সমললৈ যাওক

অমলেন্দু গুহ

ৱিকিউদ্ধৃতিৰ পৰা

ড॰ অমলেন্দু গুহ (জন্ম ৩০ জানুৱাৰী ১৯২৪- ৭ মে' ২০১৫) অসমৰ এগৰাকী বাওঁপন্থী মতাদৰ্শৰ খ্যাতনামা ইতিহাসবিদ, সমাজবিদ, কবি আৰু সাহিত্যিক পেঞ্চনাৰ আছিল।[][] তেওঁ দৰং কলেজৰ অৰ্থনীতি বিভাগৰ অধ্যাপক আছিল আৰু দিল্লীৰ ইণ্ডিয়ান স্কুল অব্ ইণ্টাৰনেচনেল ষ্টাডিজৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰিছিল।[]

  1. মোৰ মৃত্যুৰ পাছত যেন কোনোধৰণৰ ধৰ্মীয় আনুষ্ঠানিকতা কৰা নহয়।[]
  2. মই অসমৰ প্ৰেমত পৰিছোঁ। অসমৰ প্ৰকৃতি,অসমৰ সভ্যতা-সংস্কৃতি, অসমৰ মানুহ আৰু সমাজ,অসমৰ জীৱন-ধাৰা— এই সকলোৰে প্ৰতি মই এটা তীব্ৰ ৰোমান্টিক প্ৰেমৰ প্ৰতীক হিচাপে মই এজনী অসমীয়া ছোৱালী বিয়া কৰিবলৈ ইচ্ছা কৰোঁ।[]
  3. সকলোতে জাতীয়তাবাদৰ গতিপথ দুটা দিশত আগবাঢ়িছে- সামগ্ৰিকভাৱে ভাৰতৰ ঐক্যৰ ধাৰণাৰ ওপৰত ভিত্তি কৰি গঠিত ‘মহান জাতীয়তাবাদ’, আৰু ভূখণ্ডীয় দাবী আৰু ভাষিক ঐক্যৰ ওপৰত ভিত্তি কৰি গঠিত ‘সৰু জাতীয়তাবাদ’। প্ৰথমটোৱে সদায় ভাৰতৰ বৃহৎ বুৰ্জোৱা শ্ৰেণীৰ স্বাৰ্থ ৰক্ষা কৰি আহিছে। দ্বিতীয়টো হৈছে ক্ষুদ্ৰ বুৰ্জোৱা শ্ৰেণীৰ বিশেষকৈ আঞ্চলিক মধ্যবিত্ত শ্ৰেণীৰ স্বাৰ্থৰ সুৰক্ষাৰ কথা।[]
  1. “বস্তুতঃ অমেলেন্দু গুহৰ ‘তোমালৈ’ৰ বাহিৰে অসমীয়া ভাষাত দ্বিতীয় এনে এখন কাব্যগ্ৰন্থ নাই – য’ৰ প্ৰতিটো কবিতাৰ মাজত এনে অপৰূপ বৰ্ণাঢ্য ৰূপত বিম্বিত হৈছে অসমৰ প্ৰকৃতি,মানুহ আৰু ইতিহাস। ই যেন কবিৰ অসম আৱিষ্কাৰৰ কাহিনী। অথবা ই যেন অসমলৈ তেওঁৰ আবেগবিহ্বল প্ৰেম-পত্ৰ। নিজৰ প্ৰতি আৰু জীৱনৰ প্ৰতি মানুহ কিমান সৎ আৰু আন্তৰিক হ’লে এনেভাৱে নিজৰ কথা ৰখা সম্ভৱ – তাৰ এটি জ্বলন্ত প্ৰমাণ হৈ ৰ’ল কবি অমলেন্দু গুহ।” (হোমেন বৰগোহাঞি)[]
  1. Amalendu Guha Passed Away. প্ৰকাশক: Anandabazar Patrika (8 May 2015). আহৰণ কৰা হৈছে: 12 মে' 2015.
  2. ড॰ অমলেন্দু গুহৰ কবিতা আৰু গদ্য. প্ৰকাশক: assamkart.com. Archived from the original on 2023-10-05. আহৰণ কৰা হৈছে: 12 মে' 2015.
  3. অনিমা গুহ (২০০৯)। জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি। গুৱাহাটী। বনফুল প্ৰকাশন, পৃষ্ঠা:২০০। ISBN: ৯৭৮-৮১-৯০৯৫২৩-০-৯
  4. অমলেন্দু গুহ. আহৰণ কৰা হৈছে: 25 মে' 2024.
  5. ৫.০ ৫.১ সাক্ষাৎকাৰ, অনিমা গুহ. আহৰণ কৰা হৈছে: 25 মে' 2024.
  6. অমলেন্দু গুহৰ জীৱন আৰু কৰ্ম. আহৰণ কৰা হৈছে: 25 মে' 2024.