সমললৈ যাওক

আত্মকথা (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা

আত্মকথা শৰ্মিষ্ঠা প্ৰীতমৰ আত্মজীৱনীৰ প্ৰথম খণ্ড।[১] ২০১১ চনৰ ডিচেম্বৰ মাহত ইয়াৰ প্ৰথম সংস্কৰণ মুকলি কৰা হয়। গ্ৰন্থখনে ২০১২ চনৰ মুনীন বৰকটকী বঁটা লাভ কৰিবলৈ সক্ষম হয়।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. আছিল, যন্ত্ৰণাও আছিল মোৰ শৈশৱত। কিন্তু উলাহৰ পাখি পিন্ধি উৰি ফুৰা মনটোত তেনে যন্ত্ৰণা আছিল খন্তেকৰ অতিথি। [২]
  2. প্ৰকৃতিক ভাল নোপোৱাকৈ জানো ভাল পাব পাৰি মানুহক? প্ৰকৃতি যে পৃথিৱীৰ কবিতা, এই কবিতাটো পাহৰি জানো ধুনীয়া হ’ব পাৰে মানুহ? প্ৰকৃতিৰ কোলাত শৈশৱৰ ফুলাম আৰু বিচিত্ৰ অভিজ্ঞতাবোৰক বাদ দি জানো ধুনীয়া হয় জীৱন?[৩]
  3. যুঁজাৰ মানসিকতা মানুহৰ আজন্ম সংগী কিজানি![৪]
  4. দেউতাই নিজে কোৱা অথবা দেউতাৰ কাম-কাজৰ পৰা মই শিকা কথাবোৰৰ তালিকাখনৰ শীৰ্ষত আছে – মানুহ মানুহৰ বাবে। মানুহ বিনে মানুহ মৃতকল্প। [৫]
  5. যেতিয়া কথাবোৰ আমাৰ অধীন হৈ নাথাকে, তেতিয়া আমি ঈশ্বৰৰ অধীন হৈ পৰোঁ।[৬]
  6. যি জীৱনত দুখৰ ডাৱৰ নাই, তাত সৃষ্টিও নাই। য'ত সৃষ্টি নাই তাত সৌন্দৰ্য‌ও নাই।[৭]
  7. মানুহৰ জীৱনৰ বহু ক্ষতিৰ বাবে নিজেই দায়ী। এলাহৰ বিৰুদ্ধে যুদ্ধ নকৰাটো নিজৰ প্ৰতি কৰা চৰম অন্যায়।[৮]
  8. হৃদয়ে বৰণ কৰাজনক এৰি আন কাৰোবাৰ হোৱাটো ভীষণ কষ্টকৰ, বিচ্ছেদ মানেই অথাউনি বিষাদ। [৯]
  9. ভাবিলে আচৰিত লাগে, শূন্যতা আৰু ৰংহীনতাৰ মাজতো মানুহৰ জীয়াই থকাৰ প্ৰতি কি দুৰ্বাৰ হেঁপাহ! [১০]
  10. নিজৰ মনঃশক্তি অবিহনে কোনো ব্যৱস্থাই কাৰো জীৱনাৰোহণ সম্ভৱ কৰি তুলিব নোৱাৰে।[১১]
  11. এই কথা সঁচা যে কোনো কামৰ উদ্দেশ্য সৎ আৰু মহান হ'লে মানুহৰ সঁহাৰিৰ অভাৱ নঘটে।[১২]
  12. মোৰ অনুভৱত জীৱন এক এক অন্তহীন অন্বেষণ। মোৰ চেতন-অৱচেতন মনত অহৰহ কিবা এটাৰ সন্ধান।[১৩]
  13. মানুহ... কি অসীম শক্তিধৰ! আৰু কেতিয়াবা‌‌‌… কি নিকৰুণভাৱে অসহায়! [১৪]
  14. ভৱিষ্যতৰ অহৈতুক দুঃশ্চিন্তাৰে বৰ্তমানক দুঃখময় কৰি তোলাৰ জানো কিবা অৰ্থ আছে! কাইলৈৰ কাল্পনিক আৰু অনাহক চিন্তাৰে আজিৰ সুন্দৰতাখিনি উপভোগ কৰাৰপৰা নিজকে বঞ্চিত কৰোঁ কিয়! [১৫]
  15. মানুহ আৰু মানুহৰ মৰমতকৈ মূল্যৱান একো নাই।[১৬]
  16. মানুহ অথবা দুৰ্ভাগ্যৰ নিৰ্মম আঘাতবোৰে যেন মানুহৰ বাবে শক্তিবৰ্ধক টনিকৰ দৰে কাম কৰে।[১৭]
  17. শাৰীৰিক প্ৰতিবন্ধকতাৰ অজুহাতত কোনো লোকক মানুহ হিচাপে জীয়াই থকাৰ বাবে প্ৰয়োজনীয় সা-সুবিধাখিনিৰ পৰা বঞ্চিত কৰাৰ অধিকাৰ কাৰো নাই। [১৮]
  18. যি একান্ত নিষ্ঠাৰে নিজৰ কৰ্মত মনোনিৱেশ কৰে, তেৱেঁইতো প্ৰকৃতাৰ্থত এজন সৎ মানুহ।[১৯]
  19. শাৰীৰিক যন্ত্ৰণাতকৈ মানসিক যন্ত্ৰণাৰ প্ৰাবল্য বহুত বেছি।[২০]
  20. যি জীৱনক ভাল পাবলৈ শিকাই, মানুহ আৰু পৃথিৱীক ভাল পাবলৈ শিকাই, যি মানুহৰ আত্মাক আলোকিত কৰে সেয়ে প্ৰেম।[২১]
  21. এক শুভশক্তিৰ নামেই যদি ঈশ্বৰ হয়, সেই ঈশ্বৰৰ জন্ম আৰু স্থিতি মানুহৰ মাজতেই।[২২]
  22. মানুহৰ শাৰীৰিক, মানসিক সমস্যাবোৰক লৈ চিন্তা কৰি থাকিব নালাগে। মানুহৰ জীৱনটোত আচলতে দুখ-যন্ত্ৰণাৰ কোনো অৱকাশ নাই। মানুহ সদায় মানুহ হোৱাৰ সাধনাত ব্ৰতী হ'ব লাগে।[২৩]
  23. জীৱনৰ প্ৰতিকূলতাত আত্মসমৰ্পণ কৰাটো উচিত নহয়। প্ৰতিকূলতাক ইতিবাচক দৃষ্টিভংগীৰে গ্ৰহণ কৰি আগুৱাই যাব লাগে।[২৪]

আত্মকথা সম্পৰ্কে[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • মানুহৰ অপৰাজেয় ইচ্ছাশক্তি আৰু আধ্যাত্মিক শক্তিৰ অবিস্মৰণীয় দলিল হৈ ৰ'ব শৰ্মিষ্ঠাৰ আত্মজীৱনী।

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. শৰ্মিষ্ঠা প্ৰীতম (নৱেম্বৰ, ২০১৭)। আত্মকথা। আলিবাট।
  2. পৃষ্ঠা ১৪
  3. পৃষ্ঠা ১৮
  4. পৃষ্ঠা ৪৮
  5. পৃষ্ঠা ৭৭
  6. পৃষ্ঠা ৭৮
  7. পৃষ্ঠা ১৩৮
  8. পৃষ্ঠা ১০০
  9. পৃষ্ঠা ১০৫
  10. পৃষ্ঠা ১১০
  11. পৃষ্ঠা ১১৩
  12. পৃষ্ঠা ১১৯
  13. পৃষ্ঠা ১২২
  14. পৃষ্ঠা ১২৪
  15. পৃষ্ঠা ১২৫
  16. পৃষ্ঠা ১২৮
  17. পৃষ্ঠা ১২৯
  18. পৃষ্ঠা ১৩৫
  19. পৃষ্ঠা ১৩৯
  20. পৃষ্ঠা ১৪২
  21. পৃষ্ঠা ১৬৩
  22. পৃষ্ঠা ১৬৮
  23. পৃষ্ঠা ২১৫
  24. পৃষ্ঠা ২১৫

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w: