সমললৈ যাওক

ৰাধানাথ ফুকন

ৱিকিউদ্ধৃতিৰ পৰা

ৰাধানাথ ফুকন (ইংৰাজী: Radhanath Phukan) অসমৰ এগৰাকী সংস্কৃত পণ্ডিত, দাৰ্শনিক আৰু সাহিত্যিক। অসমৰ প্ৰথম স্নাতকোত্তৰ ডিগ্ৰীধাৰী লোক হোৱাৰ ওপৰিও, অসমীয়া ভাষাত দৰ্শন বিষয়ৰ মৌলিক গ্ৰন্থ ৰচনাৰ ক্ষেত্ৰত তেখেত আগৰণুৱা আছিল। তেখেতে ইংৰাজী আৰু হিন্দী ভাষাতো সাহিত্য চৰ্চা কৰিছিল।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

বিজ্ঞানৰ সিপাৰে[সম্পাদনা কৰক | উৎস সম্পাদনা]

বিজ্ঞানৰ সিপাৰে, গীতাৰ্থী সমাজ, যোৰহাট, ১৯৫৫

  • ভাত-চৰুৰ ভাত সিজিছেনে নাই জানিবলৈ হ’লে আমি এটা এটাকৈ ভাতবোৰ পিটিকি চাব নালাগে, এটা চালেই হয়৷ সেই দৰেই, জগতৰ বস্তুবোৰত কি আছে জানিবলৈ আমি প্ৰত্যেক বস্তু ভাঙি চাব নালাগে- এটা পৰমাণু চালেই হয়৷
    • পৃষ্ঠা ৬
  • কণাৰ কান্ধত খোঁৰা উঠিলেহে এটা পূৰ্ণ মনুষ্য হয়৷ সেই গুণে বিজ্ঞান আৰু ধৰ্ম্মশাস্ত্ৰ গোটালেহে আমাৰ পূৰ্ণ জ্ঞান হ’ব পাৰে৷
    • পৃষ্ঠা ১১
  • আমাৰ শাস্ত্ৰত কৈছে যে এই জগৎ অনাদি আৰু সৎ পদাৰ্থ৷ ইয়াৰ পাৰিণাম আছে কিন্তু ইয়াৰ বিনাশ নাই৷...বিজ্ঞানে এতিয়া এই কথা সম্পূৰ্ণভাৱে সমৰ্থন কৰে৷ অকল সেয়ে নহয়, বিজ্ঞানৰ তাপ-গতি বিদ্যাই (Thermo-dynamics এ) এইবোৰ কথা অঙ্কেৰে প্ৰমাণ কৰিছে৷
    • পৃষ্ঠা ১৭
  • “মই অকলৈ আছো’’, “মোৰ বাহিৰে জগতত কোনো পাদাৰ্থ নাই’’- এনে যদি হয়, তেন্তে সংসাৰ হয় কেনেকৈ? বহু জৈৱৰ পৰস্পৰৰ সংঘৰ্ষণেই সংসাৰ৷
    • পৃষ্ঠা ৪২
  • আমাৰ দেহটো যেন এক নিজান ফাটেক৷ ইয়াত সোমাই আমি বহিৰ্জ্জগতৰ একো খবৰ নেপাওঁ৷ যি সামান্য খবৰ আহে, সিও সাঙ্কেতিক খবৰ হৈ (Cypher code) হে আহে- অৰ্থাৎ শক্তিৰ স্পন্দনৰূপে আহে৷ এই সঙ্কেতবোৰ (cypher message বোৰ) আমাৰ মনে যেন (de-cypher কৰে) আমাৰ ভাষালৈ তৰ্জ্জমা কৰে আৰু তেতিয়াহে আমাৰ বিষয় জ্ঞান হয়৷ জগতৰ আচল স্বৰূপ আমি নেদেখো৷ আমাৰ মনে যেনে দেখুৱাই তেনে হে দেখো৷
    • পৃষ্ঠা ৪৬

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: