সমললৈ যাওক

নীল প্ৰজাপতি (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা

নীল প্ৰজাপতি অসমীয়া গল্পকাৰ, ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীৰ এখন সমাজকেন্দ্ৰিক উপন্যাস।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • জীৱনৰ সংঘাতে পুৰি সোণ কৰা এজন মানুহ।
  • দুখন ঘৰৰ দুটা মানুহ, হঠাতে এডজাষ্ট নহ’বও পাৰে‌। নহ’লেও মই বিবাহিত জীৱনৰ হতাশাত নোভোগো। বিবাহতকৈ জীৱন বহুত ডাঙৰ। আকাশৰ দৰে জীৱনটোক, বিবাহিত জীৱনৰ ক্ষুদ্ৰতাৰে মই নাচাওঁ। কাৰোবাৰ প্ৰেম নাপালেও মোৰ জীৱন স্তব্ধ হৈ নাযায়, এই পৃথিৱীলৈ আহিছো, পৃথিৱীৰ সুন্দৰ সকলো বস্তুৰে ভাগ মোৰো পোৱাৰ অধিকাৰ আছে।
  • মানুহ কিমান অবোধ আৰু মূৰ্খ, যি অমৃতপান কৰিও সন্তুষ্ট হ’ব নোখোজে!
  • জোনৰ পোহৰ আৱৰ্জনাতো পৰে, নিৰ্মল পানীতো পৰে।
  • মনৰ মাজত ৰৈ যোৱা ধূলি-মাকতিবোৰ জমা হোৱাৰ আগেয়েই মোক ক’ব লাগিছিল। মই তেতিয়া উপায় বিচাৰিবলৈ সুযোগ পালোহেঁতেন।
  • সংসাৰ এখন যেতিয়া কাৰোবাৰ বাবে বন্দিত্ব হৈ পৰে, তেওঁক বন্দী কৰি ৰখাৰ অধিকাৰ কাৰো নাই।
  • বিবাহ এক মানসিক নিৰাপত্তা, বুজাবুজিৰ চুক্তি।
  • ভালপোৱা বিষয়টোৱেই সাময়িক। প্ৰকৃতিয়ে সমানে সদায় যিদৰে বৰষুণ নিদিয়ে, ৰ’দ নিদিয়ে, সেইদৰে আজীৱন সমানে ভালপোৱাও নাথাকে। তাৰতম্য ঘটে।
  • জীৱনে আমাক চলায়, জীৱনক চলোৱা মানুহ বৰ কম।
  • স্বাচ্ছন্দ্য-আৰামবোৰ এৰিব নোৱৰা অভ্যাস নকৰিবলৈহে কৈছোঁ।
  • শৰীৰতকৈ মনৰ অসুখ বেছি। আমি অতি সহজে কিস্তিত ধন দি যিকোনো আৰাম, স্বাচ্ছন্দ্যৰ জীৱন কটাব পৰা হৈছো, কিন্তু সুখ পাইছোনে নাই নাজানো।
  • আকাশৰ বেলিটো সদায় পৃথিৱীৰ সকলো নৃশংসতা, নিষ্ঠুৰতাৰ সাক্ষী, সেইবুলি জানো পিচদিনা নতুন হৈ, নতুন আশাৰে সূৰ্য ওলাই নাহে!
  • ইতিহাসৰ কিমান পংকিল দিন সূৰ্যই দেখি মুখ লুকুৱাব খোজে-কিন্তু সকলো পাহৰি পিচদিনা সোণালী ছটিয়াই আকাশত নিজৰ উপস্থিতি ঘোষণা কৰে।
  • মানুহ যদি বেলিৰ দৰে নহয়, জীৱনৰ গতি স্তব্ধ হৈ যাব।
  • মানুহৰ সংকট, সমাজৰ সংকট আহি থাকিবই। তাৰ মাজতে বাট ওলাব‌।
  • অচিনাকি মানুহৰ ক্ষণিক সাহায্যবোৰ জীৱনৰ হেৰাই নোযোৱা চিত্ৰ, এই চিত্ৰবোৰ জীৱনলৈ একে ৰূপত কেতিয়াও কোনোকালেই উভতি নাহে।
  • জীৱনত যদি বিশ্বাস, বন্ধুত্ব, সহানুভূতি, আৱেগ নোহোৱা হৈ যায়, মানুহ কিহেৰে জীয়াই থাকিব!
  • মানুহক প্ৰকৃততে কি লাগে, মানুহে কি বিচাৰে সেয়া নিজে যেতিয়া বুজে, তেতিয়া বহু পলম হৈ যায়।
  • সন্তানক মৰম আৰু যত্ন লাগে, টকা নালাগে।
  • সুখ আৰু আনন্দ যদি নাথাকে, জীৱনৰ মৰ্যাদাও নাথাকে।
  • ছিৰিৰে কেৱল উধাই যোৱাটোৱেই গতি নহয়, থমকি ৰৈ পৃথিৱীখনৰ সৌন্দৰ্য বুটলি ল’ব নাজানিলে এই গতিৰ শেষত মাথোঁ শূন্যতা থাকে।
  • কোনো মানুহৰ জীৱন অসম্পূৰ্ণ নহয়, যদি তেওঁ সলনি কৰিব জানে।
  • মানুহৰ জীৱনটোও খালী হৈ যোৱা কোঠাৰ দৰে, পৰিস্থিতিয়ে পূৰ্ণতা আনে আৰু শূন্যতাও দিয়ে।
  • মানুহ আৱেগিক, অৰ্থনৈতিক যি কাৰণতেই নহওক, আনৰ ওচৰত প্ৰয়োজনতকৈ বেছি নিৰ্ভৰশীল হোৱাটো ভাল কথা নহয়।
  • লতাবোৰ বগাই যিদৰে সুৰুযমুখী হয়, সেইদৰে সুৰ শিল্পীমুখী হয় আৰু শিল্পী সুৰমুখী।
  • সাঁতুৰিব জনা মানুহে পানী নেদেখাকৈ বহু বছৰ থাকিব পাৰে, কিন্তু পানীত পৰিলেই সাঁতুৰিব পাৰে।
  • জীৱনৰ সমস্যাৰ আকাৰ চাই শক্তি লাগে। বোজাই কৰা গাড়ী এখন, এটা ঘোঁৰাই টানিব নোৱাৰিলে, দুটা ঘোঁৰাৰ প্ৰয়োজন।
  • এই দুনিয়াখন এতিয়া ধনৱান আৰু ক্ষমতাবানৰ বশ। ইয়াৰ মাজতো যে আমি অমানুহ হৈ যোৱা নাই সেইয়াই আমাৰ নিজেই নিজক দিয়া চাৰ্টিফিকেট।
  • তীব্ৰবেগী সময়বোৰে মানুহৰ জীৱনৰ হিচাপ লৈ নাথাকে, সময়ৰ হিচাপ ৰাখে মানুহে।
  • মানুহৰ জীৱনত কিয়বোৰৰ উত্তৰ কাহানিও নাথাকে। মাত্ৰ ঘটি যায় সকলো।
  • মানুহৰ জীৱনত কোনো ঘটনা, ঘোষণা দি নঘটে।