সমললৈ যাওক

ভূপতি চন্দ্ৰ ডেকা

ৱিকিউদ্ধৃতিৰ পৰা

ভূপতি চন্দ্ৰ ডেকা হৈছে এগৰাকী অসমীয়া গণিতজ্ঞ।[১]অসমৰ কটন কলেজৰ পৰা স্নাতক ডিগ্ৰীৰ পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰা ভূপতি চন্দ্ৰ ডেকাই ওৰেটো জীৱন গণিত শিক্ষাক লৈয়ে ব্যস্ত আছিল।[১][২][৩]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. মই প্ৰাথমিক শিক্ষা লাভ কৰা স্কুলৰ শিক্ষকসকল বৰ সৰল আৰু প্ৰকৃতাৰ্থত শিক্ষক আছিল। সেই সময়ত এম ভিৰ বিষয়বস্তু বৰ উচ্চখাপৰ আছিল।[২]
  2. চেষ্টা কৰিলেহে ফল আশা কৰিব পাৰি।[২]

গণিতৰ কথা[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. গণিতশাস্ত্ৰ অতীত কালৰ পৰাই চলি আহিছে আৰু বেলেগ বেলেগ মানুহে বেলেগ বেলেগ ভাষাত এই শাস্ত্ৰ অধ্যয়ন কৰিছে। মোৰ অনুমান হয়, ঊনৈশ শতিকাৰ আগতে মানুহে গণিতশাস্ত্ৰৰ ক্ৰমবিকাশ সম্বন্ধে চৰ্চা নকৰিছিল।[৩]
  2. ঊনৈশ শতিকাৰ শেষভাগত বহুতো নতুন নতুন তথ্যৰ আৱিষ্কাৰ হৈছে আৰু তেতিয়াৰ পৰাই বিজ্ঞানৰ গোটেইবিলাক শাখাই অংকশাস্ত্ৰ আঁকোৱালি ল'ব ধৰিছে।[৩]
  3. অংকশাস্ত্ৰ বুলিলে অনেক সত্যান্বেষী চিন্তাধাৰাৰ সংমিশ্ৰণ আৰু তাৰ চিহ্নসূচিত বিশ্লেষণকেই বুজায়। ইয়াৰ ক্ৰমবিকাশৰ আলোচনাই অংকশাস্ত্ৰৰ বুৰঞ্জী।[৩]
  4. অনুৰাগী হ'লেই সকলোৱে শাস্ত্ৰলৈ অৱদান যোগাব নোৱাৰে, তাৰ বাবে মনীষীৰ প্ৰয়োজন। গতিকে প্ৰথমে ছাত্ৰ বা শিষ্যসকলে আগৰ মনীষীসকলৰ চিন্তাধাৰা আৰু তাৰ বিশ্লেষণ আয়ত্ত কৰিবলগীয়া হয়। অৱশ্যে মনীষীসকলে নিজৰ যুক্তি আৰু প্ৰতিভাৰ বলেৰে চিৰন্তন সত্য আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰে যদিও সময়ৰ বুকুত কিছুমান কথা ভুল বুলি প্ৰমাণিত হয় আৰু কিছুমানে নতুন ৰূপ লয়।[৩]
  5. প্ৰকৃতি ইমান ৰহস্যময় যে মনীষীসকলেও এতিয়ালৈকে প্ৰকৃতিৰ সম্পূৰ্ণ ৰহস্য ভেদ কৰিব পৰা নাই।[৩]
  6. যিবিলাক কথা শিকোৱা হয় সেইবিলাক সদায় সঁচা নহ'বও পাৰে; তাতো ভুল-ত্ৰুটি থকা স্বাভাৱিক। পঢ়ুৱৈসকলে স্বতন্ত্ৰভাৱেই হওক বা আনৰ সহায়তেই হওক, সকলো কথা চালিজাৰি লৈহে গ্ৰহণ কৰিব লাগে। [৩]
  7. মনীষীসকলে বা জ্ঞানী শিক্ষকে ভুল-ত্ৰুটিবিলাক সদায় দেখুৱাই দিয়ে। সেইবাবে তেওঁলোক সদায় সমাদৰৰ পাত্ৰ।[৩]
  8. মনীষীসকলে গতানুগতিক ৰীতিত চিন্তা নকৰে। তেওঁলোকে কোনো কথাকেই সূক্ষ্মভাৱে চালি-জাৰি নোচোৱাকৈ সঁচা বুলি গ্ৰহণ নকৰে।[৩]
  9. অনুমান হয়- প্ৰত্যেক জাতিয়ে নিজৰ আৱশ্যক অনুযায়ী সংখ্যাৰ সৃষ্টি কৰি হিচাপ-পাতি ৰাখিছিল। অংকশাস্ত্ৰও প্ৰতিটো জাতিৰ মাজতে আবদ্ধ আছিল আৰু তাকৰ সংখ্যক লোকেহে তাৰ চৰ্চা কৰিছিল।[৩]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ড° দিলীপ শৰ্মা (২০১৮)। গণিতেই আছিল যাৰ জীৱন (গণিতীয় প্ৰবন্ধমালা)। অসম বিজ্ঞান সমিতি।
  2. ২.০ ২.১ ২.২ ড° দিলীপ শৰ্মা। ভূপতি চন্দ্ৰ ডেকাৰ সৈতে গণিত বিকাশৰ অন্তৰংগ আলাপ (গণিতীয় প্ৰবন্ধমালা)। অসম বিজ্ঞান সমিতি।
  3. ৩.০০ ৩.০১ ৩.০২ ৩.০৩ ৩.০৪ ৩.০৫ ৩.০৬ ৩.০৭ ৩.০৮ ৩.০৯ ড॰ ভূপতি চন্দ্ৰ ডেকা (অক্টোবৰ,২০০৩)। গণিতৰ কথা। অসম বিজ্ঞান সমিতি।