ৰূপালীম
অৱয়ব
ৰূপালীম জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত তৃতীয়খন সম্পূৰ্ণ নাটক। ১৯৩৬ চনত ৰচিত এই নাটখনিত সাতটাকৈ অংক আছে। ১৯৩৭ চনত এই নাটখন প্ৰথমতে তেজপুৰৰ বাণ ৰঙ্গমঞ্চত মঞ্চস্থ কৰা হয়। এই ৰোমাণ্টিক বিয়োগান্তক নাটখন জ্যোতিপ্ৰসাদৰ অন্যতম শ্ৰেষ্ঠ ৰচনা বুলি অভিহিত কৰা হয়।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ‘স্ত্ৰী বুদ্ধি প্ৰলয়ঙ্কৰী’—শাস্ত্ৰৰ বচন। ইতিভেন ! তহঁতৰ বুদ্ধিয়ে ৰান্ধনীঘৰৰ মাৰলী কেইডালকে ঢুকি নেপায়গৈ। এতিয়া তেনে কটীয়া বুদ্ধিৰে ৰজাৰ বৰচ’ৰাৰ মূধচ চুবলৈ আহিছ![১]
- “ৰূপালীম্! তোমাৰ এই পঙ্কজকান্তিৰ সুন্দৰ দেহাত এতিয়াই মোৰ বাসনাৰ ৰঙা গোলাপ-গুৰি সানি দিব পাৰোঁ। তোমাৰ সোণ-সেন্দুৰীয়া কপালত মোৰ তপত নিশাহ বোৱাব পাৰোঁ! তোমাৰ ওঠৰপৰা বৈ অহা ৰূপৰ ফটিকা মই এতিয়াই বাটিয়ে বাটিয়ে পি—তোমাৰ লৱনুকোমল বুকুৰ পৰশত ৰোমাঞ্চিত হৈ কামনাৰ সকলো পিয়াহ গুচাব পাৰোঁ—হেলাৰঙে-অনায়াসে—”[২]