সমললৈ যাওক

নিচুকনি গীত

ৱিকিউদ্ধৃতিৰ পৰা

নিচুকনি গীত হৈছে কোমলমতি শিশুৰ মন ভুলাই ৰাখিবলৈ বা টোপনি নিয়াবলৈ গোৱা নাতিদীৰ্ঘ অথবা নাতিহ্ৰস্ব গীত। শিশুৰ মানসিক জগতখনৰ সৈতে সংগতি ৰাখি সহজ-সৰল ভাবে এই গীতবোৰ ৰচনা কৰা হয়। পৃথিৱীৰ আন ঠাইৰ দৰে অসমতো নিচুকনি গীতৰ প্ৰচলন অতীজৰে পৰা হৈ আহিছে। শিশুক নিচুকাবলৈ সৃষ্টি হোৱা এইবোৰ গীতৰ মাজেৰে শিশুৰ মনৰ কল্পনা মাতৃ হৃদয়ৰ অভিব্যক্তি, আশা-আকাংক্ষা, মৰম-চেনেহ আৰু কৃষিজীৱী মানুহৰ সৰু সৰু সপোন তথা হা-হুতাশবোৰৰ চিত্ৰ দেখা পোৱা যায়। কল্পনা শক্তিৰ মায়াজালেৰে আবৃত এই গীতবোৰে শিশুসকলক অনুসন্ধিৎসুপ্ৰৱণ কৰি তোলে। নিচুকনি গীতৰ ইংৰাজী প্ৰতিশব্দ হৈছে lullaby