আশাৰাম

ৱিকিউদ্ধৃতিৰ পৰা
আশাৰাম বাপু

আসুমল শিৰুমালানী হৰপালানী (ইংৰাজী: Asumal Sirumalani Harpalani; জন্ম: ১৭ এপ্ৰিল ১৯৪১) এজন ভাৰতীয় ধৰ্মগুৰু আৰু আদালতৰ দ্বাৰা দোষী সাব্যস্ত হোৱা ধৰ্ষণকাৰী। ভক্তসকলৰ দ্বাৰা তেওঁ আশাৰাম নামেৰে পৰিচিত। ১৯৭০ চনৰ আৰম্ভণিতে চৰ্চালৈ আহিবলৈ আৰম্ভ কৰিছিল। ২০১৩ চনলৈকে তেওঁ ভাৰত আৰু বিদেশত ৪০০ৰো অধিক আশ্ৰম আৰু ৪০ খন বিদ্যালয় স্থাপন কৰা বুলি কোৱা হয়।[১]

অবৈধ বেদখল, ধৰ্ষণ, আৰু সাক্ষীক প্ৰভাৱান্বিত কৰা আদিত জড়িত আশাৰামৰ বিৰুদ্ধে একাধিক আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ২০১৮ চনত যোধপুৰৰ বিশেষ অনুসূচিত জাতি/অনুসূচিত জনজাতি আদালতৰ বিশেষ ন্যায়াধীশ মধুসুধন শৰ্মাই নাবালিকা ছোৱালীক ধৰ্ষণ কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰে আৰু বৰ্তমান যোধপুৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছে।[২][৩] ২০১৭ চনৰ ডিচেম্বৰ মাহত ভাৰতৰ হিন্দু সন্তৰ শীৰ্ষ সংগঠন অখিল ভাৰতীয় আখৰা পৰিষদে তেওঁ ভুৱা “বাবা” হিচাপে ঘোষণা কৰে।[৪]

আশাৰামৰ বিষয়ে[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • পূজ্য বাপুজীয়ে সমগ্ৰ দেশ ভ্ৰমণ কৰি জাগৰণৰ শংখনাদ কৰিছে, সৰ্বধৰ্ম সমভাবৰ শিক্ষা প্ৰদান কৰিছে, সংস্কাৰ দিছে তথা ভাল আৰু বেয়াৰ মাজত পাৰ্থক্য উলিয়াবলৈ শিকাইছে।[৫]
  • পূজ্য বাপুজী আৰু তেওঁৰ আশ্ৰমৰ দ্বাৰা দুখীয়া আৰু পিছপৰা লোকসকলৰ উত্তৰণৰ বাবে কাম-কাজ চলাই আছে বুলি জানি মই আনন্দত হৈছো। মানৱ কল্যাণৰ বাবে, বিশেষকৈ প্ৰেম আৰু ভাতৃত্বৰ বাৰ্তাৰ মাধ্যমেৰে চলাই থকা বিভিন্ন আধ্যাত্মিক আৰু মানৱীয় প্ৰয়াস সমাজৰ প্ৰগতিৰ বাবে প্ৰশংসনীয়।[৫]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]