ৰূপান্তৰৰ ৰেহৰূপ
অৱয়ব
ৰূপান্তৰৰ ৰেহৰূপ সাহিত্যিক শিৱনাথ বৰ্মনে লিখা এখন প্ৰবন্ধ সংকলন। সংকলনখনিত মুঠ ৩০টা প্ৰবন্ধ সন্নিৱিষ্ট কৰা আছে। প্ৰবন্ধবোৰৰ বিষয়বস্তু যদিও সাহিত্য, তথাপি আন বিষয়েই ঠাই পাইছে৷ অৱশ্যে অন্তৰ্লীন ঐক্যসূত্ৰই অসমীয়া সাহিত্যৰ ৰূপান্তৰক বুজি উঠাত সহায় কৰিছে।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "আধুনিকতাৰ সূত্ৰায়ন দুষ্কৰ। আধুনিকতা আৰু সাম্প্ৰতিকতা - দুয়োটা শব্দ আভিধানিকভাৱে সমাৰ্থক। হ'লেও আধুনিকতা শব্দত মানৱীয় প্ৰমূল্যৰ, মানৱীয় মহত্ত্বৰ, মানৱীয় প্ৰগতিৰ যি ব্যঞ্জনা নিহিত, সাম্প্ৰতিকতা শব্দত তাৰ অভাৱ।"[১]
- "আধুনিকতাত কালোত্তৰণৰ দ্যোতনা থাকিলেও ই কালোৰ্ধ্ব নহয়।"[১]
- "আধুনিকতা কেৱল কালভিত্তিক নহয়, আনহাতে ই কালাতীতো নহয়।"[১]
- "যিসকল চৰকাৰী চাকৰিয়ালে স্বাধীনতা সংগ্ৰামত ভাগ লোৱা নাছিল, তেওঁলোকৰো অনেকেই গোপনে হ'লেও স্বাধীনতাকামী আছিল।"[২]
- "স্বাধীনতাই আমাক দিলে ৰাজনৈতিক মুক্তিৰ সোৱাদ।"[৩]
- "কোনোধৰণৰ বলৱান, বিকল্প আদৰ্শ নথকাত আমাৰ তৰুণ সাহিত্যিক-বুদ্ধিজীৱীসকল যেন হৈ পৰিছে কাণ্ডাৰীবিহীন যাত্ৰীৰ দৰে। কিবা আদৰ্শ যদি অৱশিষ্ট ৰৈছেগৈ, তেন্তে সি হ'ল ভোগৰ আদৰ্শ - যাৰ অবশ্যম্ভাৱী পৰিণতি হ'লগৈ আত্মকেন্দ্ৰিকতা।"[৪]
- "প্ৰতীচ্যমুখিতাই আমাৰ জ্যেষ্ঠ সাহিত্যিকসকলক ছিন্নমূল কৰি তোলা নাছিল; বৰং ৰাজনৈতিক দাসত্বৰ অপমানে দেশৰ হৃত গৌৰৱ উদ্ধাৰৰ ক্ষেত্ৰত তেওেঁলাকক কৰ্মঠ কৰি তুলিছিল।"[৫]
- "এফালে আত্মকেন্দ্ৰিকতাৰ মৰাঘূলিত অৱগাহনৰ বিলাস, আনফালে পাশ্চাত্যকেন্দ্ৰকিতাৰ কৃষ্ণ বিবৰত আত্মজাহ - সম্প্ৰতি এয়ে হৈ পৰিছে আধুনিকতাৰ লক্ষণ৷"[৬]
- "মহৎ ব্যক্তিৰ মননৰ ধাৰা চিৰাচৰিত নহয়, তেওঁৰ মনোজগত বিপুল আৰু বংকিম৷ সেয়ে তেওঁৰ জীৱন দৰ্শনত ধাৰাৰ বৈপৰীত্য কেতিয়াবা আমাৰ চকুত পৰিব পাৰে৷ কিন্তু তাক তেওঁৰ মাহাত্ম্যৰ পৰিপন্থী বোলাতকৈ বৰং তাৰ প্ৰকাশ বোলাহে ভাল৷"[৭]
- "অৰ্থনৈতিকভাৱে জ্যোতিপ্ৰসাদৰ যুগটোক আমি এক হতাশাৰ যুগ বুলিবও পাৰোঁ।"[৮]
- "সামন্তীয় সমাজৰ মনোজগত ভাববাদী ধূসৰতাৰে আচ্ছন্ন হৈ থাকিবলৈ বাধ্য।"[৯]
- "জ্যোতিপ্ৰসাদ প্ৰণালীবদ্ধ চিন্তাবিদ নাছিল৷ নিজৰ স্বীকাৰোক্তি মতেই তেওঁ পণ্ডিত নাছিল, তেওঁ আছিল মনে-প্ৰাণে শিল্পী৷ কিন্তু শিল্প তেওঁৰ বাবে নাছিল পংকময় পাৰ্থিৱ জগতৰ বহু ওপৰৰ শুকুলা ডাৱৰৰ আঁৰে আঁৰে উটি ফুৰা কল্পনাৰ বিলাস৷ ই আছিল তেওঁৰ বাবে কঠোৰ বাস্তৱৰ নিৰ্বাস৷"[১০]
- "নৱকান্ত বৰুৱা, সকলোৱে জানে, বুদ্ধিৰ কবি নহয়, তেওঁ হৃদয়ৰ কবি৷"[১১]
- "অপ্ৰিয় হ’লেও সত্য,'লেখক' - এই বিশেষণযুক্ত ব্যক্তিসকল সচৰাচৰ পৰিমণ্ডলিত হৈ থাকে এটা 'লেখক-লেখক' গোন্ধেৰে - যিটোক সকলো সময়তে স্বস্তিকৰ বুলিব নোৱাৰি৷ লেখক যেন লোকোত্তৰ ব্যক্তি, সাধাৰণ মানুহৰ ধৰা-চুৱাৰ তেওঁ যেন বাহিৰত৷"[১২]
- "যিসকল লোকে লেখক হিচাপে পূৰণ বয়সত প্ৰতিষ্ঠা লাভ কৰে, স্বাভাৱিকতে লেখা-মেলাৰ প্ৰতি তেওঁলাকৰ আগ্ৰহ অংকুৰিত হোৱা দেখা যায় বাল্য অৱস্থাতে৷ ভাটি বয়সৰ সাহিত্য-কৃতি কৈশোৰৰ সাহিত্যিক চখৰেই সফল পৰিণতি - এইটোৱেই হ’ল সাহিত্য সাধনাৰ সৰ্পিল পথেদি আগবঢ়াৰ অলিখিত বিধি৷"[১২]
- "শিল্প-কলা জগতত গীত আৰু নাটৰ স্থান সুকীয়া৷ কবিতা বা উপন্যাসৰ নিচিনাকৈ গীত-নাট কেৱল পঢি়বৰ বাবে লিখা নহয়৷ গীত লিখা হয় গাবৰ বাবে, নাট লিখা হয় ‘চাব’ৰ বাবে; গীতত সুৰ আৰু বাদ্য প্ৰধান, যেনেকৈ নাটকত অভিনয় তথা উপস্থাপনৰ ৰীতি প্ৰধান৷"[১৩]
- "‘সমস্তই ৰাজনীতি’(Everything is politics) – ঊনবিংশ শতকিাৰ নাতিখ্যাত য়ুৰোপীয় লেখক গটফ্ৰিয়েড কেলনাৰে সাহিত্য প্ৰসংগত এবাৰ মন্তব্য কৰিছিল এইদৰে৷ ৰাজনীতি বুলিলেই উচপ খাই উঠা, অন্তঃসাৰশূন্য আংগিককেই সাহিত্য বুলি ভবা আমাৰ কুসুম-কোমল, আলসুৱা সাহিত্যিকবৃন্দক কেলনাৰৰ এনে ‘খহটা’ উক্তিয়ে বিৰক্ত তথা ভীত কৰা স্বাভাৱিক৷ পোনপটীয়াকৈ হওক বা আওপকীয়াকৈ হওক, ৰাজনীতিৰ লগত সম্পৰ্ক নথকা কোনো বিষয়বস্তু বিচাৰি নাপাই এই সাহিত্যিকবৃন্দই ৰূপজনিত সৌন্দৰ্যকেই সাহিত্য বুলি সাবট মাৰি ধৰে৷ তেওেঁলাকে পাহৰি যায় যে জীৱন, জৈৱনিক অনুভূতি শাওনমহীয়া বৰ লুইতৰ দৰে; আংগিকৰ সৌন্দৰ্যলৈ ই অপেক্ষা নকৰে, বৰং সৌন্দৰ্যক ই তাৰ পাৰভঙা ধলৰ স’তে কঢি়য়াই আনে৷ সেয়ে নোহোৱা হ’ল আংগিকৰ প্ৰতি সামান্য আওকণীয়া টলষ্টয়ৰ ৰচনাৰাজি মহৎ সাহিত্য বুলি আজিও বিবেচিত হৈ নাথাকিলহেঁতেন৷"[১৪]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ ১.২ ড০ শিৱনাথ বৰ্মন (২০১৩)। ৰূপান্তৰৰ ৰেহৰূপ। আঁক-বাক, গুৱাহাটী -১, পৃষ্ঠা:৯। ISBN: 978-93-82726-13-5।
- ↑ ড০ শিৱনাথ বৰ্মন (২০১৩)। ৰূপান্তৰৰ ৰেহৰূপ। আঁক-বাক, গুৱাহাটী -১, অসম, পৃষ্ঠা:১২। ISBN: 978-93-82726-13-5।
- ↑ ড০ শিৱনাথ বৰ্মন (২০১৩)। ৰূপান্তৰৰ ৰেহৰূপ। আঁক-বাক, গুৱাহাটী-১, অসম, পৃষ্ঠা:১৬। ISBN: 978-93-82726-13-5।
- ↑ ড০ শিৱনাথ বৰ্মন (২০১৩)। ৰূপান্তৰৰ ৰেহৰূপ। আঁক-বাক, গুৱাহাটী-১, অসম, পৃষ্ঠা:১৭। ISBN: 978-93-82726-13-5।
- ↑ ড০ শিৱনাথ বৰ্মন (২০১৩)। ৰূপান্তৰৰ ৰেহৰূপ। আঁক-বাক, গুৱাহাটী-১, অসম, পৃষ্ঠা:১৮। ISBN: 978-93-82726-13-5।
- ↑ ড০ শিৱনাথ বৰ্মন (২০১৩)। ৰূপান্তৰৰ ৰেহৰূপ। আঁক-বাক, গুৱাহাটী-১, অসম, পৃষ্ঠা:১৯। ISBN: 978-93-82726-13-5।
- ↑ ড০ শিৱনাথ বৰ্মন (২০১৩)। ৰূপান্তৰৰ ৰেহৰূপ। আঁক-বাক, গুৱাহাটী-১, অসম, পৃষ্ঠা:৩১। ISBN: 978-93-82726-13-5।
- ↑ ড০ শিৱনাথ বৰ্মন (২০১৩)। ৰূপান্তৰৰ ৰেহৰূপ। আঁক-বাক, গুৱাহাটী-১, অসম, পৃষ্ঠা:৩২। ISBN: 978-93-82726-13-5।
- ↑ ড০ শিৱনাথ বৰ্মন (২০১৩)। ৰূপান্তৰৰ ৰেহৰূপ। আঁক-বাক, গুৱাহাটী-১, অসম, পৃষ্ঠা:৩৩। ISBN: 978-93-82726-13-5।
- ↑ ড০ শিৱনাথ বৰ্মন (২০১৩)। ৰূপান্তৰৰ ৰেহৰূপ। আঁক-বাক, গুৱাহাটী-১, অসম, পৃষ্ঠা:৩৭। ISBN: 978-93-82726-13-5।
- ↑ ড০ শিৱনাথ বৰ্মন (২০১৩)। ৰূপান্তৰৰ ৰেহৰূপ। আঁক-বাক, গুৱাহাটী-১, অসম, পৃষ্ঠা:৫৩। ISBN: 978-93-82726-13-5।
- ↑ ১২.০ ১২.১ ড০ শিৱনাথ বৰ্মন (২০১৩)। ৰূপান্তৰৰ ৰেহৰূপ। আঁক-বাক, গুৱাহাটী-১, অসম, পৃষ্ঠা:৫৭। ISBN: 978-93-82726-13-5।
- ↑ ড০ শিৱনাথ বৰ্মন (২০১৩)। ৰূপান্তৰৰ ৰেহৰূপ। আঁক-বাক, গুৱাহাটী-১, অসম, পৃষ্ঠা:৬৫। ISBN: 978-93-82726-13-5।
- ↑ ড০ শিৱনাথ বৰ্মন (২০১৩)। ৰূপান্তৰৰ ৰেহৰূপ। আঁক-বাক, গুৱাহাটী-১, অসম, পৃষ্ঠা:৭৫। ISBN: 978-93-82726-13-5।