সমললৈ যাওক

কামাখ্যাচৰণ ভাগৱতী

ৱিকিউদ্ধৃতিৰ পৰা

কামাখ্যাচৰণ ভাগৱতী অসমৰ এজন লেখক৷ সংস্কৃত ভাষাৰ পণ্ডিত৷ তেওঁ ক্ষেত্ৰী হাৰদিয়া বিদ্যালয় আৰু জালুকবাৰী উচ্চতৰ বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছিল৷[] তেওঁ নলবাৰী জিলাৰ ব্যক্তি আছিল৷

সংস্কৃত সাহিত্যৰ জিলিঙনি

[সম্পাদনা কৰক | উৎস সম্পাদনা]
  1. বৈদিক সংস্কৃতৰপৰা পাণিনিৰ দ্বাৰা নিয়ন্ত্ৰিত সংস্কৃতৰ পাৰ্থক্য আছে। এই পাৰ্থক্যৰ কাৰণে সংস্কৃত ভাষাক দুই ভাগত ভাগ কৰা হয়-(১) বৈদিক(Vedic) আৰু (২) ধ্ৰুপদী (Classical)।[]
  2. ইন্দো-আৰিয়ান ভাষাবোৰৰ মাজত প্ৰাচীনতম হ'ল ঋগ্বেদৰ ভাষা আৰু ইৰাণীয়ান ভাষাবিলাকৰ মাজত প্ৰাচীনতম হ'ল জেন্দ্‌-আবেস্তাৰ ভাষা। কিন্তু এই কথা মনত ৰাখিব লাগিব যে জেন্দ-আবেস্তাৰ যিটো প্ৰাচীনতম অংশ সেইটোও ঋগ্বেদৰ পিছত ৰচিত হৈছিল। এইফালৰপৰা আৰ্য জাতিৰ প্ৰাচীনতম সাহিত্য ঋগ্বেদৰ ভাষাই হ'ল প্ৰাচীনতম আৰ্য ভাষা। []
  3. “বেদ” শব্দ 'বিদ্‌' ধাতুৰপৰা ওলাইছে। অৰ্থভেদে 'বিদ' ধাতু চাৰিটা- জ্ঞানাৰ্থক, লাভাৰ্থক, সত্তাৰ্থক আৰু বিচাৰাৰ্থক। সত্তাবাচী বিদ্‌ ধাতু অকৰ্মক, বাকী তিনিটা অৰ্থত বিদ ধাতু সকৰ্মক। আমি ক'ব পাৰোঁ যে জ্ঞানাৰ্থক বিদ্‌ ধাতুৰপৰা 'বেদ' শব্দ নিষ্পন্ন হৈছে আৰু 'বেদ' শব্দৰপৰা হ'ল 'জ্ঞান'। 'বিদ্যতে অনেন' এই অৰ্থত বিদ্‌ ধাতুৰ লগত ঘঞ প্ৰত্যয় যোগ দি 'বেদ শব্দ নিষ্পন্ন' কৰা হৈছে।[]
  4. কাশ্মীৰ আৰু উত্তৰ-পশ্চিম ভাৰতৰ বাহিৰে পূৰ্ব ভাৰততো পৈপ্পলাদ অথৰ্ববেদৰ প্ৰচলন আছিল; আনকি উত্তৰ-পশ্চিম ভাৰতৰ বাহিৰে পূৰ্ব ভাৰততো পৈপলাদ অথৰ্ববেদৰ প্ৰচলন আছিল। উৰিষ্যা, বিহাৰ, পশ্চিমবঙ্গৰ সীমান্তবৰ্তী অঞ্চলত আজিলৈকে অথৰ্ববেদী ব্ৰাহ্মণৰ বসবাস আছে।[]
  5. পোন প্ৰথমে প্ৰাচীন সাহিত্যত দুখন মহাকাব্য পোৱা যায়। এই দুখন হ'ল- ৰামায়ণ আৰু মহাভাৰত। ৰামায়ণত ২৪০০০ শ্লোক আছে আৰু ই সাতোটা কাণ্ডত বিভক্ত। ইয়াৰ ৰচক বাল্মীকি। তেওঁ 'আদিকবি', ৰামায়ণ 'আদি কাব্য'। তেওঁ বৰুণৰ দশম পুত্ৰ। সঙ্গদোষত পৰি তেওঁ ডকাইতৰ বৃত্তি অৱলম্বন কৰে। অৱশেষত সৌভাগ্যক্ৰমে তেওঁ নিজৰ দোষ বুজি পাই ধৰ্মীয় জীৱন যাপন কৰে আৰু তেওঁৰ লিখনিৰপৰা ৰামায়ণৰ সৃষ্টি হয়।[]