জাহ্নু বৰুৱা

ৱিকিউদ্ধৃতিৰ পৰা
জাহ্নু বৰুৱা

জাহ্নু বৰুৱা (ইংৰাজী: Jahnu Baruah; জন্ম:১৭ অক্টোবৰ,১৯৫২) হৈছে শিৱসাগৰৰ লাকুৱাত জন্ম গ্ৰহণ কৰা অসমৰ এগৰাকী চলচ্চিত্ৰ পৰিচালক। তেখেতে ১৯৮২ চনত 'অপৰূপা' নামেৰে প্ৰথমখন চলচ্চিত্ৰ পৰিচালনা কৰে। তেখেতে পৰিচালনা কৰা অন্যান্য ছবিসমূহ হ'ল 'পাপৰি'(১৯৮৬), 'হালধীয়া চৰায়ে বাওঁধান খায়'(১৯৮৮), 'বনানি'(১৯৯০), 'ফিৰিঙতি'(১৯৯২), 'সাগৰলৈ বহুদূৰ'(১৯৯৫), 'কুশল'(১৯৯৮), 'পখী'(১৯৯৯), 'কণিকাৰ ৰামধেনু'(২০০২) আদি। ১৯৮৮ চনত তেখেতৰ তৃতীয়খন ছবি 'হালধীয়া চৰায়ে বাওঁধান খায়'এ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবি ৰূপে পৰিগণিত হয় আৰু সৰ্বপ্ৰথম অসমলৈ 'স্বৰ্ণকমল বটা' কঢ়িয়াই আনে। তেখেতৰ 'ফিৰিঙতি' নামৰ পঞ্চমখন ছবিয়ে ৩৯তম্ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত দ্বিতীয় শ্ৰেষ্ঠ ছবিৰ সন্মান সহ 'ৰজতকমল বঁটা' লাভ কৰে। তেখেতে 'সাগৰলৈ বহুদূৰ' ছবিখনৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা অৰ্জন কৰে আৰু এই সন্মান লাভ কৰা তেৱেঁই অসমৰ প্ৰথম চলচ্চিত্ৰ পৰিচালক। জাহ্নু বৰুৱাক ভাৰত চৰকাৰে ২০১৫ চনৰ ২৬ জানুৱাৰীত অসামৰিক সন্মান 'পদ্মভূষণ'ৰে বিভূষিত কৰে। [১]

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • মই ছবি কৰোঁতে দৰ্শকে কি বিচাৰে সেইটো দিশত বেছি গুৰুত্ব নিদিওঁ, গুৰুত্ব দিওঁ ছবিখন চাই দৰ্শকে কি বিচৰা উচিত।[১]
  • মই লক্ষ্য কৰিছোঁ যে, জনসাধাৰণ একগোট হৈ আগবাঢ়িব নোৱাৰাৰ মূলতে হৈছে ব্যক্তিগত পৰ্যায়ত তেওঁলোকৰ সমস্যাবোৰ ভালদৰে বুজি লৈ সমাধানৰ পক্ষে কাম কৰাৰ চেতনাৰ অভাৱ।থোৰতে ক'বলৈ গ'লে মানুহে ব্যক্তিগত পৰ্যায়ত যদি নিজ নিজ কৰ্তব্য পালন নকৰে, সমস্যাবোৰ তেনেকৈয়ে ৰৈ যায়।[১]
  • স্বীকৃতি পালে ভাল লাগে, আনন্দিতও হওঁ। কিন্তু স্বীকৃতি পাম বুলিয়েই কামবোৰ কৰা নহয়। মই কামত গুৰুত্ব দিওঁ, প্ৰচাৰত নহয়।[২]

অন্যান্যৰ উক্তি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • জাহ্নু বৰুৱাৰ ছবিৰ বিষয় বস্তু অত্যন্ত বাস্তৱধৰ্মী। তেওঁৰ ছবি চাই জানিব পাৰি যে তেওঁ এজন সূক্ষ্ম নিৰীক্ষক। তেওঁ যে অতি পৰিশ্ৰমী সেয়া তেওঁৰ ছবিয়েই কৈ দিয়ে। জাহ্নু বৰুৱাৰ 'ফিৰিঙতি' আৰু 'সাগৰলৈ বহুদূৰ' ছবি দুখন মোৰ অতি প্ৰিয়।

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ ১.৩ সমীন কলিতা (ফেব্ৰুৱাৰী,২০১৮)। ভাৰত ৰত্নৰপৰা পদ্মশ্ৰীলৈ। গুৱাহাটী। বনলতা, পৃষ্ঠা:১৪৫-- ১৪৮।
  2. পদ্মশ্ৰী জাহ্নু বৰুৱাৰ সৈতে কথা-বাৰ্তা- ড° স্তুতি ৰঞ্জিত কোঁৱৰ।http://mumbaipratibimba.wordpress.com/2012/09/29/%E0%A6%AA%E0%A6%A6%E0%A7%8D%E0%A6%AE%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%9C%E0%A6%BE%E0%A6%B9%E0%A7%8D%E0%A6%A8%E0%A7%81-%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A7%B0%E0%A7%87/ ৰ পৰা আহৰণ কৰা হৈছে।

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: