সমললৈ যাওক

ৰামকৃষ্ণ পৰমহংস

ৱিকিউদ্ধৃতিৰ পৰা
ৰামকৃষ্ণ পৰমহংস

শ্ৰী ৰামকৃষ্ণ (১৮৩৬ খ্ৰীষ্টাব্দ - ১৮৮৬ খ্ৰীষ্টাব্দ) আছিল ভাৰতৰ এজন মহান সন্ত তথা ধৰ্মাচাৰক। কথিত মতে তেওঁৰ সৰুৰে পৰা বিশ্বাস আছিল যে ঈশ্বৰৰ দৰ্শন সম্ভৱ। সেয়েহে তেওঁৰ জীৱন আছিল কঠোৰ সাধনা আৰু ভক্তিৰে পৰিপূৰ্ণ। তেওঁ আছিল মানৱতাৰ পূজাৰী। তেওঁৰ দেউতাকৰ নাম আছিল খুদিৰাম চট্টোপাধ্যায় আৰু মাকৰ নাম আছিল চন্দ্ৰমনি দেৱী। ৰামকৃষ্ণ পৰমহংসৰ পৰম শিষ্য আছিল স্বামী বিবেকানন্দ। তেখেতে ১৮৮৬ খ্ৰীষ্টাব্দৰ ১৫ আগষ্টত শেষ নিশ্বাস গ্ৰহণ কৰে।

  1. কথা আৰু কামৰ সুসংগতকৰণ চৰিত্ৰ নিৰ্মাণৰ অন্যতম স্বৰ্ত।[উৎসৰ প্ৰয়োজন]
  2. স্বধৰ্মৰ বাহিৰে আনৰ ধৰ্মক বেয়া বুলি ভবা বেয়া। নানা বাটেদি গৈয়ো ঈশ্বৰৰ ওচৰত প্ৰৱেশ কৰিব পাৰি।[উৎসৰ প্ৰয়োজন]
  3. পৃথিৱীৰ আটাইতকৈ বেয়া কাম আনৰ সুনাম নষ্ট কৰা৷[]
  4. আৰ্চ্চীত মলি থাকিলে তোমাৰ ৰূপ ভালকৈ নেদেখা। সেইদৰে চিত্তত মলি থাকিলে সচ্চিদানন্দৰ ৰূপ দেখা নাযায়। গতিকে চিত্ত সদায় নিৰ্ম্মলকৈ ৰাখিবা।[]
  5. ঈশ্বৰক ব্যাকুল ভাৱে বিচাৰিলে তেওঁ দেখা দিয়ে, তেওঁৰ লগত কথা-বতাৰাও হব পাৰি! এই কথা বিশ্বাস কৰিবলৈ টান; কিন্তু কথা সঁচা।[]
  6. বিশ্বাসতকৈ ডাঙৰ বস্তু নাই। ঈশ্বৰৰ শৰণাগত হোৱা, সকলো পাবা। তেওঁ তোমাক সদ্বুদ্ধি দিব আৰু তোমাৰ সকলো ভাৰ লব। যদি ৰাম নাম ললে বা হৰিনাম শুনিলে তোমাৰ ৰোমাঞ্চ হয়, চকুৰ পানী ওলায়, তেন্তে জানিবা যে, সন্ধ্যা-গায়ত্ৰীৰ আৱশ্যক নাই। তেতিয়া বুজিবা যে, তোমাৰ কৰ্ম্ম ত্যাগৰ অধিকাৰ হৈছে। কৰ্ম্মই নিজে নিজেই তোমাক ত্যাগ কৰিছে।[]
  7. ধন নহলে পেটৰ ভাত, গাৰ কাপোৰ, সাধু-ফকিৰৰ সেৱা একোকে কৰিব নোৱাৰি। এতেকে ধন ঘটা অতি আৱশ্যক। কিন্তু সজ উপায়েৰেহে ধন ঘটিবা। সেই বুলি ধন ঘটাতে মন ঢালি নিদিবা।[]
  8. নাৰায়ণ সকলোতে আছে সঁচা; কিন্তু সকলোতে সমানে প্ৰকাশ নাপায়। বেলিৰ পোহৰ সকলো ঠাইতে পৰে; কিন্তু নদীৰ পানী আৰু আৰ্চ্চীত সি বেচিকৈ প্ৰকাশ পায়। গতিকে তেওঁৰে প্ৰকাশ মানুহক সেৱা কৰিলে তেওঁকে সেৱা কৰা হয়।[]
  9. গুৰুগিৰি নকৰিব ঈশ্বৰৰ আদেশ নাপালে গুৰু হব নোৱাৰি। তুলাচনি পাতল ফালেহে ডাং খায়। সেই দৰে যি নিজক গুৰু বোলাব খোজে সি আচলতে পাতল। []
  10. সংসাৰখন পানী আৰু মনটো এৱাঁ গাখীৰৰ দৰে। পানীত এৱাঁ গাখীৰ মিলি যায়। সেইদৰে মনটো সংসাৰত মিলি সেইদৰে মনটো সংসাৰত মিলি যায়। কিন্তু মাখন পানীত ভাহে, ই পানীত মিহলি নহয়। গতিকে মনৰূপ গাখীৰ মঁথি মাখন উলিয়াই সংসাৰ ৰূপ পানীত ডুবাই ৰাখিবা।[]
  11. আঁহত গছৰ পুলি এটা গৰু-ছাগলিৰ মুখৰ পৰা ৰাখিব পাৰিলে পাচত তাত হাতী বান্ধিব পাৰি। সেইদৰে ভগবানক ভজি মনটো ডাঠ কৰি লব পাৰিলে সংসাৰ ৰূপ ধুমুহাই তোমাৰ একো বিঘিনি ঘটাব নোৱাৰে।[]
  12. প্ৰতিমা সাজোঁতে কাৰিকৰে মূৰটো সাচত তৈয়াৰ কৰে। প্ৰতিমা তৈয়াৰ হোৱাৰ পাচত কিন্তু সাঁচৰ আৱশ্যক নাই। সেইদৰে অন্তৰত পৰমেশ্বৰৰ মূৰ্ত্তি গঠিত নোহোৱালৈকে দেহৰ দৰকাৰ; মূৰ্ত্তি গঠিত হৈ উঠিলে দেহৰ আৱশ্যক নাই।[]
  13. মই ডাঙৰ, সি সৰু এনে ভাৱ যিজনৰ মনত আছে, সি অন্ধকূপত পৰি আছে। যি ধৰ্ম্ম ভাৱত উচ্চাসন পায়, তাৰ মনত সৰু-বৰ ভাৱ নাই। কলিকাতাৰ আলিবাটত নানা জাতিৰ মানুহ-গৰু, গাৰী-ঘোঁৰা দেখা যায়। কিন্তু মনুমেন্টত উঠি চালে সকলোকে একাকাৰ দেখি।[]
  14. কাকো নিন্দা নকৰিবা। সংসাৰত দুষ্ট-ডকাইত, সুৰূপ- কুৰূপ, দুখীয়া-ভিকহু সকলো মানুহেই ভগবানৰ প্ৰকাশ।[]
  15. চাকিৰ পোহৰত কোনোৱে ভাগৱত পঢ়ে, কোনোৱেবা মাছ মাৰিবলৈ জাল গুঁথে। কিন্তু চাকিৰ তালৈ লক্ষ্য নাই। সি সকলোকে সমানে পোহৰ দিয়ে। সেইদৰে সংসাৰত সু আৰু কু দুবিধ বৃত্তিৰ ক্ৰিয়া দেখা যায়। কিন্তু ভগবান উভয়তে নিৰ্লিপ্ত। তেওঁৰ কৰুণা সকলোৱে সমানে পাইছে।[]
  1. অমৃত বাণী, সংগ্ৰাহক: চন্দ্ৰোপল বৰা, ১ আগষ্ট ২০১৪
  2. ২.০০ ২.০১ ২.০২ ২.০৩ ২.০৪ ২.০৫ ২.০৬ ২.০৭ ২.০৮ ২.০৯ ২.১০ ২.১১ অমৰ কাহিনী,কাশী নাথ বৰ্মন, গ্ৰন্থাকাৰৰ দ্বাৰা প্ৰকাশিত,১৯৪৯