কনকসেন ডেকা

ৱিকিউদ্ধৃতিৰ পৰা

কনকসেন ডেকা (ইংৰাজী: Kanaksen Deka) অসমৰ এজন প্ৰসিদ্ধ সাহিত্যিক, শিক্ষাবিদ, নাট্যকাৰ‎, চিন্তাবিদ আৰু সাংবাদিক। তেখেত অসম সাহিত্য সভাৰ ছিপাঝাৰ, চাপৰ অধিবেশন, বেলশৰ আৰু দক্ষিণপাট বিশেষ বাৰ্ষিক অধিবেশনৰ সভাপতি আছিল। সামাজিক-সাংস্কৃতিক সংগঠন 'অসম ষ্টাৰ'-এ কনকসেন ডেকালৈ ২০২১ বৰ্ষত সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা ঘোষণা কৰে ৷ কামৰূপ জিলাৰ বেলশৰ গাঁৱৰ এক মধ্যবিত্ত পৰিয়ালত ১৯৩৩ চনৰ ১৬ জুলাইত কনকসেন ডেকাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম গৌৰীসেন ডেকা আৰু মাতৃৰ নাম তাৰাসেন ডেকা।

উদ্ধৃতি সমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. প্ৰকৃত মানুহ হ'বলৈ হ'লে নিজকে মানৱ পৰিয়ালৰ অংশীদাৰ হিচাপে দৃষ্টিভংগী বহলাই ল'ব পাৰিব লাগে।[১]
  2. যি ধনৰ স'তে শ্ৰমৰ সম্পৰ্ক নাই, সেই ধনে মানুহক কেতিয়াও প্ৰকৃত শান্তি আনি দিব নোৱাৰে। বৰঞ্চ এক গধুৰ বোজা হৈ পৰে।[১]
  3. এই যুগত কোনো এখন সমাজৰ লোকৰ পক্ষে অকলে থকাটো সম্ভৱ নহয়। বিভিন্ন সম্প্ৰদায়ৰ, বিভিন্ন সমাজৰ মানুহৰ মাজত সম্প্ৰীতিৰ মনোভাৱ গঢ়ি তুলিব নোৱাৰিলে সমন্বয় নহয়।[১]
  4. আইনৰ শাসন অবিহনে অস্ত্ৰবলেৰে সমস্যাৰ সমাধান নহয়; ই গণতান্ত্ৰিক ব্যৱস্থাক কবৰ দিয়াৰ উপৰি ন ন সমস্যাৰহে সৃষ্টি কৰে।[১]
  5. কৰ্মফলৰ পৰা কোনোৱে হাত সাৰিব নোৱাৰে। অলেখ পূজা-পাতল, যাগ-যজ্ঞইও কৰ্মফল প্ৰাপ্তিৰ পৰা কাকো ৰেহাই নিদিয়ে, অৰ্থাৎ যিয়ে যি গছৰ গুটি ৰোপণ কৰে তাৰেই ফল ভোগে।[১]

তথ্যসূত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ অপূৰ্ব তালুকদাৰ। মহৎ লোকৰ বাণী। নিষ্ঠা প্ৰকাশন।