সমললৈ যাওক

শিৱনাথ বৰ্মন

ৱিকিউদ্ধৃতিৰ পৰা

শিৱনাথ বৰ্মন (জন্ম:১৯৪১ চন; মৃত্যু:২৫ ডিচেম্বৰ ২০২২ চন)[] এগৰাকী অসমীয়া অধ্যাপক, লিখক, সম্পাদক, অভিধান প্ৰণেতা আৰু অনুবাদক।[] তেওঁ ‘জনসাধাৰণ’ বাতৰি কাকতৰ মুখ্য সম্পাদকৰূপেও সেৱা আগবঢ়াইছিল। [] ২০২২ বৰ্ষত তেওঁৰ জীৱনজোৰা সাহিত্যিক অৱদানৰ বাবে ‘ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য সাধনা বঁটা’ প্ৰদান কৰা হয়। []২০২২ চনত, তেওঁক অসম সাহিত্য সভাৰ ছগনলাল জৈন বঁটা প্ৰদান কৰা হৈছিল।[]

  1. ‘শংকৰদেৱো জাতিভেদৰ বিৰোধী নাছিল, বৰং জাদিভেদ উলংঘা কৰাসকলক তেওঁ সমালোচনা কৰিছিল কঠোৰভাৱে।... জাতিভেদৰ ক্ষেত্ৰত শংকৰদেৱৰ প্ৰগতিশীলতা এইখিনিতেই যে, নাম ধৰ্মৰ ভাণ্ডাৰ তেওঁ খুলি দিছিল সমাজৰ সকলো জাতিৰ মানুহৰ বাবেই.... শংকৰী ধৰ্মৰ অনুগামীসকলে ‘বাস্তৱ জগতখনৰ ওপৰত গুৰুত্ব নিদিয়াৰ ফলত’ অসমৰ বিজ্ঞান-চৰ্চাৰ বাবে অনুকূল পৰিৱেশ ৰচিত নহ’ল।[]
  2. মাৰ্ক্সৰ দৰ্শনে মোক দিলে মনৰ এক বহল দিগন্ত। জীৱন আৰু জগতক ম‍ই চাবলৈ শিকিলো এক বিশেষ দৃষ্টিকোণৰ পৰা।[]
  3. প্ৰগতিবাদীৰ বাবে বিজ্ঞানমনস্কতা অতীব প্ৰয়োজনীয়, কিন্তু ই অজলা বিজ্ঞানবাদ ( Naive Scientism) হ’ব নালাগে। কিয়নো তেনে মনোবৃত্তিয়ে কলা-সাহিত্যৰ আনন্দ উপভোগ কৰাৰ পৰা আমাক বঞ্চিত কৰিব৷[]
  1. তেঁও (শিৱনাথ বৰ্মন) ভিতৰত সহজ আছিল। কিন্তু বাহিৰত ক্ৰোধাম্বিত। প্ৰকৃতাৰ্থত মানুহৰ মাজত নিজক বিলীন কৰি দিব পাৰিছিল তেওঁ।-(হাইদৰ হুছেইন)[]
  2. তেওঁ অতি অধ্যয়নশীল আছিল। যিকোনো বিষয় এটা ইমান গভীৰভাৱে তেওঁ অধ্যয়ন কৰে। এতিয়া আজিকালি লিখা-পঢ়া মানুহ ওলাইছে ঠিকেই,কিন্তু ইমান গভীৰতালৈ কোনোও যাব নোখোজে।-(সুনীল পৱন বৰুৱা)[]
  3. জ্ঞান চৰ্চা য'ত আছে,তাতেই পবিত্ৰতা আছে। ড০ শিৱনাথ বৰ্মন এজন সমাজ সচেতন আৰু লেখক হিচাপে অসমৰ জনসমাজত সন্মানীয় আসনত উপৱিষ্ট হৈ আছে।-(ৰজনীকান্ত দাস)[]

সাক্ষাৎকাৰৰৰ মন্তব্য

[সম্পাদনা কৰক | উৎস সম্পাদনা]
  1. ‘বিজ্ঞান জেউতী’ আলোচনীখন আজিও চলি আছে৷ কিন্তু আগৰ দৰে নিয়মীয়া হৈ থকা নাই৷ অসম বিজ্ঞান সমিতিয়ে বহুখিনি ভাল কাম কৰি আছে৷ কিন্তু কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে ই যিমান সৰৱ হ’ব লাগিছিল, তেনে সৰৱতা যেন এতিয়াও হোৱা নাই, তেনে অনুমান হয়৷[]
  2. কিশোৰ-কিশোৰীৰ মাজত বিজ্ঞানমনস্কতা গঢ়িবৰ বাবে কাম কৰা বিজ্ঞান সংস্থাবিলাকৰ প্ৰচুৰ দায়বদ্ধতা তথা ভূমিকা আছে৷ যেনে– বিজ্ঞানৰ লোকগ্ৰন্থ প্ৰকাশ কৰা, কিশোৰ-কিশোৰীৰ মাজত আলোচনা চক্ৰ আদি আয়োজন কৰা, কুইজ প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা৷ দুখৰ কথা এই বিষয়ত সংস্থাবিলাক বিশেষ আগবাঢ়িব পৰা নাই৷
  3. ‘মানৱ জীৱনৰ কোনো দিশেই মোৰ বাবে আচহুৱা নহয়’– ইটালীয় কবি এগৰাকীয়ে কৈছিল৷ মোৰ নিজৰ বিষয়েও একে কথাকে ক’ব পাৰি৷ সাহিত্য, বিজ্ঞান, দৰ্শন– মানবীয় জীৱনৰ কোনো দিশকেই মই অনাত্মীয় বুলি নাভাবোঁ৷[]
  4. বাহ্য দৃষ্টিত কলা আৰু বিজ্ঞান দুয়োটা ভিন্ন যেন লাগিলেও গভীৰ দাৰ্শনিক অৰ্থত দুয়োটাৰে মাজত বিশেষ পাৰ্থক্য নাই৷ মাথোঁ সিহঁতৰ পথ সুকীয়া সুকীয়া৷ সামগ্ৰিক জীৱনবোধ গঢ়ি তুলিব লাগিলে এই কথাৰ ওপৰত আমি বিশ্বাস ৰখা উচিত৷ []
  5. মই সদায় উদাৰ জাতীয়তাবাদত বিশ্বাসী৷ কিন্তু উগ্ৰ জাতীয়াবাদৰ নামত যদি কোনোবাই সত্যক বিকৃত কৰে তেন্তে তাৰ বিৰোধিতা কৰাটো মোৰ কৰ্তব্য বুলি ভাবোঁ৷ []
  6. সাম্প্ৰতিক কালত মাৰ্ক্সীয় চিন্তাৰ গতি-প্ৰকৃতি একেবাৰে সন্তোষজনক নহয়৷ পুঁজিবাদৰ পৰা নিৰ্গত ধৰ্মতান্ত্ৰিকতাই এই ধাৰাক নিৰ্মূল কৰাৰ চেষ্টা চলি আছে৷ ঊনবিংশ শতিকাতে আৰম্ভ হোৱা মাৰ্ক্সৰ চিন্তাৰাজি শিলৰ ৰেখাৰ দৰে নিশ্চল বুলি ভবা উচিত নহয়৷ সকলো বৈজ্ঞানিক চিন্তাৰ ক্ৰমপৰিৱৰ্তন ঘটাৰ দৰে মাৰ্ক্সীয় চিন্তাৰো পৰিৱৰ্তন ঘটিছে আৰু ঘটা উচিতো৷[]
  7. অসমত শিক্ষাৰ মাধ্যম ইংৰাজী কৰা বিষয়টোক মই বিৰোধিতা কৰোঁ৷ ইংৰাজী শিকা আৰু ইংৰাজী মাধ্যমত শিকা দুয়োটা একে নহয়৷ এটা আন্তৰ্জাতিক ভাষাৰূপে ইংৰাজী ভাষা আমি শিকিবই লাগিব কিন্তু নিজ মাতৃভাষা পৰিত্যাগ কৰি কেৱল ইংৰাজী ভাষা যদি শিকা যায়, তেন্তে মাতৃভাষাবোৰৰ পতন অৱশ্যম্ভাৱী৷ []
  8. অসম সাহিত্য সভাৰ লগত মোৰ সম্পৰ্ক ভালো নহয়, বেয়াও নহয়৷ এই সংগঠনটোৱে একালত অসমীয়া ভাষাৰ উন্নতিৰ হকে ভালেমান কাম কৰিছিল৷ কিন্তু এতিয়া সেই দিন আৰু নাই৷[]
  9. ধৰ্ম এক বৰ্ণাঢ্য আৰু জটিল বিষয়৷ বিভিন্ন ব্যক্তিয়ে ইয়াক বিভিন্ন ব্যাখ্যা দি আহিছে৷ ব্যক্তিগতভাৱে মই কোনো প্ৰাতিস্থানিক ধৰ্মৰ প্ৰতি বা কোনো সাকাৰ ঈশ্বৰৰ প্ৰতি মোৰ কোনো বিশ্বাস নাই৷[]
  10. ধৰ্মতান্ত্ৰিকতাৰ প্ৰতি মোৰ তিলমানো বিশ্বাস নাই৷ নিশ্চিদ্ৰ ধৰ্মতান্ত্ৰিকতাই একোখন দেশক কেনেকৈ পটন ঘটাব পাৰে তাৰ উদাহৰণ ইতিহাসত ভুৰি ভুৰি আছে৷[]
  11. বলি বিধান হ’ল মানুহে প্ৰাচীন কালত কৰা এবিধ ধৰ্মীয় আচাৰ৷ []
  1. শিৱনাথ বৰ্মনৰ দেহাৱসান. আহৰণ কৰা হৈছে: 20 মে' 2024.
  2. Error on call to সাঁচ:cite web: Parameters url and title must be specifiedপৰমানন্দ মজুমদাৰ (২০১৭). . প্ৰকাশক: বিপঞ্চিতা প্ৰকাশন. আহৰণ কৰা হৈছে: 16 September 2022.
  3. Janasadharan Assamese Newspaper. Archived from the original on 7 January 2013. আহৰণ কৰা হৈছে: 8 November 2012.
  4. https://www.asomiyapratidin.in/researcher-writerr-dr-shivnath-varmanoza-hemchandra-barua-language-sahitya-sadhana-award-and-padma-shri-veeruwala-rava-were-conferred-the-hemkosh-pran-devanandbarua-samaj-chetna-award/
  5. বিশিষ্ট শিক্ষাবিদ ড° শিৱনাথ বৰ্মনলৈ ছগনলাল জৈন বঁটাৰ সন্মান. প্ৰকাশক: https://www.etvbharat.com/+(৩১ জানুৱাৰী ২০২২). আহৰণ কৰা হৈছে: ৩১ মে, ২০২২.
  6. ৬.০ ৬.১ ৬.২ সোঁতৰ বিপৰীতে সাঁতোৰ. আহৰণ কৰা হৈছে: 21 মে' 2024.
  7. ৭.০ ৭.১ ৭.২ পঢ়ুৱৈৰ হাতত শিৱনাথ বৰ্মনৰ কিতাপবোৰ. আহৰণ কৰা হৈছে: 20 মে' 2024.
  8. ৮.০০ ৮.০১ ৮.০২ ৮.০৩ ৮.০৪ ৮.০৫ ৮.০৬ ৮.০৭ ৮.০৮ ৮.০৯ শিৱনাথ বৰ্মনৰ সৈতে সাক্ষাৎকাৰ- (সাক্ষাৎ গ্ৰহণ: ভাস্কৰ ভূঞা). আহৰণ কৰা হৈছে: 25 মে' 2024.