সমললৈ যাওক

নলিনীধৰ ভট্টাচাৰ্য

ৱিকিউদ্ধৃতিৰ পৰা

নলিনীধৰ ভট্টাচাৰ্য (ইংৰাজী: Nalinidhar Bhattacharya; ১৯২১-২০১৬) অসমৰ এগৰাকী আগশাৰীৰ কবি, প্ৰবন্ধকাৰ, সমালোচক তথা অনুবাদক। জ্ঞানপীঠ বিজয়ী সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ভাতৃ নলিনীধৰ ভট্টাচাৰ্যই ৰামধেনুৰ পাতত অনুবাদক হিচাপে নিজৰ সাহিত্য জীৱন আৰম্ভ কৰে।

  1. সুদীৰ্ঘ সময় অতিক্ৰম কৰি বহুদূৰ আগুৱাই আহি যি দেখিছোঁ যে তাত মোৰ প্ৰাপ্তি একো নাই বুলি যদি কওঁ, তেন্তে বহুতে বিশ্বাস নকৰিব। কিন্তু প্ৰকৃততে কথাটো সঁচা।[১]
  2. প্ৰকৃত প্ৰাপ্তি আছে মনৰ বিকাশত, মূল্যবোধত, জীৱন বা সমাজৰ সাংস্কৃতিক উন্নতিত। [১]
  3. কেৱল অৰ্থৰ সন্ধান কৰি থাকিলেই নহ'ব - কবিতাত শব্দৰ চয়ন লাগিব, শব্দৰ বয়ন লাগিব।[১]
  4. একেবাৰে মানুহক নিৰুৎসাহিত কৰা প্ৰথাটোত মই নাই। মই সদায় মানুহক উৎসাহ-উদগণি দিব বিচাৰোঁ। লেখা আৰু ভাল হ'ব যে লাগিব এই কথাটো কিন্তু মই সদায় কওঁ।[১]
  5. প্ৰত্যাশা বা পৰিকল্পনা নোহোৱা নহয়। কি পালোঁ বা কি নাপালোঁ, তাক ফঁহিয়াই চোৱাৰ ইচ্ছা আছিল আৰু এতিয়াও আছে। কলমৰ সদ্ব্যৱহাৰ কৰিবৰ মন যায়। চৌপাশে যি আন্ধাৰ দেখিছোঁ, তাক লিখি যোৱাৰ মন আছে। যি পাৰোঁ লিখিছোঁও, কিন্তু সেইবোৰলৈ চকু দিয়া মানুহ কম, সকলোৱে ভোগ বিলাসতহে চকু দিয়ে। সমাজ আৰু মানুহৰ সমস্যা সম্পৰ্কে দায়বদ্ধতা কম।[১]
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ পূজাৰী, বেদান্ত (সম্পাদনা) (নৱেম্বৰ, ২০২৩)। সাক্ষাৎকাৰ ৩০। বনলতা, পৃষ্ঠা:২৪৮-২৬১। ISBN: ৯৭৮-৯৩-৫৮৪৯-২৫৮-৩