সমললৈ যাওক

ৰবি শৰ্মা

ৱিকিউদ্ধৃতিৰ পৰা

ৰবি শৰ্মা অসমৰ চলচ্চিত্ৰ জগতৰ এজন জনপ্ৰিয় অভিনেতা।[] অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ সমূহতো তেখেতে নিয়মিতভাৱে অভিনয় কৰি আহিছে।[]

  1. মই নিজকে সমাজৰ বাবে ভাল চিন্তা কৰা এজন মানুহৰ শাৰীত ৰাখিব খোজোঁ। আৰু মোৰ বাবে এইদৰে ভাল কৰাৰ মাধ্যম হৈছে - চিনেমা।[]
  2. তথ্যগত যিকোনো তিক্ত কথাক আমি চিনেমাৰ ৰূপত মনোগ্ৰাহী কৰি মানুহৰ আগত তুলি ধৰিব পাৰোঁ যাতে মানুহৰ চিন্তাধাৰাত ভাল আৰু বেয়াৰ পাৰ্থক্য নিৰূপণ কৰাত চিনেমাৰ এক প্ৰভাৱ থাকে।[]
  3. কিতাপৰ পিছতে চিনেমা হৈছে কলাৰ আটাইতকৈ শক্তিশালী দৃশ্য-শ্ৰব্য মাধ্যম যাক আমি মনোৰঞ্জক কৰি মানুহৰ আগত প্ৰদৰ্শন কৰিব পাৰোঁ।[]
  4. চাপগ্ৰস্ত মন-মগজুক শীতলোৱা একমাত্ৰ উপায় সংগীত মোৰ বাবে।[]
  5. চিনেমা ভাষিক হে, ক্ষেত্ৰভিত্তিক নহয়।[]
  6. চিনেমা আৱেগত চলা বস্তু নহয়। চিনেমা চাবলৈ মানুহে নিজৰ কষ্টোপাৰ্জিত ধন ব্যয় কৰে, সময় দিয়ে। গতিকে চিনেমা একোখন অকল আৱেগত নচলে।[]
  7. মোৰ বাবে চিনেমাৰ কোনো ধাৰা নাই। মোৰ বাবে চিনেমাৰ দুটাই ভাগ - ভাল চিনেমা আৰু বেয়া চিনেমা।[]
  8. এজন ব্যক্তিয়ে ৰৈ থাকিও বহুত কিবাকিবি কৰিব পাৰে, পিছে নকৰোঁ বুলি ভবাজনে একো নকৰে।[]
  9. যদিহে দক্ষতা আৰু অভিনয়ৰ প্ৰতি প্ৰেম নিজৰ ভিতৰত নাথাকে, তেন্তে কোনেও চাবুক মাৰি কাকো অভিনয় কৰাব বা গান গোৱাব নোৱাৰে।[]
  1. পূৰণি ৰবি শৰ্মা আৰু আজিৰ অভিনেতাগৰাকীৰ মাজৰ পাৰ্থক্য!. প্ৰকাশক: rupaliparda.com (August 3, 2021). আহৰণ কৰা হৈছে: June 23, 2023.
  2. ২.০০ ২.০১ ২.০২ ২.০৩ ২.০৪ ২.০৫ ২.০৬ ২.০৭ ২.০৮ ২.০৯ ৰিমলী বৰকটকী (জুলাই, ২০২৩). বিশিষ্ট অভিনেতা ৰবি শৰ্মাৰ সৈতে অলপ আলাপ. সাক্ষাৎকাৰ. প্ৰকাশক: অন্যযুগ. আহৰণ কৰা হৈছে: 29 মে' 2024.