সমললৈ যাওক

এলভিছ আলী হাজৰিকা

ৱিকিউদ্ধৃতিৰ পৰা

এলভিছ আলী হাজৰিকা হৈছে ভাৰতৰ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া[১] সাঁতোৰবিদ।[২] আঢ়ৈ বছৰ বয়সতে সাঁতুৰিবলৈ আৰম্ভ কৰা হাজৰিকাই ৪ বছৰ বয়সত অসমৰ গুৱাহাটীৰ দীঘলীপুখুৰী সাঁতুৰি পাৰ হৈছিল।[৩] মাত্ৰ ৯ বছৰ বয়সতে তেওঁ এছিয়া পেচিফিক চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল আৰু ছাফ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰি পদক অৰ্জন কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছিল।[৪] এলভিছ আলী হাজৰিকা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেটেলিনা চেনেল সাঁতুৰি পাৰ হোৱা সমগ্ৰ উত্তৰ-পূব ভাৰতৰ প্ৰথমজন ব্যক্তি।[৫]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. সুস্থ মানসিক স্বাস্থ্যৰ বাবে হাস্য-ব্যংগ অতিকৈ প্ৰয়োজনীয়। অসমীয়া মানুহে হাঁহিব নাজানে বুলি বদনাম আছে যদিও ব্যক্তিগত ভাবে মই সকলোবোৰ দুখ বেজাৰক একাষৰীয়া কৰি পাৰ্যমানে হাঁহিবলৈ যত্ন কৰোঁ।[১]
  2. ক্ৰীড়াবিদ হিচাপে হতাশাক প্ৰশ্ৰয় নিদিয়াকৈ হাঁহি হাঁহি আগবাঢ়ি যোৱাটো অতিকৈ জৰুৰী। [১]
  3. অবিশ্বাস্য যেন লাগিলেও এইটো সত্য যে পানীৰ প্ৰতি মোৰ আকৰ্ষণ জন্মগত যেন অনুভৱ হয়৷ তেতিয়া ভৰলু নদীখন আজিৰ দৰে কদৰ্যময় নাছিল, ফটফটিয়া পৰিষ্কাৰ পানী। মা দেউতা নিজৰ কৰ্মস্থলীলৈ যোৱাৰ পিছত মোৰ শৈশৱৰ সাৰথি ৰিনা বাইদেৱে মোক ভৰলুৰ পাৰে পাৰে ফুৰাবলৈ লৈ যায়৷ মই হেনো পানী দেখিলেই তৎ নোহোৱা হৈ যাওঁ আৰু কোচৰ পৰা পানীত জপিয়াবলৈ চেষ্টা কৰোঁ। কেতিয়াবা আকৌ ঘৰৰ সদস্যসকল আন কামত ব্যস্ত থাকিলে মই স্নানাগাৰৰ পানী ওলাই যোৱা চিদ্ৰবোৰ চাবোনেৰে বন্ধ কৰি টেপ আৰু শ্বাৱাৰ খুলি লৈ জমা হোৱা পানীতে সাঁতুৰিবলৈ চেষ্টা কৰোঁ। পানীৰ প্ৰতি মোৰ আগ্ৰহ দেখি মাত্ৰ আঢ়ৈ বছৰ বয়সতে মা দেউতাই সেইসময়ৰ অভিজ্ঞ সাঁতোৰ প্ৰশিক্ষক আনোৱাৰ ৰছুল মানে ৰাণা মামাৰ ওচৰলৈ লৈ যায়৷ প্ৰশিক্ষণৰ দশম দিনাই মই দিঘলী পুখুৰী সাঁতুৰি পাৰ হওঁ। এই ঘটনাটোৱেই মোৰ জীৱন সলনি কৰি দিয়ে৷ ৰাণা মামাই হয়তো মোৰ মাজত ভবিষ্যতৰ এজন সফল সাঁতোৰবিদ দেখা পাইছিল। [১]
  4. যিকোনো প্ৰতিযোগিতাতে নিজৰ মাতৃ ভূমিক প্ৰতিনিধিত্ব কৰাৰ অনুভৱ একক আৰু অনন্য। পদক গ্ৰহণৰ সময়ত বাজি উঠা ৰাষ্ট্ৰীয় সংগীতৰ ধ্বনিৰ লগত জড়িত হৈ থকা অনুভৱৰ বিষয়ে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। It’s incredible. [১]
  5. সাধাৰণতে নিশা নামি অহাৰ লগে লগে সাগৰৰ ঢৌবোৰ মন্থৰ হয় বাবে নিশাৰ সময়খিনি চেনেল চুইমিঙৰ বাবে আটাইতকৈ সুবিধাজনক। এই জলপথটো অসংখ্য হিংস্ৰ সাগৰীয় প্ৰাণীৰে ভৰি আছে। নিশাৰ আন্ধাৰত ছাৰ্ক, হোৱেল, চাণ ফিচ আৰু ডলফিনৰ ৰম্যভূমি এই জলভাগৰ মাজেৰে সাঁতোৰাটো কিমান ভয়াবহ এবাৰ কল্পনা কৰকচোন। ডলফিন সাধাৰণতে নিমাখিত প্ৰাণী যদিও এক, ডেৰ লাখ ডলফিনৰ সন্মিলিত জলকেলীৰ মাজত ফচি গ’লে সিহঁতৰ খুন্দাতে হাত ভৰি ভঙাৰ সম্ভাৱনা থাকে৷ ছাৰ্ক, হোৱেলৰ কথা বাৰু নকলোৱেই। আচলতে কেটেলিনা চেনেল অভিযানৰ বিভিন্ন পৰ্যায়ত মোৰ দেহত অসমীয়াৰ হিয়াৰ আমঠু গামোচাখন আছিলেই৷ বিভিন্ন অভিযাত্ৰী আৰু দৰ্শকে মোক প্ৰায়েই সোধে এই কাপোৰখনৰ মহত্ব৷ মোৰ এটাই উত্তৰ এইখন আমাৰ আবেগ। সফলতাৰে অভিযান সমাপ্ত হোৱাৰ পিছত স্বতঃস্ফূৰ্ত ভাবে গামোচাখন মূৰত মেৰিয়াই লৈছিলোঁ, এজন স্বাভিমানী অসমীয়া হিচাপে। অসমীয়াত্ব মোৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিদ্যমান৷ [১]
  6. সঁচা কথা ক’বলৈ গ’লে খেলুৱৈ হিচাপে নিজকে আন কোনো ক্ৰীড়াৰ লগত জড়িত কৰি সুখী হ’ম বুলি ভাবিবই নোৱাৰোঁ। দৰ্শক হিচাপে ক্ৰিকেট, বাস্কেটবল আৰু ল’ন টেনিছৰ প্ৰতি সৰুৰে পৰা ভীষণ আকৰ্ষণ আছিল যদিও খেলুৱৈ হিচাপে কেৱল আৰু কেৱল সাঁতোৰ।[১]

লগতে চাওক[সম্পাদনা কৰক | উৎস সম্পাদনা]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ এলভিছ আলি হাজৰিকাৰ সৈতে অন্তৰংগ আলাপ. সাক্ষাৎকাৰ. প্ৰকাশক: ফটাঢোল (১ জুলাই ২০২০). আহৰণ কৰা হৈছে: 22 মে' 2024.
  2. Elvis Ali Hazarika. প্ৰকাশক: Times of India. আহৰণ কৰা হৈছে: 6 July 2022.
  3. Assam’s Elvis Ali Hazarika becomes first from state to swim 29 km of English Channel. প্ৰকাশক: North East Now News (5 June, 2018). আহৰণ কৰা হৈছে: 16 April 2020.
  4. Former International Swimmer Elvis Ali Hazarika Sets Himself to Cross the English Channel. প্ৰকাশক: Swim India. Archived from the original on 29 October 2020. আহৰণ কৰা হৈছে: 16 April 2020.
  5. Swimmer Elvis Ali Hazarika becomes first from Northeast to cross Catalina Channel. প্ৰকাশক: Indian Express (16th August 2019). আহৰণ কৰা হৈছে: 16 April 2020.