সমললৈ যাওক

ৰাফেল নাডাল

ৱিকিউদ্ধৃতিৰ পৰা

ৰাফেল "ৰাফা" নাডাল পাৰেৰা (জন্ম: ৩ জুন ১৯৮৬) হৈছে এগৰাকী স্পেনিছ বৃত্তিগত টেনিছ খেলুৱৈ। এচ'ছিয়েচন এফ টেনিছ প্ৰফেশ্ব্যনেলছ বা চমুকৈ এটিপিৰ ৰেংকিং অনুসৰি বিশ্বত তেওঁৰ স্থান তৃতীয়। তেওঁ ২০৯ সপ্তাহৰ বাবে প্ৰথম স্থানত অধিষ্ঠিত আছিল আৰু পাঁ‌চবাৰকৈ বৰ্ষান্তৰ শীৰ্ষস্থান লাভ কৰিছিল। নাডালে ২০টা গ্ৰেণ্ড শ্লাম খিতাপ জয়েৰে ৰ'জাৰ ফেডাৰাৰ আৰু নোভাক জʼকোভিচৰ সৈতে যুটীয়াভাৱে অভিলেখ স্থাপন কৰিছে। ইয়াৰোপৰি তেওঁ ৩৬টা মাষ্টাৰ্ছ ১০০০ একক শাখাৰ খিতাপ অৰ্জনেৰে নোভাক জʼকোভিচৰ সৈতে শীৰ্ষস্থানত আছে।

নাডালে ১৩টা ফ্ৰেন্স অপেনৰ খিতাপ জয় কৰি অভিলেখ গঢ়িছে। তেওঁ লাভ কৰা ৮৮টা খিতাপৰ ৬২টাই ধূলিয়ৰী পৃষ্ঠ বা ক্লে' কোৰ্টৰ। ইয়াৰে ভিতৰত ৩৬টা এটিপি মাষ্টাৰ্ছ ১০০০ শাখাৰ খিতাপ আৰু তাৰে ২৬টাই ক্লে' কোৰ্ট বা মাটি পৃষ্ঠৰ। এই পৃষ্ঠত তেওঁ একেলেথাৰিয়ে ৮১খন মেটচত জয়লাভ কৰি অভিলেখ গঢ়িছে।

  • প্ৰিয় ৰ'জাৰ,মোৰ বন্ধু আৰু প্ৰতিদ্বন্দ্বী। এই দিনটো কেতিয়াও নাহিলে ভাল আছিল। মোৰ বাবে ব্যক্তিগতভাৱে আৰু সমগ্ৰ বিশ্বৰ ক্ৰীড়াৰ বাবে এটা দুখৰ দিন৷ এই আটাইকেইটা বছৰ আপোনাৰ সৈতে ভাগ-বটোৱাৰা কৰাটো এটা আনন্দৰ কথা কিন্তু এটা সন্মান আৰু সৌভাগ্যৰ কথাও, কোৰ্টৰ ভিতৰত আৰু বাহিৰত ইমানবোৰ আচৰিত মুহূৰ্ত কটালোঁ৷
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: