জীৱন নৰহ
অৱয়ব
জীৱন নৰহ অসমৰ এজন ভাৰতীয় কবি-ঔপন্যাসিক,শিক্ষক তথা সমাজ কৰ্মী। তেওঁ ১৯৭০ চনত (জন্মৰ চন বিদ্যালয়ৰ শিক্ষকে দিয়া) গোলাঘাট জিলাৰ গেলাবিল নদীৰ পাৰত অৱস্থিত মৰঙিয়াল গাঁৱত জন্ম গ্ৰহণ কৰে।
তেওঁৰ কবিতা দেশী-বিদেশী বহু ভাষালৈ অনুবাদ হৈছে আৰু ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় কবিতা উৎসৱ সমূহতো ভাগ লৈ আহিছে। জীৱন নৰহে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা 'অ' মোৰ আপোনাৰ দেশ' ক ৪১টা বিভিন্ন জাতি জনগোষ্ঠী, দেশী-বিদেশী ভাষালৈ অনুবাদ কৰাইছে৷ জীৱন নৰহৰ কবিতা ভাৰতৰ প্ৰায়বোৰ ভাষালৈ অনুবাদ হোৱাৰ লগতে পলিচ আৰু ইটালী ভাষালৈ কবিতা অনুবাদ হৈছে। তেওঁৰ কবিতাৰ আলোচনা আৰু লেখা দা হিন্দু,[১] দা বুক ৰিভিউ অফ ইণ্ডিয়া,[২], দা টেলিগ্ৰাফ, দা ইণ্ডিয়া এক্সপ্ৰেছ[৩], আদি কাকতত প্ৰকাশ পাইছে৷
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- বাঁহী, বৰষুণ, মাছ, নাও, ফুল, চৰাই, গান আৰু সূতাৰ বিভিন্ন ৰঙেই মোৰ কবিতাত প্ৰচুৰ পৰিমাণে ব্যৱহৃত হৈছে৷ সেইবোৰ কেতিয়াবা উপমাৰ ৰূপত, কেতিয়াবা চিত্ৰকল্প প্ৰতীকৰূপে আৰু কেতিয়াবা সাধাৰণভাৱে ব্যৱহৃত শব্দ হিচাপে৷ সূতাৰ ৰঙৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰিছোঁ– প্ৰেম, মৃত্যু, কোমল, কাল চেতনা, বিৱৰ্তন আৰু সৌন্দৰ্যবোধ৷ নাৱক শৈশৱৰ স্মৃতি আৰু নাৰীৰ লগত শিমলু ফুলক, যৌৱনৰ প্ৰথম ফুল হিচাপে বাঁহী আৰু বৰষুণক–কোমলতা, প্ৰেম, বিষাদ আৰু আনন্দৰ উৎস হিচাপে ব্যৱহাৰ কৰিছোঁ৷[৪]
- অসমৰ মাটি-ভেটি কোনে আনৰ হাতত বিক্ৰী কৰে -অসমীয়াই ( নৃগোষ্ঠী সকলক সামৰি,শ শ বছৰ ধৰি জীণ যোৱা অসমৰ ভাষা-সংস্কৃতি-সমাজ জীৱনৰ স’তে যুক্ত হোৱা জাতি বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলোকে ধৰি অসমীয়া- এই। অৰ্থত ) গতিকে থলুৱা সম্পদ ,কৃষি, শৌচালয় পৰিষ্কাৰ কৰাৰ পৰা অসমৰ ৰাজনীতি পৰিচালনা কৰা সকললৈকে অনা অসমীয়াৰ হাতত পৰ্যায় ক্ৰমে হস্তগত হৈ গৈ আছে। গতিকে শ্ৰমৰ লগতে ৰাজনীতি ক্ষেত্ৰ আৰু আইৰ মুখৰ ভাষাটো দিনক দিনে অসমীয়াই আনৰ হাতত এৰি দিছে। দ্ৰুতগতিত ভাষাটো হ্ৰাস হোৱাৰ ই এটা প্ৰধান কাৰণ। ইয়েই কাৰণ প্ৰব্ৰজনৰ। এলেহুৱা অসমীয়াৰ জলন্ত স্বাক্ষৰ৷[৫]
- এটা ভাষা জীয়াই থাকিবলৈ হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে স্বমাধ্যমত পঢ়া-শুনা কৰি থাকিব লাগিব। তাৰ বিপৰীতে হাজাৰ হাজাৰ অসমীয়া শিক্ষাৰ্থীয়ে ইংৰাজী মাধ্যমত প্ৰতি বছৰে পঢ়ি আছে আৰু আৰু পঢ়ি থাকিব। ভাষা এটা জীয়াই থাকিবলৈ ভাষা এটা শিক্ষণ মাধ্যমৰ ৰূপত আৰু মৌখিক ভাষা প্ৰয়োগৰ ৰূপত হাজাৰ হাজাৰে এই ভাষাটো চৰ্চা কৰি থাকিব লাগিব।[৫]
- ৰাষ্ট্ৰবাদী চিন্তাৰে অসমৰ আইৰ মুখৰ ভাষাবোৰ অসমীয়াই এতিয়া নীলাম দিবলৈ ওলাইছে দিল্লীৰ চকীখনৰ স্বাৰ্থত।[৫]
- অসমীয়া ভাষা জীয়াই থাকিবলৈ হ’লে অসমীয়া নৃগোষ্ঠীয় ভাষাবোৰ জীয়াই থাকিব লাগিব, অনুৰূপ অসমীয়া নৃগোষ্ঠীয় ভাষাবোৰ জীয়াই থাকিবলৈ হ’লে অসমীয়া ভাষাও জীয়াই থাকিব লাগিব।[৫]
- স্কুলীয়া শিক্ষাগ্ৰহণৰ সময়ত যেতিয়া কোনো বিকল্প নাছিল, তেতিয়া এইটো আছিল এক প্ৰকাৰৰ বাধ্যবাধকতা। এতিয়া মই গৌৰৱ অনুভৱ কৰিছোঁ যে, মই দুটা সংস্কৃতিৰ উত্তৰাধিকাৰী হৈছোঁ –এটা সংস্কৃতিৰ পৰা মই জন্ম লৈছোঁ আৰু আনটো য’ত মই ডাঙৰ-দীঘল হৈছোঁ। স্কুলতো মোৰ মিছিং জিভাখন বাছি লোৱাৰ সুযোগ কম আছিল। বিড়ম্বনাৰ কথাটো হ’ল যে, মিছিং ভাষাটোৱে এতিয়াও উপভাষাৰ মৰ্যাদাৰ পৰা সমগ্ৰ সমৰ্থিত ব্যৱস্থাটোৰ সৈতে শিক্ষাৰ মানক মাধ্যমলৈ ভালদৰে বিকশিত হোৱা নাই। এইদৰে মোৰ উপভাষাটো লোক-নান্দনিকতাৰে সমৃদ্ধ হ’লেও উপভাষা হৈয়েই আছে। সকলো জনগোষ্ঠীয় ভাষাৰ ভিতৰত কেৱল বড়ো ভাষাই সাহিত্য অকাডেমী বঁটা লাভ কৰি সেই সাহিত্যিক মৰ্যাদালৈ বিকশিত হৈছে। গতিকে মিছিং সমাজৰ এজন অসমীয়া কবি হিচাপে মোৰ পৰিচয় মই উপভোগ কৰোঁ।[৬]
- আমাৰ কবিতাৰ বাবে আমি আমাৰ মাতৃভাষা বচাবই লাগিব৷[৭]
মন্তব্য
[সম্পাদনা কৰক | উৎস সম্পাদনা]- কেৱল গীতেই নহয়, মিচিং জনজাতীয় জীৱনৰ আঁহে আঁহে মিহলি হৈ থকা নৈ, পথাৰ, বৰষুণ, নানা ৰঙৰ মেঠনি আৰু চেলেং কাপোৰ, নাও, ধান, আপং আৰু পোৰা মঙহ, মুকলি প্ৰেম-প্ৰণয় আৰু আতিথ্যৰ উপস্থিতি তেওঁৰ বহু কবিতাৰ ছত্ৰে ছত্ৰে৷ তাত কোনো কৃত্ৰিম কষ্টকল্পিত প্ৰয়াস নাই, সেই উল্লেখ আৰু অনুৰণন স্বতঃস্ফূৰ্ত, স্বচ্চন্দ৷ (ড° হীৰেন গোহাঁই)[৪]
তথ্য সূত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ [১]
- ↑ [২]
- ↑ [৩]
- ↑ ৪.০ ৪.১ জীৱন নৰহৰ কবিতা. আহৰণ কৰা হৈছে: 14 মে' 2024.
- ↑ ৫.০ ৫.১ ৫.২ ৫.৩ অসমীয়াভাষী হ্ৰাস হোৱাৰ ঘাই কাৰণ. আহৰণ কৰা হৈছে: 14 মে' 2024.
- ↑ Jiban Naraha's poetry. আহৰণ কৰা হৈছে: 14 মে' 2024.
- ↑ interview with jivan narah. আহৰণ কৰা হৈছে: 30 জুন 2024.