ফিৰিঙতি

ৱিকিউদ্ধৃতিৰ পৰা

ফিৰিঙতি (ইংৰাজী: Firingoti) ১৯৯২ চনত মুক্তিপ্ৰাপ্ত জাহ্নু বৰুৱা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজক শৈলধৰ বৰুৱা। মুখ্য ভূমিকাত অভিনয় কৰে মলয়া গোস্বামীয়ে।[১][২] চলচ্চিত্ৰখনে দ্বিতীয় শ্ৰেষ্ঠ বোলছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে মলয়া গোস্বামীয়েও শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. "দেউতা, খোলা আকাশৰ তলত স্কুলখন পাতিবলৈ লোৱা মোৰ এই সিদ্ধান্তই আপোনাক সুখী কৰিব বুলি আশা কৰিলো। শুনিছিলো ভগবান বুদ্ধয়ো পৰম জ্ঞান লাভ কৰিছিল এনে এজোপা গছৰ তলত। গছজোপা নৈখনৰ দাঁতিতে। দিৰৈ নৈখন কৰঙাৰ ৰাজহাড় বুলি কব পাৰি। ইপাৰ সিপাৰ হ’বলৈ সৰুকৈ বাঁহৰ দলং এখন আছে। প্ৰথমদিনা দলংখনত ভৰি দিওঁতে বৰ ভয় লাগিছিল।"[৩] (স্বগতোক্তি: ঋতুৱে দেউতাকলৈ লিখা চিঠি।)

উত্‍স[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. Jahnu Barua Retrospective - Film Festival. আহৰণ কৰা হৈছে: ৩১ জানুৱাৰী, ২০১৩.
  2. Jahnu Barua. প্ৰকাশক: Chaosmag. আহৰণ কৰা হৈছে: ৩১ জানুৱাৰী, ২০১৩.
  3. Firingoti, ফিৰিঙতি, Jahnu Baruah, National Film Award Winner. প্ৰকাশক: youtube.com (১৮ জুলাই ২০২০). আহৰণ কৰা হৈছে: 26 March 2022.