ৰফিকুল হুছেইন

ৱিকিউদ্ধৃতিৰ পৰা

ৰফিকুল হুছেইন অসমৰ এগৰাকী কবি আৰু নাট্যকাৰ। তেওঁ ‘শৰবিদ্ধ আকাশ’ (১৯৮৪), ‘বিষাদ বসন্ত’ (২০০৯), ‘চাকিৰ চাংঘৰ’(২০১৮) শীৰ্ষক কবিতা পুথিৰ লগতে ‘উজান’ (১৯৮৫), ‘জলাশয় (১৯৮৬), ‘দৈৱকী’ (১৯৮৭), ‘ধোঁৱা’ (১৯৯২), ‘জলপ্ৰপাত’(২০০০), ‘সপোনৰ বৃন্দাবন’ (২০০২), ‘অৰণ্যত উৰ্মিলা’(২০০৪), আৰু ‘ৰাতিৰ আকাশ’ (২০০৭) শীৰ্ষক পূৰ্ণাংগ নাটকৰ উপৰিও আঠখন একাংক নাট্য ৰচনা কৰিছে।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • সৃষ্টিশীল শিল্পকলাত মৌলিকতা বুলি কোনো বস্তু নাই৷ আমি যি সৃষ্টি কৰি আছোঁ, সি আমি বাস কৰি থকা পৃথিৱীখনৰ বহুস্তৰীয় ৰূপৰ অনুবাদহে মাত্ৰ৷ আৰু সেই অনুবাদকে আমি গভীৰ সূক্ষ্মতাৰে অনুসৃষ্টিৰে সজালেই সি হৈ পৰে শিল্প৷[১]
  • নাটক যেতিয়া বাণিজ্যিক শিল্প হৈ পৰে, তেতিয়া এই ধৰণৰ পণ্য উপাদানবোৰ অনিবাৰ্যভাৱেই অতি স্থূল ৰূপত সেই নাটকবোৰত আহি পৰেই৷ ই এক নাট্য সন্ত্ৰাস৷[১]
  • মাতৃগৰ্ভৰ পৰাই মই কবি হৈ উপজিছোঁ বোধহয়৷ নহ’লেনো মোৰ শৈশৱ-কৈশোৰ কালত মই প্ৰচণ্ড ধ্বংসকাৰী হওঁনে?[১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]