ৰামকৃষ্ণ পৰমহংস

ৱিকিউদ্ধৃতিৰ পৰা
ৰামকৃষ্ণ পৰমহংস

শ্ৰী ৰামকৃষ্ণ (১৮৩৬ খ্ৰীষ্টাব্দ - ১৮৮৬ খ্ৰীষ্টাব্দ) আছিল ভাৰতৰ এজন মহান সন্ত তথা ধৰ্মাচাৰক। কথিত মতে তেওঁৰ সৰুৰে পৰা বিশ্বাস আছিল যে ঈশ্বৰৰ দৰ্শন সম্ভৱ। সেয়েহে তেওঁৰ জীৱন আছিল কঠোৰ সাধনা আৰু ভক্তিৰে পৰিপূৰ্ণ। তেওঁ আছিল মানৱতাৰ পূজাৰী। তেওঁৰ দেউতাকৰ নাম আছিল খুদিৰাম চট্টোপাধ্যায় আৰু মাকৰ নাম আছিল চন্দ্ৰমনি দেৱী। ৰামকৃষ্ণ পৰমহংসৰ পৰম শিষ্য আছিল স্বামী বিবেকানন্দ। তেখেতে ১৮৮৬ খ্ৰীষ্টাব্দৰ ১৫ আগষ্টত শেষ নিশ্বাস গ্ৰহণ কৰে।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. কথা আৰু কামৰ সুসংগতকৰণ চৰিত্ৰ নিৰ্মাণৰ অন্যতম স্বৰ্ত।[উৎসৰ প্ৰয়োজন]
  2. স্বধৰ্মৰ বাহিৰে আনৰ ধৰ্মক বেয়া বুলি ভবা বেয়া। নানা বাটেদি গৈয়ো ঈশ্বৰৰ ওচৰত প্ৰৱেশ কৰিব পাৰি।[উৎসৰ প্ৰয়োজন]
  3. পৃথিৱীৰ আটাইতকৈ বেয়া কাম আনৰ সুনাম নষ্ট কৰা৷[১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. অমৃত বাণী, সংগ্ৰাহক: চন্দ্ৰোপল বৰা, ১ আগষ্ট ২০১৪