সমললৈ যাওক

জয় বৰুৱা

ৱিকিউদ্ধৃতিৰ পৰা

জয় বৰুৱা অসমৰ এগৰাকী গায়ক, সংগীতকাৰ[] আৰু "জয়" নামৰ বেণ্ডটোৰ মূল কণ্ঠশিল্পী।[] বৰুৱাই কেইবাখনো জনপ্ৰিয় হিন্দী ভাষাৰ বোলছবিত কণ্ঠদান কৰাৰ লগতে অসমীয়া আৰু তেলেগু ভাষাৰ গীতটো কণ্ঠ নিগৰাইছে। এখেতৰ সংগীতৰ প্ৰকাৰবোৰ হৈছে: ৰক, চ'ল, ৱৰ্ল্ড বিট, জেজ আদি।
ডিচেম্বৰ ২০১০ত মুম্বাইত অনুষ্ঠিত প্ৰথম ইংক কনফাৰেঞ্চত জয় বৰুৱাক ফেল্ল' (Fellow) হিচাপে নিমন্ত্ৰণ কৰা হয়। [][] জয়পুৰত ৮-১১ ডিচেম্বৰ ২০১১ত অনুষ্ঠিত ইংকৰ দ্বিতীয় কনফাৰেঞ্চতো জয়ক তেওঁৰ বেণ্ডৰ সৈতে বক্তা হিচাপে আমন্ত্ৰণ জনোৱা হয়।[][]

  1. সকলো বস্তুৰে এটা নিজৰ 'নেচাৰেল ফ্লো' থাকে। বস্তুটো ভাল হয়নে নহয় সেইটো বেলেগ কথা। মানুহে ভাল পোৱা বা নোপোৱাটো সদায় থাকিবই।[]
  2. মানুহে কথা পাতে আৰু সমালোচনা হয় যে কোনখিনি গান ভাল বা কোনখিনি গান ভাল নহয়। মোৰ কথা হ'ল, সেই মানুহবোৰ ভাল গানবোৰৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছেনে নাই? নে এনেয়ে সমালোচনা কৰি আছে।[]
  3. মোৰ প্ৰায় তিনি-চাৰি বছৰ মান বয়সতে দেউতাই মোক এখন বেহেলা দিছিল। 'ইনিচিয়েলী' মই সেই বেহেলাই শিকিছিলোঁ।[]
  4. বলিউডত মই কাম কৰিছোঁ সেইটো বেলেগ কথা, কিন্তু মই আচলতে বলিউডৰ কাৰণে নহয়। মই হিন্দী গানেই নাগাওঁ - মানুহে এতিয়া গোৱাইছে, সেইটো বেলেগ কথা।[]
  5. মই এতিয়াও হিন্দী গান নাজানো। কিন্তু অসমীয়া গান বা ইংৰাজী গানৰ ক্ষেত্ৰত কথাটো সুকীয়া। ভূপেন হাজৰিকা বা জয়ন্ত হাজৰিকাৰ গান মই বহুত শুনিছোঁ। সংগীতৰ চৰ্চা কেনেকুৱা হ'ব লাগে - সেইটো মই ভূপেন হাজৰিকা বা জয়ন্ত হাজৰিকাৰ পৰাই শিকিছোঁ।[]
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ অভিজিত বৰা (২০১৭-২০১৮). "কণ্ঠশিল্পী জয় বৰুৱাৰ সৈতে কথোপকথন". কটনিয়ান ৯২: ৭০-৭১. 
  2. Candid Conversation With Joi Barua. Archived from the original on 6 November 2011. আহৰণ কৰা হৈছে: 9 November 2011.
  3. The INK Conference; আহৰণ: নবেম্বৰ ৯, ২০১১
  4. সাঁচ:Cite video
  5. INK2011: Power of the Journey. আহৰণ কৰা হৈছে: December 05, 2011.
  6. INK2011: Power of the Journey - Joi. আহৰণ কৰা হৈছে: December 05, 2011.