নিচুকনি গীত

ৱিকিউদ্ধৃতিৰ পৰা

নিচুকনি গীত হৈছে কোমলমতি শিশুৰ মন ভুলাই ৰাখিবলৈ বা টোপনি নিয়াবলৈ গোৱা নাতিদীৰ্ঘ অথবা নাতিহ্ৰস্ব গীত। শিশুৰ মানসিক জগতখনৰ সৈতে সংগতি ৰাখি সহজ-সৰল ভাবে এই গীতবোৰ ৰচনা কৰা হয়। পৃথিৱীৰ আন ঠাইৰ দৰে অসমতো নিচুকনি গীতৰ প্ৰচলন অতীজৰে পৰা হৈ আহিছে। শিশুক নিচুকাবলৈ সৃষ্টি হোৱা এইবোৰ গীতৰ মাজেৰে শিশুৰ মনৰ কল্পনা মাতৃ হৃদয়ৰ অভিব্যক্তি, আশা-আকাংক্ষা, মৰম-চেনেহ আৰু কৃষিজীৱী মানুহৰ সৰু সৰু সপোন তথা হা-হুতাশবোৰৰ চিত্ৰ দেখা পোৱা যায়। কল্পনা শক্তিৰ মায়াজালেৰে আবৃত এই গীতবোৰে শিশুসকলক অনুসন্ধিৎসুপ্ৰৱণ কৰি তোলে। নিচুকনি গীতৰ ইংৰাজী প্ৰতিশব্দ হৈছে lullaby

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. আমাৰে মইনা শুব এ
    বাৰীতে বগৰী ৰুব এ
    বাৰীৰে বগৰী
    পকি সৰি যাব
    আমাৰে মইনাই বুটলি খাব।
  2. শিয়ালী এ নাহিবি ৰাতি
    তোৰে কাণ কাটি লগামে বাতি
    শিয়ালীৰ মুৰতে মৰুৱা ফুল
    শিয়ালী পালেগৈ ৰতনপুৰ
    শিয়ালীৰ মাকৰ তিনিডাল চুলি
    গৈ গৈ পালেগৈ বিৰিণাৰ গুৰি।

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]