লক্ষ্যধৰ চৌধুৰী
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
লক্ষ্যধৰ চৌধুৰীৰ (ইংৰাজী: Lakshyadhar Choudhury) জন্ম হয় ১৯১৪ চনৰ ১৪ অক্টোবৰত। তেওঁৰ পিতৃৰ নাম ভূধৰ চৌধুৰী আৰু মাতৃৰ নাম উমা চৌধুৰী আছিল। লক্ষ্যধৰ চৌধুৰীদেৱে ৰংমহলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল আৰু পাছত তেওঁ ১৯২৫ চনত গুৱাহাটীৰ কটন কলেজিয়েট মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তি কৰে। ১৯৩৩ চনত চৌধুৰীদেৱে কটন কলেজৰ পৰা সুখ্যাতিৰে বিজ্ঞান শাখাত স্নাতক উপাধি লাভ কৰে৷ তেওঁ আছিল অসমৰ এগৰাকী অভিনেতা, গল্পকাৰ, চলচ্চিত্ৰ পৰিচালক, স্বাধীনতা সংগ্ৰামী আৰু শিক্ষাবিদ। ৰাজনীতিতো দখল থকা লক্ষ্যধৰ চৌধুৰীয়ে একালত জনসাধাৰণৰ প্ৰতিনিধি ৰূপে অসম বিধানসভালৈ নিৰ্বাচিত হোৱাৰ উপৰিও শিক্ষা আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ অসম সাহিত্য সভাৰ গোৰেশ্বৰ অধিবেশনৰ সভাপতিত্ব কৰিছিল৷
উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]
- এই সুন্দৰ ভুৱনত মই কেতিয়াও মৰিবলৈ নিবিচাৰোঁ, মই সদায় জীয়াই থাকিব বিচাৰোঁ মানুহৰ মাজত৷[১]
- সঁচা কথা সাহসেৰে সোৱাদ লগাকৈ লিখিব পৰাটোৱেই আজিৰ যুগৰ শ্ৰেষ্ঠ সাহিত্য৷[২]
- এইবোৰ মই কিবা সাহিত্য হওক বুলি লিখা নাই, লিখাৰ অভ্যাসটো থাকক বুলিয়েই লেখিছিলোঁ৷[৩]