সমললৈ যাওক

আনন্দ বৰমুদৈ

ৱিকিউদ্ধৃতিৰ পৰা

আনন্দ বৰমুদৈ হৈছে এগৰাকী অসমৰ এগৰাকী লেখক[], সমালোচক, অধ্যাপক, সম্পাদক৷ [] তেখেতে অসমৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰপৰা অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছে৷ অসমীয়া সমালোচনা সাহিত্যত বৰমুদৈয়ে বহুকেইখন মূল্যবান গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে ভাষা-সাহিত্য, সমালোচনা সাহিত্য, তত্ত্ব বিষয়ক বহুকেইখন গ্ৰন্থ লিখিছে আৰু সম্পাদনা কৰিছে। []

  1. এটা অভাৱ পূৰণ হোৱা বুলি ভাবিলেই অনেক অভাৱ চকুত পৰে৷ অসমীয়া সাহিত্যৰ আন ইতিহাসৰ তুলনাত আধুনিক অসমীয়া সাহিত্যৰ ইতিহাসে বহুত অভাৱৰ কথাকো সোঁৱৰায়৷[]
  2. নতুন লেখকসকলৰ লেখা মই যিমান পাৰিছোঁ, পঢ়িছোঁ৷ কিবা এটা ভাল দেখিলেই মই সেই কথা উল্লেখ কৰিছোঁ৷ তেওঁলোকে আৰু বহুত দিনলৈ লিখি থাকিব৷ নিষ্ঠাৰে সাহিত্য চৰ্চা কৰি থাকিলে তেওঁলোকে নিশ্চয় নিজক অতিক্ৰম কৰি লিখি যাব পাৰিব৷ সাহিত্যিক এজনৰ নেতিবাচক কথাই সমাজক সহায় নকৰে বুলি মোৰ বিশ্বাস হ’লে সেই কথাবোৰ আলোচনালৈ অনা নাই৷ []
  3. মানুহৰ সমাজৰ সকলো দিশলৈ সময়ে অনা পৰিৱৰ্তনৰ অধ্যয়নকে আমি সাধাৰণতে ইতিহাস বুলি ক’ব পাৰোঁ৷ ইতিহাসত তথ্য আৰু তাৰ ব্যাখ্যাই আচল কথা৷ এই ব্যাখ্যা সলনি হৈ থাকে৷ []
  4. আমাৰ আধুনিক সাহিত্যৰ ইতিহাসৰ এটা কথা চকুত পৰে৷ আমাৰ মাটি-পানী-বতাহৰ পৰা উৎপত্তি হোৱা পৰিৱেশ, পৰিস্থিতি, ঘটনাৰ অভিজ্ঞতা বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা গল্প, উপন্যাস, আধুনিক নাটক, কবিতা আদিৰ শিল্পৰূপ পছিমীয়া সাহিত্যৰ পৰা লোৱা৷ গল্প, উপন্যাস, নাটক, কবিতা আমাৰ মানুহে আমাৰ ভাষাত লিখা, কিন্তু সাহিত্য সমালোচনাৰ বাবে প্ৰয়োজনীয় মৌলিক ভিত্তিক পছিমীয়া সমালোচনা তত্ত্বই যোগান ধৰি আছে৷ অসমীয়া সাহিত্যিকৰ ওপৰত বিদেশী যিবোৰ সাহিত্যৰ প্ৰভাৱ পৰিছে, সেই প্ৰভাৱো ঘাইকৈ ইংৰাজীৰ মাধ্যমেদিয়েই আহিছে৷ ইংৰাজী সাহিত্য-সংস্কৃতিৰ প্ৰভাৱে আমাৰ সাহিত্যিকক আমাৰ সাংস্কৃতিক পৰম্পৰাৰ কাষ চপাই অনাটো মন কৰিবলগীয়া কথা৷ []
  5. আধুনিক অসমীয়া কবিতাক এককভাৱে এলিয়টে যিমান প্ৰভাৱিত কৰিছে, আন কোনো কবি-সমালোচকে কৰা নাই৷ []
  6. আধুনিক অসমীয়া সাহিত্য আৰম্ভণিৰ পৰা আলোচনীকেন্দ্ৰিক। সেই বাবে সাহিত্যৰ বুৰঞ্জীবিদে আলোচনীৰ নামেৰে সাহিত্যৰ যুগ বিভাজন কৰিছে। []
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ ইতিহাসত তথ্য আৰু তাৰ ব্যাখ্যাই আচল কথা: ড° আনন্দ বৰমুদৈৰে কথোপকথন. সাক্ষাৎকাৰ. প্ৰকাশক: নীলা চৰাই (১৯ মে' ২০২৩). আহৰণ কৰা হৈছে: 28 মে' 2024.
  2. Prof Ananda Bormudoi conferred Dambaru Kakoti Memorial Award. প্ৰকাশক: Assamtribune (15 September 2010). আহৰণ কৰা হৈছে: 3 December 2023.
  3. indianreview.in. আহৰণ কৰা হৈছে: 3 December 2023.