অঞ্জনজ্যোতি চৌধুৰী
অৱয়ব
অঞ্জনজ্যোতি চৌধুৰী হৈছে অসমৰ এজন প্ৰসিদ্ধ চিকিৎসক। তেওঁ সংগীত, সাহিত্য, নাটক আদি সকলোৰে সৈতে জড়িত এজন ব্যক্তি। তেওঁ লক্ষ্যধৰ চৌধুৰীৰ সন্তান।[১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মই পঞ্চম শ্ৰেণীত পঢ়ি থকা সময়ৰ এটা কথা। সেইসময়ত এদিন সেইসময়ৰ এজন কৃতী শিক্ষক নৃপেন শৰ্মা ছাৰে মোক এটা প্ৰশ্ন কৰিছিল- “অঞ্জন, ডাঙৰ হ’লে তুমি কি হ’ব খোজা?” মই ক’লোঁ- “ছাৰ, মই নিজেই বহুত ডাঙৰ মানুহ।” ছাৰে কিয় মই নিজকে ডাঙৰ মানুহ বুলি ভাবোঁ বুজাই ক’বলৈ ক’লে। মই ক’লোঁ- “ছাৰ মোক সৰুতে বহু ডাঙৰ, বিখ্যাত মানুহে কোলাত লৈছিল। নামবোৰ ক’লে আপুনি বিশ্বাস নকৰিব। তেওঁলোক হৈছে- বিষ্ণু ৰাভা, নিপ বৰুৱা, ব্ৰজেন বৰুৱা, সৰ্বেশ্বৰ চক্ৰৱৰ্তী, প্ৰবীণ ফুকন, যুগল দাস, মোৱাজিন আলী, দুৰ্বাশ্বৰ বৰঠাকুৰ, বিমলা প্ৰসাদ চলিহা, মহেন্দ্ৰ মোহন চৌধুৰী, বিশ্ব গোস্বামী, বিজয় শংকৰ, ইভা আচাও, অনিমেষ গাংগুলী….” ছাৰে মোক আৰু ক’ব নালাগে বুলি কৈ ক’লে-“ডাঙৰ মানুহৰ কোলাত উঠিলেই ডাঙৰ মানুহ হ’ব নোৱাৰি। নিজে পঢ়া-শুনা কৰি নিজৰ ভৰিত নিজে থিয় দিব পাৰিলেহে ডাঙৰ মানুহ হ’ব পাৰি।” [১]
- এজন চিকিৎসক হ’বলৈ শিক্ষাৰ উপৰিও আন বহু মানৱীয় গুণ থাকিব লাগে।[১]
- হাস্য-ব্যংগ ৰচনা এক উচ্চস্তৰৰ সাহিত্য।[১]
- ব্যঙ্গ ৰচনা মানেই হাস্য, কৌতুক বা যাত্ৰাভাস নহয়। হাস্য, কৌতুক আৰু যাত্ৰাভাসৰ সৈতে ইয়াৰ শৈলীৰ সম্পূৰ্ণ পাৰ্থক্য আছে।[১]
- লিখা মেলা সংগীতৰ লগত জড়িত হৈ জীৱনত যি সুখ পাইছোঁ তাক ভাষাৰে বুজাব নোৱাৰোঁ। এটা আশা ৰৈ গ’ল। অমিতাভ বচ্চনৰ দৰে খঙাল নায়ক হৈ অসমীয়া কথাছবি জগতত খলকনি তুলিবলৈ বৰ মন আছিল।[১]
- প্ৰেম কৰিবৰ বাবে নিশ্চয় কিছু সাহসৰ দৰকাৰ। সেই সাহস মোৰ নাছিল।[১]