সমললৈ যাওক

হিৰণ্ময়ী দেৱী

ৱিকিউদ্ধৃতিৰ পৰা

হিৰণ্ময়ী দেৱী হৈছে অসমৰ এগৰাকী একাধাৰে কবি, শিশু-সাহিত্যিক, অনুবাদক তথা প্ৰৱন্ধ সংকলক। তেওঁ মাটিৰ চাকিৰ শিখা, হৃদয়ৰ অৰণ্যত আদি কবিতা সংকলন, আখৰৰ আখৈ লাৰু, মইনাৰ মৌ-মাত, ফৰিঙৰ পেং ইত্যাদি শিশু সাহিত্য, সময় যন্ত্ৰ আদি অনুবাদ, মহীয়সী ৰাষ্ট্ৰমাতা কস্তুৰ-বা, নিবেদিতা যাৰ নাম, পুষ্পলতা দাসঃ তেওঁৰ জীৱন আৰু অনুভৱ, বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি আদি জীৱনী-সাহিত্য ৰচনা কৰাৰ লগতে আনন্দেশ্বৰ শৰ্ম্মা ৰচনাৱলী সম্পাদনা কৰিছিল।[১]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. সন্তানৰ জীৱনত পিতৃ-মাতৃৰ ব্যক্তিত্বৰ প্ৰভাৱ অপৰিসীম। সৰুৰে পৰা ল'ৰা-ছোৱালী যি ধৰণৰ ঘৰুৱা পৰিৱেশত ডাঙৰ-দীঘল হয়, তেওঁলোকে পিতৃ-মাতৃৰ যেনে আচাৰ আচৰণ দেখে সেইবোৰ কথাই সাধাৰণতে সন্তানৰ ব্যক্তিত্ব গঠনত অজানিত ভাৱেই ক্ৰিয়া কৰে।[১]
  2. দোৱানক লিখিত ভাষালৈ ৰূপান্তৰিত কৰিবলৈ হ'লে লিপিৰ আৱশ্যকতা অপৰিহাৰ্য।[১]
  3. সততা, মানসিক দৃঢ়তা আৰু কৰ্ম্মৰ প্ৰতি ঐকান্তিক আগ্ৰহ থাকিলে নাৰী পুৰুষ নিৰ্বিশেষে মানুহৰ বাবে অসম্ভৱ একো নাই।[১]
  4. পৰিবৰ্তনশীল জগতখনৰ কোনো কথাই সদায় একে হৈ নাথাকে।[১]
  5. শিক্ষাদান ফলপ্ৰসূ কৰিবলৈ হ'লে একনিষ্ঠ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ উপযোগী শিক্ষা পদ্ধতিৰ উপৰি আৰু এটা বস্তুৰ আৱশ্যক, সি হ'ল উপযুক্ত পাঠ্যপুথি। শিক্ষনীয় বিষয়সমূহ ছাত্ৰ-ছাত্ৰীৰ হৃদয়ংগম হ'ব পৰাকৈ সহজ-সৰল ভাষাত উপস্থাপিত কৰিব পৰাটো পাঠ্যপুথিৰ প্ৰধান গুণ।[১]
  6. বাস্তৱিকতে চল্লিশৰ দশকৰ শেষাৰ্দ্ধলৈকে শিক্ষাৰ কোনো আও ভাও নোপোৱা নেফাৰ অজ্ঞ, অৰ্দ্ধসভ্য জনগণৰ বাবে শিক্ষাৰ বুনিয়াদ গঢ়ি তোলাত ইন্দিৰা মিৰিৰ গুৰুত্বপূৰ্ণ ভূমিকা অনস্বীকাৰ্য।[১]
  7. সাধাৰণ মানুহৰ সমস্যাক নিজৰ সমস্যা হিচাপে লৈ সমাধানৰ পথ বিচাৰি দিয়া মানুহ আজিৰ পৃথিৱীত বিৰল।[১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ ১.৭ দেৱী, হিৰণ্ময়ী (২০০১)। বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি। হেমন্ত কুমাৰ শৰ্মা।

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:s:
:s:
ৱিকিউৎসত সম্বন্ধিত পৃষ্ঠা: