ম আৰু স্পৰ্শকাতৰ; তেনে মানুহক দৃশ্য-সৌন্দৰ্য্যই বেছিকৈ মুগ্ধ বা প্ৰভাৱিত কৰে। আন কিছুমানৰ শ্ৰৱণ-শক্তি বেছি সজাগ; কৰ্ণ-পথে দিয়েই পৃথিৱীৰ সৰহভাগ সৌন্দৰ্য্য বা মাধুৰ্য্যই তেওঁলোকৰ ইন্দ্ৰ চেতনাত প্ৰবেশ কৰে। কিন্তু কিছুমান মানুহ আছে- যিসকল ঘাইকৈ গন্ধ বিলাসী। ঘাইকৈ নাকৰ সহায়ৰেই তেওঁলোকে জীৱনটোক অনুভব কৰে। []
  8. যি মানুহে যিমানেই জনতাৰ অন্তৰৰ কথা বুজি পায়, তেওঁ সিমানেই ডাঙৰ আৰু জনপ্ৰিয় নেতা হয়। ভাৰতৰ হৃদয়-সিংহাসনত ঠাই পোৱা জৱাহৰলালে ভাৰতীয় ৰাইজৰ মৰ্মবেদনা বুজি পাইছে। সেইকাৰণে তেওঁ আগতেই ঘোষণা কৰি থৈছে যে ক্ষমতা পালেই তেওঁ লাভখোৰ আৰু চোৰাংকাৰবাৰিক চৰম শাস্তি দিব।[]
  9. এই কথা যদি তোমাৰ মুখেদি বাহিৰত ওলায়, তেন্তে কিন্তু তোমাৰ গাত গো-বধ মাতৃ-বধ ব্ৰক্ষ্ম-বধ পাপ লাগিব। সংসাৰত কেৱল গৰু-গাহৰিৰ দৰে ঢাঁহি-মুহি খাই জীয়াই থকাটোৱেই একমাত্ৰ জীৱন নহয়।[]
  10. প্ৰত্যেকৰে জীৱনত এবাৰ নহয় এবাৰ এনে একোটা আদৰ্শৰ আহ্বান আহে,-কেতিয়াবা সি ঈশ্বৰৰ, কেতিয়াবা সংগ্ৰামৰ, কেতিয়াবা বৈৰাগ্যৰ, কেতিয়াবা সৃষ্টিৰ বা ধ্বংসৰ;-কোনোবাই সেই আহ্বান কাণ পাতি শুনি ঘৰ এৰি ওলাই আহে, কোনোবাই শুনিও নুশুনাৰ ভাও জোৰে, কাৰোবাৰ আকৌ সংসাৰৰ হট্টগোলত সেই আহ্বান ভালকৈ কাণতেই নপৰে।[১০]
  11. সুদীৰ্ঘ তেইছ বছৰ কাল ইজনে সিজনৰ কায়ৰ ছায়া আৰু ধ্বনিৰ প্ৰতিধ্বনি ৰূপে বিবাহিত জীৱন কটাই এতিয়া বেছিভাগ সময়তে তেওঁলোকে কথা পাতিবৰ প্ৰয়োজন অনুভৱ নকৰে। তেওঁলোকে জানে যে মুখেৰে একো নক’লেও কিবা এটা উপায়ৰে তেওঁলোকৰ মনৰ যোগাযোগ হৈয়েই থাকে, কোনো সময়তে সি বিচ্ছিন্ন নহয়।[১১]
  12. শিৱনাথ যেতিয়া সৰু আছিল, সেই সময়ত মহ ঘুলিৰ আশে-পাশে থকা মিৰি, কছাৰী, কৈৱৰ্ত আৰু আহোম গাঁওবোৰত ডেকা-গাভৰুৱে লগ লাগি পথাৰত বিহু কৰাৰ নিয়ম প্ৰচলিত আছিল। বাৰিষাৰ আৰম্ভণিৰ লগে লগেই গ্ৰীষ্মৰ ৰৌদ্ৰ দগ্ধ আকাশৰ একোণত হঠাতে এদিন মেঘৰ চাপৰ পৰাৰ দৰে চ ত সোমাল কি নোসোমাল- হঠাৎ এদিন কোনোবা এখন গাঁৱত কোনোবা এটা বিহু বলিয়া ডেকাই নতুনকৈ ছোৱাই অনা ঢোলত চাপৰ মাৰি উঠে, আৰু কোবাল বতাহত বনজুই বিয়পি পৰাৰ দৰে মুহূৰ্ততে সেই ঢোলৰ ছেৱৰ উন্মাদনা চাৰিওফালে সিচৰিত হৈ পৰে। চাপৰিৰ পৰা দুমোণীয়া সৰিয়হৰ ভাৰ কান্ধত লৈ চকুৰে সৰিয়হ ফুল দেখি ঘৰলৈ আগবাঢ়া ডেকাজন সেই ডোলৰ মাত শুনি হঠাতে থমকি ৰৈ যায়, মুহূৰ্ততে সকলো দুখ-ভাগৰ পাহৰি বাকী-ডোখৰ বাট নাচি নাচি গৈ থাকে।[১২]
  13. সম্ভোগে বাসনাক কেতিয়াও তৃপ্ত কৰিব নোৱাৰে। ঘিউৱে হোমাগ্নিৰ জুই বেছিকৈ জ্বলাইহে তোলে, তেনেকৈ সম্ভোগেও বাসনা বঢ়াইহে তোলে। সমস্ত পৃথিৱী, পৃথিৱীৰ সমস্ত ধন-সোণ, পশু, তিৰোতা- এই গোটেইবোৰ তুমি অধিকাৰ কৰা আৰু ভোগ কৰা; দেখিবা, তেতিয়াও তোমাৰ ভোগৰ আকাংক্ষা তৃপ্ত হোৱা নাই। মানুহে যেতিয়া একোৰে প্ৰতি আকাংক্ষা নকৰে, তেতিয়াহে তেওঁ ব্ৰক্ষ্মৰ দৰে শুদ্ধ আৰু পবিত্ৰ হয়।[১৩]
  14. দেউতা, সমাজত বাস কৰিলে সমাজৰ কিছু খবৰ ৰাখিব লাগে। তুমি তোমাৰ চাৰিওফালে অভিজাত্যৰ ওখ দেৱাল এখন থিয় কৰাই লৈ নিজৰ জগতখনত অকলে বাস কৰা; তোমাৰ চাৰিওফালে প্ৰতি মুহূৰ্ততে কি ঘটিব ধৰিছে তাৰ একো খবৰ নাৰাখা। তুমি জীৱনত আৰু বহুত আঘাত পাবা।[১৪]
  15. য়েতিয়া ধুমুহা আহে, তেতিয়া ঘাঁহ-বন ইকৰা খাগৰিয়ে ধুমুহাই যিফালেই গতি লয় সেই ফালেই গাটো সলাই দিয়ে; ফলত সিহঁতৰ একো ক্ষতি নহয়। কিন্তু ডাঙৰ গছবোৰে ধুমুহাৰ বিৰুদ্ধে স্পৰ্দ্ধিত হৈ থিয় হৈ থাকিবলৈ চেষ্টা কৰে; ফলত ধুমুহাই সিহঁতক ঘাড় মোতোকাই ভাঙি থৈ যায় বা শিপাৰে সৈতে উভালি পেলাই।[১৫]
  16. মানুহৰ জীৱনত নিঃসংগতাতকৈ ডাঙৰ অভিশাপ যেন আন একোৱেই নাই।[১৬]
  17. ম’হঘুলি নৈখনে কেৱল ব্ৰক্ষ্মপুত্ৰৰ পৰা ওলাই বহুতো গাওঁ ভূই, চাপৰি পথাৰ, অৰণ্য-প্ৰান্তৰৰ মাজেদি সোৱণ-শিৰীলৈকে বৈ যোৱা নাই; সি তেওঁৰ জন্মৰ পৰা আৰম্ভহৈ শৈশৱ যৌৱন আৰু প্ৰৌঢ়ত্বৰ মাজেদি তেওঁৰ মৰণ-মুহূৰ্তলৈকে বৈ যাব ধৰিছে।[১৭]
  18. মানুহৰ পৰা তেওঁ যিটো বস্তু আটাইতকৈ আশা কৰে- সি প্ৰেম নহয়, প্ৰিতি নহয়, বন্ধুত্ব নহয়- সি হ’ল সন্মান আৰু বাধ্যতা। আজি তেওঁৰ নিজৰ ল’ৰাই তেওঁৰ অবাধ্য হব, তাতোতকৈ ডাঙৰ আঘাত তেওঁৰ জীৱনত আৰু আন কি হব পাৰে?[১৮]
  19. ভাৰতবৰ্ষৰ সমাজ-সভ্যতা কেইবা হাজাৰ বছৰ ধৰি দৃঢ় ভিত্তিত তিষ্ঠি ৰোৱাৰ এটা প্ৰধান কাৰণ হ’ল গাৰ্হস্থ্যধৰ্মৰ প্ৰতি ভাৰতীয় সমাজৰ গভীৰ আনুগত্য।[১৯]
  20. আমাৰ দেশত মানুহৰ কথা আৰু কামৰ মাজত বেছি মিল নাই; আধুনিকতাৰ আকৰ্ষণত বা মানুহৰ হাত-চাপৰিৰ মোহত মানুহে মুখেৰে কয় এটা,- কিন্তু পৰম্পৰাগত সংস্কাৰৰ বিপৰীত আকৰ্ষণত বা ৰক্ষণশীল সমাজৰ ভয়ত কৰে আন এটা।[২০]
  21. মানুহৰ মনৰ মাজত সৎ আৰু অসতৰ, ধৰ্ম আৰু অধৰ্মৰ এখন চিৰন্তন কুৰুক্ষেত্ৰ চলিবই লাগিছে; অধৰ্মক জয়ী হ’বলৈ নিদিলেই, অৰ্থাৎ মনৰ পাপ চিন্তাক কামত পৰিণত হবলৈ নিদিলেই মানুহৰ ধৰ্ম ৰক্ষা পৰে।[২১]
  22. দুখীয়াৰ ঘৰত কেঁচা সোণ থাকিলেও সি পিতলৰ মূল্যত বিকা যায়।[২২]
  23. আমাৰ জীৱনবোৰ গৰু-পশুৰ নিচিনাকৈ শেষ হয়; এতিয়া তোমাৰ লগত পৰি যদি মানুহৰ কাৰণে দুই-এটা মানুহৰ নিচিনা কাম কৰিব পাৰোঁ, তেতিয়া হ’লে সঁচাকৈ ধন্য মানিম ।[২৩]
  24. কুসংগ আৰু পৰিবেশে অতি দৃঢ়-চেতা মানুহৰ ওপৰতো অলপ নহয় অলপ অনিষ্টকাৰী প্ৰভাৱ নেপেলোৱাকৈ নাথাকে।[২৪]
  25. সমাজৰ এটা সমস্যাৰ লগত আনটো সমস্যা এনে ভাবে জড়িত যে এটা সমস্যাৰ প’ম খেদি গ’লেই বাকী বহুতো সমস্যাৰ স্বৰূপটো আপোনা-আপুনি ওলাই পৰে। ধৰি লোৱা কিবা এটা আঘাত লাগি এজন মানুহৰ এডোখৰ ঘা হৈছে। বহুতো দৰব-জাতি দিয়া সত্বেও ঘা দুখৰ নুশুকায়হে নুশুকায়। ডাক্তৰে তেওঁৰ চিকিৎসা কৰিবলৈ গৈ তেওঁৰ গোটেই শৰীৰটোকে পৰীক্ষা কৰিবলগা হ’ল। তেতিয়া ডাক্তৰে দেখিলে যে মানুহজনৰ বহুমূত্ৰ ৰোগ আছে, হাই ব্লাড প্ৰেচাৰ আছে, পেটত আলচাৰ আছে-ইত্যাদি। তেতিয়া তেওঁ ঘাৰ চিকিতসা এৰি প্ৰথমে বহুমূত্ৰ চিকিৎসা কৰিবলগা হ’ল। সমাজৰ ক্ষেত্ৰতো সেই একেই কথা।[২৫]
  26. গৰুৰ খোজৰ পানীত সমগ্ৰ আকাশৰ ছাঁ দেখাৰ দৰে মই আমাৰ এই অকনমান ম’হঘুলিখনতে গোটেই দেশৰ প্ৰতিবিম্ব চাবলৈ চেষ্টা কৰিছোঁ।[২৬]
  27. বৰ্তমানৰ সমাজখনক ভাঙি গুড়ি কৰি তাক নতুনকৈ সৃষ্টি কৰিবলৈ হ’লে এতিয়া সি কি অৱস্থাত আছে সেইটো যেনেকৈ বুজিব লাগিব, তাৰ ঠাইত আমি কি গঢ়ি তুলিব খোজোঁ সেইটোও পৰিস্কাৰকৈ জানিব লাগিব। তাৰ কাৰণে প্ৰণালীবদ্ধ অধ্যয়নৰ বাহিৰে আন কোনো গত্যন্তৰ নাই।[২৭]

উপন্যাসখনৰ সন্দৰ্ভত উদ্ধৃতিসমূহ

[সম্পাদনা কৰক | উৎস সম্পাদনা]
  • এই কথা অনস্বীকাৰ্য অসমীয়া উপন্যাসৰ ইতিহাসলৈ ‘পিতা-পুত্ৰ’ এক বিশিষ্ট অৱদান।
    • ড° সত্যেন্দ্ৰনাথ শৰ্মা[২৮]
  • উপন্যাসখনৰ বিৰাট বিস্তৃতিও লক্ষ্য কৰিবলগীয়া। দুটা পুৰুষৰ জীবনৰ ঐতিহাসিক প্ৰবাহ তাৰ সকলো অৰ্থনৈতিক আৰু সামাজিক তাৎপৰ্যসহ পাঠকৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিছে বৰগোহাঞিয়ে। বহু বিচিত্ৰ চৰিত্ৰৰ সমাবেশেৰে কল্পনাৰ মঞ্চ তেওঁ প্ৰাণচঞ্চল কৰি তুলিছে। এই চৰিত্ৰসমূহৰ মাজত ঘটা ক্ৰিয়া প্ৰক্ৰিয়া আৰু দ্বন্দ্বও গতানুগতিক নহয়, বিচিত্ৰ। এনে এক ঐতিহাসিক প্ৰয়াস 'জীবনৰ বাটত' উপন্যাসৰ পিছত বোধহয় এয়েই প্ৰথম।
    • ড° হীৰেণ গোহাঁই[২৮]
  • আমি সকলোৱে চকুৰ আগতে দেখি থকা কথাবোৰকে বুটলি লৈ গ্ৰন্থকাৰে এই মনোৰম উপন্যাসখনি ৰচনা কৰিছে। ... নিঃসন্দেহে ই আমাৰ সাহিত্যৰ এখন শ্ৰেষ্ঠ উপন্যাস।
    • অতুল হাজৰিকা[২৮]
  1. পৃষ্ঠা ৯
  2. পৃষ্ঠা১৭
  3. পৃষ্ঠা ৩১
  4. পৃষ্ঠা ৪৯
  5. পৃষ্ঠা ৫৯
  6. পৃষ্ঠা ৫৭
  7. পৃষ্ঠা-২
  8. পৃষ্ঠা-৯
  9. পৃষ্ঠা-২২
  10. পৃষ্ঠা-৩৩
  11. পৃষ্ঠা-৫৮
  12. পৃষ্ঠা-৬৫
  13. পৃষ্ঠা-৭৫
  14. পৃষ্ঠা-৮৫
  15. পৃষ্ঠা-৯৮
  16. পৃষ্ঠা-১০১
  17. পৃষ্ঠা-১০৫
  18. পৃষ্ঠা-১৪৩
  19. পৃষ্ঠা-১৪৪
  20. পৃষ্ঠা-১৪৮
  21. পৃষ্ঠা-১৫৬
  22. পৃষ্ঠা-২১৮
  23. পৃষ্ঠা-২৩৩
  24. পৃষ্ঠা-২৩৩
  25. পৃষ্ঠা-২৪৫
  26. পৃষ্ঠা-২৪৬
  27. পৃষ্ঠা-২৮৭
  28. ২৮.০ ২৮.১ ২৮.২ হোমেন বৰগোহাঞি (২০১৪)। প্ৰচ্ছদ। ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, পৃষ্ঠা:প্ৰচ্ছদ। ISBN: 81-7665-254-7