সমললৈ যাওক

অমাতৰ মাত

ৱিকিউদ্ধৃতিৰ পৰা

অমাতৰ মাত হৈছে এটা অসমীয়া জতুৱা ঠাঁচ। অভিধানমতে ইয়াৰ অৰ্থ হৈছে “নতুনকৈ কথা ক'বলৈ শিকা শিশুৰ ভালকৈ নুফুটা কথা বা মাত।”[১] জতুৱা ঠাঁচ হিচাপে ইয়াৰ অৰ্থ হৈছে “যাৰ মাত বেগতে শুনিবলৈ পোৱা নাযায় তেনে জনৰ মাত, অতি শুৱলা মাত।”[২]

  1. চৰাই হালধীয়া পাখিও ধুনীয়া,
    মাতিলি অমাতৰ মাত বিনন্দীয়া,
    মাতিলি অমাতৰ মাত।[৩] - কমলানন্দ ভট্টাচাৰ্য
  2. ৰৈ ৰৈ কেতেকী বিনাই ঐ অমাতৰ মাত।[৪] - জ্যোতিপ্ৰসাদ আগৰৱালা
  3. ঠুনুকঠানাককৈ অমিয়া বৰষা,
    অমাতৰ মাত যেন কোৱা যিটো ভাষা;
    অসমীয়া ভাষা মোৰ বৰ মৰমৰ,
    জ্বলন্ত সাধনা মোৰ কত জনমৰ।[৪] - জ্যোতিপ্ৰসাদ আগৰৱালা
  4. লাজ লাজ লাজ ভণ্টি নকৰিবা আমালৈ
    হে লাজ লাজ লাজ ভণ্টি
    তোমাৰ আমাৰ একেটি
    হে জাত জাত জাত ভণ্টি
    কিনো তোমাৰ অমাতৰ
    মাত মাত মাত ভণ্টি
    নকৰিবা আমালৈ লাজ - দ্বিপেন বৰুৱাৰ গীত
  5. মন হীৰা দৈ বোৱাৰী নহয় যখিনী
    বেমাৰ নহয় গ্ৰহণী
    ভাত নহয় অমাতৰ মাত।[৫] - মহানন্দ মজিন্দাৰ বৰুৱা
  6. ফাগুনে মায়া জানে
    ৰাতি হ'লে শুকান ডালে-ডালে
    জোন জ্বলি উঠে৷
    হিয়া ভাঙি অমাতৰ মাত মাতে
    কৰুণ কেতেকীয়ে৷ -হীৰেন ভট্টাচাৰ্য
  7. সুৰত-প্ৰসঙ্গী সৌ কপোত-মিথুন,
    ৰঙেৰে আধাৰ বাটি
    অমাতৰ মাত মাতি
    দেখাইছে প্ৰণয়ৰ চানেকি চিকুণ;[৬] - ৰঘুনাথ চৌধুৰী
  1. অমাতৰ মাত. প্ৰকাশক: xobdo.org.
  2. পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৪. প্ৰকাশক: ৱিকিউৎস.
  3. কমলানন্দ ভট্টাচাৰ্যৰ গীত
  4. ৪.০ ৪.১ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত
  5. বোৱাৰী বোলছবিৰ গীত
  6. ৰঘুনাথ চৌধুৰীৰ “দহিকতৰা” কবিতাৰ এটি শাৰী।