সমললৈ যাওক

গণিতৰ কথা (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা

গণিতৰ কথা হৈছে এখন গণিত বিষয়ক প্ৰবন্ধৰ সংকলন। লেখক হৈছে গণিতজ্ঞ,শিক্ষাবিদ ভূপতি চন্দ্ৰ ডেকা। অসম বিজ্ঞান সমিতিয়ে ১৯৬৮ চনত প্ৰথম প্ৰকাশ কৰা এই গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণ ১৯৯১ চনৰ জানুৱাৰী মাহত আৰু তৃতীয় সংস্কৰণ ২০০৩ চনৰ অক্টোবৰত প্ৰকাশ পায়। অসম বিজ্ঞান সমিতিয়ে অসম চৰকাৰৰ শিক্ষা বিভাগৰ অৰ্থ-সাহায্যেৰে বিজ্ঞান বিষয়ক পুথি কেইখনমান প্ৰকাশৰ বাবে গ্ৰহণ কৰা আঁচনিৰে এখন কিতাপ গণিতৰ কথা বুলি প্ৰথম সংস্কৰণৰ পাতত "আমাৰ ক’বলগীয়া"ত প্ৰকাশনৰ সম্পাদক ভুবন মোহন দাসে উল্লেখ কৰিছে। লগতে কিতাপখন প্ৰকাশত সহায় কৰা ব্যক্তিসকলক ধন্যবাদ দি উল্লেখ কৰে যে ড॰ ভবেন্দ্ৰ নাথ শইকীয়াইও এই ক্ষেত্ৰত সহায় কৰিছিল।

  1. গণিতশাস্ত্ৰ অতীত কালৰ পৰাই চলি আহিছে আৰু বেলেগ বেলেগ মানুহে বেলেগ বেলেগ ভাষাত এই শাস্ত্ৰ অধ্যয়ন কৰিছে। মোৰ অনুমান হয়, ঊনৈশ শতিকাৰ আগতে মানুহে গণিতশাস্ত্ৰৰ ক্ৰমবিকাশ সম্বন্ধে চৰ্চা নকৰিছিল।[]
  2. ঊনৈশ শতিকাৰ শেষভাগত বহুতো নতুন নতুন তথ্যৰ আৱিষ্কাৰ হৈছে আৰু তেতিয়াৰ পৰাই বিজ্ঞানৰ গোটেইবিলাক শাখাই অংকশাস্ত্ৰ আঁকোৱালি ল'ব ধৰিছে।[]
  3. অংকশাস্ত্ৰ বুলিলে অনেক সত্যান্বেষী চিন্তাধাৰাৰ সংমিশ্ৰণ আৰু তাৰ চিহ্নসূচিত বিশ্লেষণকেই বুজায়। ইয়াৰ ক্ৰমবিকাশৰ আলোচনাই অংকশাস্ত্ৰৰ বুৰঞ্জী।[]
  4. অনুৰাগী হ'লেই সকলোৱে শাস্ত্ৰলৈ অৱদান যোগাব নোৱাৰে, তাৰ বাবে মনীষীৰ প্ৰয়োজন। গতিকে প্ৰথমে ছাত্ৰ বা শিষ্যসকলে আগৰ মনীষীসকলৰ চিন্তাধাৰা আৰু তাৰ বিশ্লেষণ আয়ত্ত কৰিবলগীয়া হয়। অৱশ্যে মনীষীসকলে নিজৰ যুক্তি আৰু প্ৰতিভাৰ বলেৰে চিৰন্তন সত্য আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰে যদিও সময়ৰ বুকুত কিছুমান কথা ভুল বুলি প্ৰমাণিত হয় আৰু কিছুমানে নতুন ৰূপ লয়।[]
  5. প্ৰকৃতি ইমান ৰহস্যময় যে মনীষীসকলেও এতিয়ালৈকে প্ৰকৃতিৰ সম্পূৰ্ণ ৰহস্য ভেদ কৰিব পৰা নাই।[]
  6. যিবিলাক কথা শিকোৱা হয় সেইবিলাক সদায় সঁচা নহ'বও পাৰে; তাতো ভুল-ত্ৰুটি থকা স্বাভাৱিক। পঢ়ুৱৈসকলে স্বতন্ত্ৰভাৱেই হওক বা আনৰ সহায়তেই হওক, সকলো কথা চালিজাৰি লৈহে গ্ৰহণ কৰিব লাগে। []
  7. মনীষীসকলে বা জ্ঞানী শিক্ষকে ভুল-ত্ৰুটিবিলাক সদায় দেখুৱাই দিয়ে। সেইবাবে তেওঁলোক সদায় সমাদৰৰ পাত্ৰ।[]
  8. মনীষীসকলে গতানুগতিক ৰীতিত চিন্তা নকৰে। তেওঁলোকে কোনো কথাকেই সূক্ষ্মভাৱে চালি-জাৰি নোচোৱাকৈ সঁচা বুলি গ্ৰহণ নকৰে।[]
  9. অনুমান হয়- প্ৰত্যেক জাতিয়ে নিজৰ আৱশ্যক অনুযায়ী সংখ্যাৰ সৃষ্টি কৰি হিচাপ-পাতি ৰাখিছিল। অংকশাস্ত্ৰও প্ৰতিটো জাতিৰ মাজতে আবদ্ধ আছিল আৰু তাকৰ সংখ্যক লোকেহে তাৰ চৰ্চা কৰিছিল।[]
  1. “ড॰ ভূপতি চন্দ্ৰ ডেকাৰ ‘গণিতৰ কথা’ৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰি অসম বিজ্ঞান সমিতিয়ে এটা দায়িত্ব পালন কৰিছে। … অসম বিজ্ঞান সমিতিয়ে গণিতবিজ্ঞানৰ ওপৰত প্ৰকাশ কৰা কিতাপৰ সংখ্যা একেবাৰে কম। পাণ্ডুলিপিৰ অভাৱেই ইয়াৰ মূল কাৰণ। অসমত গণিতবিজ্ঞানৰ চৰ্চা বৃদ্ধি কৰিবলৈ আগ্ৰহীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈকো এই কাৰণটো আন্তৰিকতাৰে এই সুযোগতে দাঙি ধৰিবলৈ প্ৰয়াস কৰিলোঁ।"(বসন্ত ডেকা, দ্বিতীয় সংস্কৰণৰ পাতনি)[]
  1. ১.০০ ১.০১ ১.০২ ১.০৩ ১.০৪ ১.০৫ ১.০৬ ১.০৭ ১.০৮ ১.০৯ ড॰ ভূপতি চন্দ্ৰ ডেকা (অক্টোবৰ,২০০৩)। গণিতৰ কথা। অসম বিজ্ঞান সমিতি।