সমললৈ যাওক

গোলাপ ৰাভা

ৱিকিউদ্ধৃতিৰ পৰা

গোলাপ ৰাভা অসমৰ এগৰাকী শৰীৰ চৰ্চাবিদ। [১]তেওঁ একাধাৰে মিঃ ইণ্ডিয়া, মিঃ ৱৰ্ল্ড, মিঃ ইউনিভাৰ্চ আদিৰ দৰে কেইবাটাও খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে।[২] [৩][৪]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. উঠি অহা নৱ প্ৰজন্মক এটা কথা ক'ব খোজোঁ যে শৰীৰ চৰ্চাৰ ভৱিষ্যত এতিয়া বহুত ভাল আৰু যদি তেওঁলোকে ইয়াক কেৰিয়াৰ হিচাপে ল'ব বিচাৰে ল'ব পাৰে, কাৰণ এইটো বহুত ভাল এটা ফিটনেচ উদ্যোগ হিচাপে গঢ় লৈ উঠিছে আৰু ইয়াতে কৰ্ম সংস্থানৰ সুবিধা আছে। [১]
  2. ভাল বেয়া সকলোতে থাকে, প্ৰতিযোগিতাত জয়লাভ কৰি অহাৰ পিছত যি মানুহৰ মৰম পোৱা যায়, মানুহে যেনেদৰে আমাক লৈ গৌৰৱ কৰে, স্ফূৰ্তি কৰে, তাৰ লগত আচলতে একোৰে তুলনা নাই। মই ভাবো মানুহৰ জীৱনত এইটো এটা সকলোতকৈ ডাঙৰ সফলতা আৰু এটা সকলোতকৈ ডাঙৰ সন্তুষ্টি, ইয়াতকৈ ডাঙৰ আৰু একো পৃথিৱীত হ'ব নোৱাৰে।[১]
  3. মানুহৰ যিখিনি আশীৰ্বাদ তাৰ নিচিনা ডাঙৰ সফলতা একো হ'ব নোৱাৰে। কেতিয়াবা নেতিবাচক মন্তব্য আহি যায় আৰু সেইবিলাক মন্তব্যই মোক বহুত সহায় কৰিছে।[১]
  4. এতিয়া শৰীৰ চৰ্চা মোৰ জীৱন হৈ পৰিছে। শৰীৰ চৰ্চাৰে মই চলি আছোঁ আৰু ইয়াৰ অবিহনে কিজানি মই জীয়াই থাকিব নোৱাৰিম।[১]
  5. আচলতে মই ভবা নাছিলোঁ মিষ্টাৰ ৱৰ্ল্ড হ'ম বুলি। এবাৰ মূৰত সোমাই গ'ল। কিছুমানে মোক কথা শুনাইছিল খেলটো সিমান আগবঢ়াব নোৱাৰোঁ বুলি। মই ভাবিলোঁ যে যিমানবোৰ খিতাপ আছে, গোটেইবোৰে মই ল'ম। মই লৈ থ'মে। মই ভাবি থৈছোঁ যে এনেকুৱা এটা লক্ষ্য বনাই থ'ম য'ত সমগ্ৰ খিতাপ থাকে। মিষ্টাৰ ৱৰ্ল্ড হোৱাৰ বাবে বহুত ভাল লাগিল।[১]
  6. প্ৰকৃততে শৰীৰ চৰ্চাক সকলো ক্ৰীড়াৰে মাতৃ আখ্যা দিয়া হয়। বৰ্তমান শৰীৰ চৰ্চা মানুহৰ জীৱন শৈলীত পৰিণত হৈছে।[১]
  7. যদি সকলোৱে জনা হয় যে কি খাদ্য গ্ৰহণ কৰিলে শৰীৰটোৰ ক্ষতি হয়, কেনেকৈ চৰ্বীবিহীন ভাবে থাকিব পাৰি, কি খালে শৰীৰটো পেশীবহুল হয়, কি খালে শক্তি বৃদ্ধি হয়, তেন্তে আমাৰ সমাজখন এখন স্বাস্থ্যসন্মত সমাজ হ'ব আৰু প্ৰতিগৰাকী ব্যক্তি দায়িত্বসম্পন্ন নাগৰিক হ'ব। সেয়ে মই ভাবোঁ সমাজত শৰীৰ চৰ্চাৰ প্ৰয়োজন আছে।[১]

লগতে চাওক[সম্পাদনা কৰক | উৎস সম্পাদনা]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ ১.৭ সাক্ষাৎগ্ৰহণ- ৰঞ্জন হাজৰিকা (২০১৭-১৮). "গোলাপ ৰাভাৰ সৈতে এখন্তেক". দক্ষিণপাট ৪৬: ৯১-৯৩. 
  2. Meet Golap Rabha - the Assamese bodybuilder who was recently crowned Mr. World 2018. আহৰণ কৰা হৈছে: 11 Oct 2020.
  3. Assam's Golap Rabha crowned Mr World 2018, makes India proud. আহৰণ কৰা হৈছে: 11 Oct 2020.
  4. ICYMI: This Assam Man Just Won The Title Of Mr World 2018. আহৰণ কৰা হৈছে: 11 Oct 2020.

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: