সমললৈ যাওক

অমৰজ্যোতি চৌধুৰী

ৱিকিউদ্ধৃতিৰ পৰা

অমৰজ্যোতি চৌধুৰী হৈছে অসমৰ এগৰাকী প্ৰসিদ্ধ শিক্ষাবিদ, বিজ্ঞানী, অভিনেতা, আবৃত্তিকাৰ, নাট্যকাৰ, কবি, ঔপন্যাসিক আৰু বক্তা।[] তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য[][] আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সহ উপাচাৰ্য্য।

  1. মোৰ দেউতা লক্ষ্যধৰ চৌধুৰী সাংস্কৃতিক জগতৰ লগত ওতঃপ্ৰোতঃ ভাৱে জড়িত আছিল আৰু সেইকাৰণেই সেইখিনি সময়ৰ সংস্কৃতিৰ পুৰোধা ব্যক্তি সকলৰ লগত মোৰ সংযোগ হোৱাৰ সৌভাগ্য হৈছিল। উদাহৰণ স্বৰূপে মোৰ মনত আছে বিষ্ণু ৰাভা ডাঙৰীয়াৰ লগতো সান্নিধ্যৰ সৌভাগ্য হৈছিল।[]
  2. মোক এতিয়া যদি শৈশৱৰ কি পুৰণি কথা সোঁৱৰণ কৰিব পাৰোঁ বুলি সোধা হয় তেন্তে মোৰ বোধকৰোঁ দেউতাৰ মুখখনেই মনত আছে। []
  3. আমাৰ সময়ৰ আমাৰ বয়সৰ যিসকল মানুহ সৎ পথত থাকিব পৰা নাই, মই ভাৱো যে তাতকৈ আৰু দুষ্কাৰ্য একো হ’ব নোৱাৰে। কাৰণ দেশখনে আমাক ইমান ভাল সময় দিছিল। আৰু এইটোও হয় যে সেইখিনি সময়ৰ শিক্ষক সকলও বোধকৰো ভাল আছিল। []
  4. শৈশৱত মই আচলতে পদাৰ্থ বিজ্ঞান পঢ়িম বুলি ভবা নাছিলোঁ। পঢ়া-শুনাৰ জগতলৈ অহাতো এটা দূৰ্ঘটনা বুলি ক’ব লাগিব। কাৰণ নাটক কৰিয়েই ভাল পাইছিলোঁ। []
  5. প্ৰৱেশিকা পৰীক্ষাত প্ৰথম হোৱাটো বহুতে কয় যে এইটো বহুত ভাল হ’ল। এফালৰ পৰা ভাল হ’ল, কিন্তু আনফালৰ পৰা মোৰ বাবে কাল হ’ল বুলি কওঁ মই। কাৰণ বিশিষ্ট পৰিচালক নিপ বৰুৱাই মোক কথা দিছিল অভিনেতা কৰোৱাৰ বাবে। কিন্তু যেতিয়া তেখেতে দেখিলে যে মোৰ পৰীক্ষাৰ ফলাফল এনেকুৱা হৈছে, তেওঁ নিজে আহি মোক ক’লে যে – “তই চিনেমাৰ কথা বাদ দে, পঢ়া-শুনাত লাগ”। গতিকে মোৰ মূৰত সৰগখন ভাগি পৰা যেন লাগিল। এনেকৈ মই দূৰ্ঘটনাক্ৰমে পঢ়া-শুনাৰ জগতখনলৈ আহিলোঁ। []
  6. পদাৰ্থ বিজ্ঞানৰ প্ৰথম কথা হ’ল যে ইয়াৰ সকলোবোৰ কথা অতি যুক্তি সংগত। তাৰ লগত যিটো গণিত আছে, সেই গাণিতীক দৃষ্টিৰে সকলো চোৱা হয়। আৰু শেহান্তৰত পৰীক্ষামূলক ভাৱে যিটো আমি দেখো, সেইটোকে চূড়ান্ত সত্য বুলি লও। গতিকে সত্যৰ এটা নতুন ধাৰণা যে যিটো আমি দেখিবলৈ পাইছোঁ বা যিটো আমাক যন্ত্ৰই দেখুৱাইছে, সেইটোহে সত্য। সেই সত্যৰ কাৰণে সেই সত্যটো চূড়ান্ত সত্য বুলি ধৰি লৈ কেনেকৈ আমি বিভিন্ন যিবোৰ আমাৰ তত্ত্ব আছে, সেইবিলাকক আমি সলাই ল’ব পাৰোঁ যাতে সেই সত্যটো তাত প্ৰতিফলিত হয়। গতিকে সেই গোটেই প্ৰক্ৰিয়াটোৱে আচলতে এটা সত্য অন্বেষণৰ পথ। []
  7. পদাৰ্থ বিজ্ঞানৰ কথাবোৰ বিশেষ আকৰ্ষণীয় হয়। তাতকৈ ডাঙৰ কথা হৈছে যে কেৱল খণ্ড খণ্ড কৈ থকা কিছুমান তত্ত্ব তাত আমি নাপাওঁ, কিন্তু তাৰে জীৱনৰ প্ৰতি, জগতৰ প্ৰতি সামূহিক দৰ্শন গঢ়ি তোলাৰ সুবিধা পাওঁ বুলি মই ভাবোঁ। এইকাৰণে পদাৰ্থ বিজ্ঞান বোধকৰো ভাল লাগে। []
  8. এনেকুৱা নহয় যে মই বাহিৰলৈ যোৱাৰ কথা ভবা নাই। মোৰ সদায় এটা ইচ্ছা আছিল যে -হয়! মই বাহিৰলৈ পঢ়িবলৈ যাম, বা এবছৰ দুবছৰ কামৰ বাবেও যাব পাৰোঁ, কিন্তু ইয়ালৈ অহাটো মোৰ বাবে অত্যন্ত জৰুৰী। কাৰণ ইয়াৰ যিখিনি সংস্কৃতি, যিখিনি কৃষ্টি সেইখিনিয়ে মোক বহু পৰিমাণে মানুহ হিচাবে থকাত অৰিহণা যোগাইছে। গতিকে সেইখিনিৰ প্ৰতি মই এটা আকৰ্ষণ অনুভৱ কৰোঁ। []
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ ১.৭ ১.৮ অধ্যাপক অমৰজ্যোতি চৌধুৰীৰ সৈতে সাক্ষাৎকাৰ. সাক্ষাৎকাৰ. প্ৰকাশক: সন্ধান (১৫ নৱেম্বৰ ২০১২). আহৰণ কৰা হৈছে: 23 মে' 2024.
  2. "VC resignation unfortunate".
  3. "VC resignation accepted".