সমললৈ যাওক

ৰাহুল দ্ৰাবিড়

ৱিকিউদ্ধৃতিৰ পৰা
ৰাহুল দ্ৰাবিড়

ৰাহুল দ্ৰাবিড় (ইংৰাজী: Rahul Dravid; ১১ জানুৱাৰী, ১৯৭৩) এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈ আৰু ভাৰতীয় জাতীয় দলৰ অধিনায়ক। তেওঁক বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠ খেলুৱৈ সকলৰ ভিতৰত অন্যতম। মাৰাঠী পৰিয়ালত জন্মগ্ৰহণ কৰা দ্ৰাবিড়ে ১২ বছৰ বয়সৰ পৰাই ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিল আৰু পাছলৈ ১৫ অনূৰ্ধ্ব, ১৭ অনূৰ্ধ্ব আৰু ১৯ অনূৰ্ধ্ব পৰ্যায়ত নিজ ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল। “দ্য ৱাল’’ হিচাপে পৰিচিত দ্ৰাৱিড়ে ৱিজডেন ক্ৰিকেটাৰ্চ অলমানাকৰ (Wisden Cricketers' Almanack) ২০০০ চনৰ বছৰটোৰ বিশ্বৰ পাঁচজন শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ তালিকাত স্থান লাভ কৰিছিল৷

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • মই আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিব বিচাৰিছোঁ। ভাৰতৰ হৈ প্ৰথম টেষ্ট মেচ খেলাৰ ১৬ বছৰ হ’ল আৰু আজি মই অনুভৱ কৰিছোঁ যে এয়া আগবাঢ়ি যোৱাৰ সময়। এসময়ত ময়ো ভাৰতৰ আন সকলো ল'ৰাৰ দৰে দেশৰ হৈ খেলাৰ সপোন দেখিছিলোঁ। তথাপিও ইমান দীঘলীয়া আৰু ইমান পূৰ্ণতাপূৰ্ণ যাত্ৰা মই কেতিয়াও কল্পনা কৰিব নোৱাৰিলোঁহেঁতেন।
  • কোনো সপোনক কেতিয়াও অকলে ঢুকি পাব নোৱাৰি। পিছলৈ ঘূৰি চাওঁতে মোক শিকোৱা আৰু মোক বিশ্বাস কৰাৰ বাবে ধন্যবাদ দিবলগীয়া বহুত মানুহ আছে। বাংগালোৰ আৰু বিভিন্ন জুনিয়ৰ ৰাষ্ট্ৰীয় শিবিৰত মোৰ জুনিয়ৰ প্ৰশিক্ষকসকলে মোৰ মনত খেলখনৰ প্ৰতি এক শক্তিশালী প্ৰেমৰ বীজ সিঁচিছিল যিটো মোৰ লগত সদায় ৰৈ গৈছে৷
  • “মই ভাবো আমি প্ৰতিভাক ভুল বিচাৰ কৰোঁ। আমি প্ৰতিভা হিচাপে কি চাওঁ? মই নিজেও একে ভুল কৰিছোঁ বুলি ভাবোঁ। আমি প্ৰতিভাৰ বিচাৰ কৰোঁ মানুহৰ ক্ৰিকেট বল মাৰিব পৰা ক্ষমতাৰ ওপৰত। মৃদু টোকৰ, সময়। সেইটোৱেই একমাত্ৰ বস্তু আমি প্ৰতিভা হিচাপে দেখিবলৈ পাওঁ৷ দৃঢ়তা, সাহস, অনুশাসন, স্বভাৱ, এইবোৰো প্ৰতিভা।”
    • ২০১২ চনত ESPNcricinfo আৰু Walt Disneyই প্ৰকাশ কৰা তেওঁৰ বিষয়ে লেখাৰ সংকলন IndiaTimeless Steel উদ্বোধনৰ সময়ত ৰাহুল দ্ৰাবিড়ে হৰ্ষ ভোগলে আৰু সঞ্জয় মঞ্জৰেকাৰৰ লগত পৰা কথা৷ 'I may have thought too much about the game but that's who I was'
  • আঙুলিয়াই দিব পৰাকৈ কোনো এটা বিশেষ কাৰণ নাই। এই খেলখনৰ আগতে কোনো পৰ্যায়তে অনুভৱ কৰা নাছিলোঁ যে ল’ৰাহঁত বিহ্বল হৈছে বা খেলৰ বাবে ভয় খাইছে। মই ভাবিছিলোঁ যে এই বিশেষ খেলখন খেলাৰ আগতে ল’ৰাহঁতৰ শক্তি আৰু মানসিক স্থান নিখুঁত আছিল৷
    • ২০২৩ চনৰ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াত হাতত পৰাস্ত হোৱাৰ পাছত সংবাদমেলত প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় 'We haven't played any fearful cricket in this final'

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা:
Commons
Commons

লগতে চাওক[সম্পাদনা কৰক | উৎস সম্পাদনা]