সমললৈ যাওক

ৰূপম ভূঞা

ৱিকিউদ্ধৃতিৰ পৰা

ৰূপম ভূঞা অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত পৰিচালক।[১] [২] তেওঁ অসমীয়া ভাষাৰ বাহিৰেও হিন্দী, বাংলা,ৰাজস্থানী আদি ভাষাত গীত গাইছে। ইয়াৰ উপৰি তেখেতে উত্তৰ-পূৱৰ কুকি ভাষাতো গীত গাইছে লগতে চাহ-বাগানৰ গীতো গাইছে।[৩] তেওঁ নৰ্থ-ইষ্ট ব্ৰীজ নামৰ এটা বেণ্ডৰ অন্যতম সদস্য। কটন কলেজত দুবাৰকৈ শ্ৰেষ্ঠ গায়কৰ খিতাপ লাভ কৰা ৰূপম ভূঞাই ২০০৯ চনত আইডিয়া ৰকচ্ ইণ্ডিয়া নামৰ অনুষ্ঠানত তেওঁৰ ‘নৰ্থ-ইষ্ট ব্ৰীজ’ নামৰ দলটোৰে অংশ লৈ দ্বিতীয় স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল। [৪][৫]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ব্যংগ বহুত ডাঙৰ অস্ত্ৰ গণতন্ত্ৰৰ বাবে। [১]
  2. প্ৰেমত বুলি কোৱা নাই বন্ধুত্বৰ ক্ষেত্ৰত আৰু বহুত ক্ষেত্ৰতে হয়। আমি যিবোৰ বস্তু দেখি থাকোঁ দূৰৰ পৰা, ওচৰত সেয়া নহয়। [১]
  3. গছ থাকিলেহে মানুহ থাকিব ..। বাকী আৰু সকলো বাদ দিয়া। আগতে পৰিৱেশটো আমি ভাল কৰিব লাগে। আমি যিখিনি বেয়া কৰিছোঁ, “প্লাষ্টিক ৰাস্তাত পেলাব নালাগে”- এনেকুৱা ধৰণৰ কিছুমান বস্তু যদি আমি পাৰোঁ কম ব্যৱহাৰ কৰিব লাগে, যিটো ন’হলে নহয়। পানীৰ অলপ ভালকৈ ব্যৱহাৰ কৰিব লাগে। যাৰ সামৰ্থ আছে বৰষুণৰ পানী ধৰি উপযোগী কৰক।[১]
  4. গীত এটা গাবলৈ বাছনি কৰোতে আটাইতকৈ দৰকাৰী হ’ল গীতৰ কথা। কিন্তু গীত এটা গোৱাৰ সময়ত মই গীতৰ কথা আৰু সুৰ দুয়োটাৰে ওপৰত খুব গুৰুত্ব আৰোপ কৰোঁ। আৰু পৰীক্ষা-নিৰীক্ষা চলোৱাৰ কথা সাধাৰণতে নিজৰ কম্প’জিচনৰ ওপৰতহে ভাবোঁ। আনৰ ৰচনাত কেতিয়াও নাভাবোঁ। সেইটো গীত ৰচোতাজনৰহে অধিকাৰ বুলি মই ভাবোঁ।[৩]
  5. গীত এটা সৃষ্টিৰ ক্ষেত্ৰত গীতৰ কথা বা সুৰ কোনোটো কাৰণতে এটা আনটোতকৈ কম বা বেছি গুৰুত্বপূৰ্ণ বুলি ক’ব নোৱাৰি। [৩]
  6. মই ভাল বুলি ভবা, ভাল পোৱা কিছু গীতৰ প্ৰযোজনা কৰি গৈ থাকিম আৰু ব্যৱসায়িক দিশৰ কথা ভাবি গীতৰ গুণক লৈ কেতিয়াও আপোচ নকৰোঁ। [৩]
  7. সংগীত শিল্পীসকলৰ ক্ষেত্ৰত জীৱন আৰু সংগীত একেলগে গৈ থাকে। এজন সংগীতজ্ঞ বা গায়কৰ নিজৰ জীৱনটো বিশেষকৈ স্বাধীন সংগীত বা নিজাববীয়া সংগীতৰ ক্ষেত্ৰত তেওঁৰ সংগীতৰদ্বাৰা প্ৰতিফলিত হয়। তেওঁৰ ব্যক্তিত্ব, তেওঁৰ চিন্তা আচলতে জীৱনধাৰাৰ গোটেইখিনি তেওঁৰ সংগীতৰ মাজেদিয়ে প্ৰতিফলিত হয়। [৩]
  8. নৱ প্ৰজন্মৰ সংগীত শিল্পীসকললৈ মোৰ এটাই অনুৰোধ, তেওঁলোকে যাতে ভাল গীত শুনে আৰু যিটো ভাষাতে গীত গায় সেই ভাষাটোৰ বিষয়ে অলপ অধ্যয়ন কৰে, যাতে ব্যাকৰণৰ ভুল হোৱাকে গীত ৰচনা নকৰে আৰু সুৰসমূহ যাতে গীতৰ কথাৰ লগত সংগতি ৰাখি শুৱলাকৈ সংযোজন হয়। [৩]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ ১.৩ সাক্ষাৎকাৰ – জনপ্ৰিয় গায়ক ৰূপম ভূঞাৰ সৈতে এখন্তেক. সাক্ষাৎকাৰ. প্ৰকাশক: ফটাঢোল (১ ডিচেম্বৰ ২০১৯). আহৰণ কৰা হৈছে: 23 মে' 2024.
  2. সাক্ষাৎকাৰ. প্ৰকাশক: xahitya.org (১৪ মে,২০১৪). আহৰণ কৰা হৈছে: 30 May 2020.সাঁচ:Dead link
  3. ৩.০ ৩.১ ৩.২ ৩.৩ ৩.৪ ৩.৫ হাতীবৰুৱা,সুজাতা (৯ জানুৱাৰী ২০১৭). সাক্ষাৎকাৰ. প্ৰকাশক: মুক্তচিন্তা. আহৰণ কৰা হৈছে: 30 May 2020.
  4. Band of boys ready to rock – Music show finalist Northeast Breeze mixes folk with Bollywood beats, The Telegraph (Calcutta)
  5. Assam takes creative, traditional route to celebrate its culture, Business Standard