অনুভৱ তুলসী
অনুভৱ তুলসী একাধাৰে অসমৰ এগৰাকী কবি, অনুবাদক, চিনেমা সমালোচক, গল্পকাৰ, সম্পাদক।[১] বিংশ শতিকাৰ শেষৰপৰা সাম্প্ৰতিক সময়লৈকে অসমীয়া কবিতাৰ ক্ষেত্ৰখনত তেওঁ অৱদান আগবঢ়াই আহিছে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৮৪ চনত ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে। ১৯৮৩ চনৰপৰা ২০১৮ চনলৈকে শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত অধ্যাপক হিচাপে চাকৰি কৰি অৱসৰ গ্ৰহণ কৰে। তেওঁৰ প্ৰথম কবিতাপুথি ‘নাজমা’।[২] অনুভৱ তুলসীয়ে মুনীন বৰকটকী বঁটা, কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি দপ্তৰৰ জ্যেষ্ঠ ফেলশিপ সন্মান, অন্তৰ্লিপি সাহিত্য বঁটা, সাহিত্য জ্যোতি বঁটা, অসম সাহিত্য সভাৰ সভাপতিৰ শতবৰ্ষীয় সাহিত্য সম্মান, পৰনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ,নলবাৰী সাহিত্য সভাৰ জমিৰুদ্দিন আহমদ বঁটা, অসম সাহিত্য সভাৰ অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা আদি পুৰস্কাৰ লাভ কৰিছে।[৩]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ইংৰাজী ১৯৭০ বৰ্ষটোত মই সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিলোঁ। মাধৱদেৱ উচ্চ মাধ্যমিক স্কুল, আমাৰ ঘৰৰ সমুখতে। সেই বৰ্ষতে মোৰ জীৱনত তিনিটা বিশেষ ঘটনা ঘটিল। এক, কাউণ্ট লিঅ’ টলষ্টয় নামৰ বিশ্ববন্দিত মহান লেখকজনৰ ৰচনাৰ সৈতে পৰিচয়; দুই, অসমীয়া ভাষাৰ কবি ৰত্নকান্ত বৰকাকতীৰ লেখাৰ মাজেৰে কবিতাৰ পাঠোদ্ধাৰৰ লিখিত প্ৰয়াস; আৰু তিনি, আমাৰ ঘৰলৈ অহা ৰেডিঅ’টোৰ যোগেদি হোৱা দিগবলয়ৰ প্ৰসাৰ।[১]
- মহান লেখক টলষ্টয়ৰ ৰচনাৰ লগত পৰিচয় হোৱাৰ সুযোগ পাঠ্যপুথিয়েই দিলে। সুৰেন্দ্ৰমোহন দাস-কৃত টলষ্টয়ৰ গল্পৰ অসমীয়া অনুলেখন টলষ্টয়ৰ সাধু আমাৰ দ্ৰুত পাঠ্যপুথি আছিল। সেইখন কিতাপত থকা গল্পবোৰে মনত গভীৰভাৱে ৰেখাপাত কৰিছিল।[১]
- সুৰেন্দ্ৰমোহন দাসৰ অনুবাদত পঢ়া ‘মানুহ কিহেৰে জীয়াই থাকে’ গল্পৰ মুচীজন, যি আছিল এজন দেবদূত– কৰ্মদোষত মানুহৰ ৰূপত মানুহৰ মাজত থাকিবলগীয়া হৈছে– সেই মুচীজনে মানুহৰ অজ্ঞানতাৰ তিনিটা বিশেষ মুহূৰ্তত তিনিবাৰ হাঁহিছিল– সেই হাঁহিৰ মাজেৰে মানুহৰ অজ্ঞতাৰ মাজেৰে প্ৰকাশিত হোৱা সৰল আকাংক্ষা, ভৱিষ্যতৰ সপোন, জাগতিক জীৱনৰ সম্পৰ্কৰ সাঁকো প্ৰেম –এই তিনি সত্য আৱিষ্কাৰ কৰি হাঁহিছিল আৰু নিজৰ কৰ্মদোষ খণ্ডন কৰিছিল। এই জটিল সাধুটোৰ মৰ্ম বুজিব পাৰিছিল মোৰ সপ্তম শ্ৰেণীত পঢ়ি থকা শৰীৰী ৰূপটোৱে নহয়, বয়সহীন কবিসত্তাটোৱেহে। তেনেকৈয়ে ‘ধৰ্মপুত্ৰ’ নামৰ গল্পটোৰ আধাপোৰা গছৰ ডাল এটা মাটিত পুতি লৈ দীৰ্ঘদিন সেই এঙাৰ হোৱা ডালটোত পানী দি দি এঙাৰক কেনেকৈ গছপুলিৰ জীৱন দিছিল– গল্পটোৰ সেই অংশত মনটো আঠা খাই লাগি ধৰা– তাৰপৰাও যেন মোৰ মনৰ মাজত ক’ৰবাত অৰ্ধচেতন কবিসত্তাৰ উপস্থিতিৰ উমান পাইছিলোঁ। [১]
- ১৯৮০ চনত ছপা আখৰত মোৰ কবিতা প্ৰকাশ হৈছিল, আৰু তাৰ আগতেও তেনে ধৰণৰ কিছু লেখা লিখিছিলোঁ, যদিও সেয়া আছিল মাথোঁ ভাব-ভাষামিশ্ৰিত পংক্তিবিন্যাস। [১]
- অসম ইতিহাসৰ এক উত্তাল সময়ত লিখা কবিতাবোৰত সেই উত্তাল সময়ৰ কথা পৰোক্ষভাৱে দুটা-তিনিটা কবিতালৈ আহিছিল। ঘাইকৈ সেয়া আছিল মগ্ন চৈতন্যৰ তন্ময় প্ৰকাশ।[১]
- মোৰ কবিতাৰ ভাবচিত্ৰবোৰ জনজীৱনৰপৰা পোৱা। জনজীৱন আৰু অসমৰ মাটি-পানী-প্ৰকৃতিয়েই মোৰ শিপা। ভাষিক আৰু ভৌগোলিক –দুয়োটা অৱস্থানৰপৰা মই অসমীয়া। কবিতাই মোক তাকেই শিকাইছে। [১]
- ভাবক নিয়ন্ত্ৰণলৈ আনিবলৈ প্ৰতীক আৰু ভাষাক নিয়ন্ত্ৰণলৈ আনিবলৈ কল্পচিত্ৰ –মই সাধাৰণভাৱে ইয়াকে বুজোঁ। দুয়োটাৰে উদ্দেশ্য একে –অসীমক সীমাৰ মাজলৈ অনা আৰু সসীমক সীমাৰ সিপাৰ কৰি দিয়া। দুয়োটাই বিচাৰে কবিতা হওক মিতবাক, ব্যঞ্জনা হওক অমিতধ্বনি। নীৰৱতা, বচনাতীত মূৰ্ত হৈ উঠক ভাষাৰ মাধ্যমেৰে– বচনাতীত নীৰৱতালৈ যোৱাৰ এক অভিমুখ। [১]
- কবিতা ভাষা শিল্প। সেইবাবে কবিতাৰ বাবে এক শিল্পভাষাৰো প্ৰয়োজন আৰু এই কথা লৈ সদায়েই চিন্তা-চৰ্চা চলি আহিছে। সেই অনুসৰি কবিতাৰ বাবে উপযোগী ভিন্ন ভাষাৰ ৰূপৰ ৰূপান্তৰো হৈ আহিছে। আধুনিকৰ উত্তৰ কালত প্ৰান্তীয় অঞ্চললৈ আমাৰ দৃষ্টি আৰু সৃষ্টি ধাৱমান হৈছে; সেয়ে প্ৰান্তীয় অঞ্চলৰ ভাষায়ো প্ৰাধান্য পাবলৈ ধৰিছে। পূৰ্বৰ কিছুমান কেন্দ্ৰৰ ধাৰণা থৰক-বৰক হৈ পৰিছে, প্ৰান্তীয় অঞ্চলৰ নতুন কেন্দ্ৰৰ প্ৰয়োজনৰ কথাই আগস্থান পাইছে। [১]
- মোৰ কবিতাত যিটো ৰাজনৈতিক আণ্ডাৰট’ন আছে (আনন্দ বৰমুদৈদেৱে এই কথা কোনো এটা লেখাত কৈছিল), সেইটোৰ উপৰিসৌধ মই কথিত, চহা ভাষাৰে তৈয়াৰ কৰিব বিচাৰোঁ। প্ৰেমৰ কবিতা লিখিবলৈও এই ৰূপৰ ভাষাহে অধিক কাৰ্যক্ষম বুলি ভাবোঁ।[১]
- অসমীয়া ভাষাৰ ওপৰত ইউৰোপ নেলাগে ভাৰতীয় মূল ভূখণ্ডৰ সাংস্কৃতিক প্ৰভুত্বৰ, দমনৰ প্ৰয়াস পৰিকল্পতভাবে চলি আহিছে যুগ যুগ ধৰি। সেই দমন ওফৰাই দিবলৈ আমি কবিসকলে চিন্তা কৰিব পাৰোঁ। কবিতাৰ মাজেৰেই সেই পথ আমি উলিয়াব লাগিব।[১]
- কবিতাই চলচ্চিত্ৰ, চিত্ৰ-ভাস্কৰ্য, সংগীত আদি কলাৰপৰা পৰিপুষ্টি আহৰণ কৰিব পাৰে বুলি ভাবোঁ।[১]
- কবিৰ নিজাকৈ ‘ভিজুৱেল ইমাজিনেশ্যন’– দৃশ্য কল্পনা –বিধৰ গুণটো থাকে। মোৰ কবিতাত সেই গুণটোৰ প্ৰতিফলন হয়তো আছে। একাধিক কবিতাত আছে। [১]
- ভাষা-ভাবৰ ভঙ্গীৰ বহু অপমৃত্যুৰ সাক্ষী হ’ব লাগে কবি এজনে। ময়ো ব্যতিক্ৰম নহওঁ। এনে অপমৃত্যুৱে কবিক গভীৰভাৱে ব্যথিত কৰে, অস্থিৰ কৰি তোলে, সৃজনশীলতা তাৰ মাজেৰে নতুনকৈ বিৰিঙিও উঠে। মৰিশালী আৰু চেৰাশালি –দুয়োটা ৰূপেই চাব জানোতাই, কবি এজনৰ চকুৱে-মুখে দেখা পায়।[১]
- এজন গদ্য-লেখকৰ প্ৰাণৰো প্ৰাণত কবি এজন সদায়েই থাকে বুলি মই ভাবি ভাল পাওঁ।[১]
- মানুহ হিচাপে দায়িত্বশীল হ’লেহে কবিসত্তালৈ সেই গুণ যাব– মই কবি আৰু মানুহ– দুয়ো সত্তাৰ মাজত স্ব-বিৰোধ পছন্দ নকৰোঁ। [১]
- কবিতাত সমাজখনেই থাকে, কবি আৰু পাঠকজনো সোমাই থাকে। মানুহৰ কথাৰেই কবিতা– তাৰ মাজেৰেই কবিৰ জীৱন-দৰ্শন, বিশ্ববীক্ষা গঢ় লৈ উঠে।[১]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০০ ১.০১ ১.০২ ১.০৩ ১.০৪ ১.০৫ ১.০৬ ১.০৭ ১.০৮ ১.০৯ ১.১০ ১.১১ ১.১২ ১.১৩ ১.১৪ ১.১৫ ১.১৬ অনুভৱ তুলসীৰ সৈতে কথোপকথন. সাক্ষাৎকাৰ. প্ৰকাশক: Poetry without fear. আহৰণ কৰা হৈছে: 29 মে' 2024.
- ↑ ধ্ৰুৱজ্যোতি বৰা (জানুৱাৰী). গৰীয়সী. ঊনিত্ৰংশ বছৰ. pp. ৫১.
- ↑ Best of Indian Literature, Vol.- 2, Book-1 Ed. NK Bhattacharjee, AJ Thomas