সমললৈ যাওক

নন্দ তালুকদাৰ

ৱিকিউদ্ধৃতিৰ পৰা

নন্দ তালুকদাৰ (ইংৰাজী: Nanda Talukdar; জন্ম:৭ মাৰ্চ, ১৯৩২ – মৃত্যু:২৬ ফেব্ৰুৱাৰী, ১৯৮৩) অসমৰ এগৰাকী বিশিষ্ট গৱেষক আৰু জীৱনীকাৰ। তেওঁ 'শ্বিলঙৰ' শংকৰদেৱ কলেজত অধ্যাপনা কৰিছিল। ১৯৬৩ চনত তেওঁ 'গুৱাহাটীৰ' পাণ্ডু মহাবিদ্যালয়ত যোগদান কৰে আৰু মৃত্যুৰ সময়লৈকে ইয়াতে কৰ্মৰত হৈ থাকে। আনন্দৰাম ঢেকিয়াল ফুকন আৰু ঊনবিংশ শতিকাৰ অসম সম্পৰ্কে গৱেষণা কৰি তেওঁ মৰোণোত্তৰ ভাৱে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। তালুকদাৰ 'অসম সাহিত্য সভাৰ' সহকাৰী সম্পাদক,‘কামৰূপ অনুসন্ধান সমিতি’ৰ সহকাৰী সম্পাদক আৰু ‘অসম একাডেমী’ৰ যুটীয়া সম্পাদক আছিল। []

  1. অষ্টাদশ শতাব্দীৰ পাশ্চাত্য সাহিত্যৰ নতুন যুগটোকে 'ৰোমাণ্টিক' আখ্যা দিয়া হয়। অসমীয়াত ইয়াকে কোৱা হয় 'নৱন্যাস', 'ৰমন্যাস' আৰু হিন্দীত 'স্বচ্ছন্দবাদ'। কল্পনা-প্ৰৱণতা, অনুভূতিৰ মুক্ত প্ৰকাশ আৰু তীব্ৰতাই ৰোমাণ্টিক আন্দোলনৰ বিশেষত্ব। এই পৰিবৰ্তন বা আন্দোলন অকল কাব্য সাহিত্যৰ ক্ষেত্ৰতেই নহয় বুৰঞ্জী, দৰ্শন, ৰূপকথা আদিতো স্পষ্ট।[]
  2. মিছনাৰী যুগত পাশ্চাত্য সাহিত্যৰ প্ৰভাৱ পৰিলেও ব্যক্তিনিষ্ঠ ৰোমাণ্টিকতাবাদে পূৰ্ণ প্ৰসাৰতা লাভ কৰে এই জোনাকী যুগতেই। জোনাকী যুগৰ সাহিত্যিকসকলৰ প্ৰচেষ্টাতেই বৈষম্যৰ ঘাত-প্ৰতিঘাতৰ পৰা আঁতৰি অসমীয়া সাহিত্যই নিজস্ব ৰূপত প্ৰকাশ কৰিবলৈ সুযোগ পায়।[]
  3. বৈচিত্ৰ্যপূৰ্ণ জগতখনৰ প্ৰকৃতি জগত আৰু জীৱ জগতৰ ইটো বস্তুৰ লগত সিটো বস্তুৰ মিল নাই। সকলোৰে সত্তা সুকীয়া। কিন্তু কিছুমান লোকৰ দৃষ্টিত এই বৈচিত্ৰৰ মাজত ঐক্যৰ সন্ধান লাভ হয়। তেওঁলোকে জগতৰ সকলো শক্তিৰ মূলতে অনুভৱ কৰে পৰম শক্তিৰ কথা। এনে দৃষ্টি সম্পন্ন লোকেই ৰহস্যবাদী।[]
  4. চতুৰ্দশপদী কবিতা বা চৈধ্যপদী কবিতাৰ জন্ম ইউৰোপৰ মাটিত। ইটালী ভাষাত ইয়াক কোৱা হৈছিল Sonetto, লেটিন ভাষাত কোৱা হয় Sonus। ইয়াৰ পৰাই ইংৰাজী ভাষাত কোৱা হয় Sonnet. অসমীয়াত চতুৰ্দশপদী কবিতা বা চৈধ্যপদী কবিতা।[]
  5. মৃন্ময় বা ব্যক্তিনিষ্ঠ কবিতা হিচাপে চনেটত বহু সময়ত ব্যক্তিগত জীৱনৰ কথাই ব্যক্ত কৰা হয়। আধুনিক কাব্যৰ ব্যাপকতাৰ বাবে যিকোনো বিষয়বস্তুৰ অবলম্বনতেই চনেট লিখা সম্ভব। চেক্সপীয়েৰৰ বহুতো চনেট আত্মচৰিতমূলক। বঙ্গৰ কবি মাইকেল মধুসূদন দত্তৰ চনেট কিছুমানতো অন্তৰৰ অন্তৰতম প্ৰদেশৰ কথাই ব্যক্ত কৰিছে। অসমীয়া সাহিত্যতো হিতেশ্বৰ বৰবৰুৱাৰ 'মালচ' আৰু 'চকুলো' নামৰ চনেট পুথিৰ মাজেৰে আত্মীয়-পৰিজন হেৰুৱা শোকাকুল অন্তৰৰ পৰিচয় প্ৰকাশ পাইছে। 20
  6. 'মালিতা' শব্দৰ উৎপত্তি সংস্কৃত মালিকা শব্দৰ পৰা। বঙালী সাহিত্যত ইয়াক কোৱা হয় গীতিকা। হিন্দীত পদ্য-কথা। ইংৰাজীত Ballad বুলিলে যি বুজোঁ সিয়েই কাহিনী গীত বা মালিতা। ইংৰাজী বেলাড শব্দটো ফৰাচী Baller শব্দৰ পৰা উৎপত্তি। পৃথিৱীৰ ভিন্ ভিন্ ভাষাত মালিতাৰ ভিন্ ভিন্ নাম। ৰুচ সাহিত্যত Bylina, স্পেনীয় ভাষাত Romance, ইউক্ৰেনীয় সাহিত্যত Dumi, চাইবেৰীয় সাহিত্যত Junacka Pesmi আৰু ডেনমাৰ্কৰ ভাষাত Vise.[]