চন্দ্ৰপ্ৰভা শইকীয়ানী

ৱিকিউদ্ধৃতিৰ পৰা

চন্দ্ৰপ্ৰভা শইকীয়ানী (ইংৰাজী: Chandraprabha Saikiani; ১৬ মাৰ্চ, ১৯০১ – ১৬ মাৰ্চ, ১৯৭২) এগৰাকী স্বাধীনতা সংগ্ৰামী, সমাজসেৱী আৰু সাহিত্যসেৱী। অসমীয়া সমাজত নাৰীৰ সন্মান তথা মৰ্যাদা ৰক্ষাৰ বাবে আগভাগ লৈছিল। 'অসম মহিলা সমিতি'ৰ প্ৰতিষ্ঠাতাসকলৰ অন্যতম।[১] পদ্মশ্ৰী বঁটা বিজয়িনী।[২] তেওঁৰ ভনীয়েক ৰজনীপ্ৰভা আছিল অসমৰ প্ৰথমগৰাকী মহিলা এম বি বি এছ।[২]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. গ্ৰেপ্তাৰৰ সম্ভাৱনাৰ কথা নজনাকৈ আন্দোলন কৰিবলৈ অহা নাই৷[৩]
  2. আপোনালোকে উত্তৰ পুৰুষৰ বাবে কিবা এটা উপহাৰ এৰি থৈ যোৱাৰ সুযোগ গ্ৰহণ কৰক, দেশৰ স্বাধীনতাই ভৱিষ্যতৰ পুৰুষৰ বাবে আপোনালোকৰ উপহাৰ হওক৷ (কংগ্ৰেছৰ স্বেচ্ছাসেৱকক উদ্দেশ্যি কোৱা)[৪]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. পৰিশিষ্ট ৯, পৰিচয়জ্ঞাপক তালিকা, শৰাইঘাট অভিধান, প্ৰথম প্ৰকাশ: দ্বিতীয় মুদ্ৰণ (নৱেম্বৰ, ২০১১), শৰাইঘাট প্ৰকাশন, পৃ: ১২১৪
  2. ২.০ ২.১ শিৱনাথ বৰ্মন (২০০৯)। চন্দ্ৰপ্ৰভা শইকীয়ানী। ডিব্ৰুগড়। বনলতা, পৃষ্ঠা:৭১।
  3. স্বাধীনতা সংগ্ৰামত চন্দ্ৰপ্ৰভা, অঞ্জলি শৰ্মা, সাতসৰী, ছেপ্তেম্বৰ ২০১০, পৃ:নং; ৮৮
  4. স্বাধীনতা সংগ্ৰামত চন্দ্ৰপ্ৰভা, অঞ্জলি শৰ্মা, সাতসৰী, ছেপ্তেম্বৰ ২০১০, পৃ:নং; ৮৭

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]