সমললৈ যাওক

ৰথীন্দ্ৰ নাথ গোস্বামী

ৱিকিউদ্ধৃতিৰ পৰা

ৰথীন্দ্ৰ নাথ গোস্বামী অসমৰ এগৰাকী ভূতত্ত্ববিদ, শিশু সাহিত্যিক, বিজ্ঞান, কল্পবিজ্ঞান আৰু ভ্ৰমণ কাহিনীৰ লেখক। [১] তেওঁ অসমীয়া শিশু সাহিত্যৰ জনপ্ৰিয় চৰিত্ৰ “চিচিং”ৰ স্ৰষ্টা। তেওঁ “বিদেশী বন্ধুৰ দেশত” গ্ৰন্থৰ লেখক।[২] ২০২৩ চনৰ সাহিত্য অকাডেমীৰ শিশু সাহিত্য বঁটা ৰথীন্দ্ৰ নাথ গোস্বামীলৈ আগবঢ়োৱা হৈছে।[৩]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. মই বিশ্বাস কৰোঁ জীৱন-বাটত লগ পোৱা প্ৰতিজন ব্যক্তিয়ে আনজনক প্ৰভাৱিত কৰে। [১]
  2. মই সদায়ে এটা চৰিত্ৰৰ কথা ভাবোঁ যাৰ নাম উচ্চাৰণ কৰিলে অকণিৰ মনত এখন স্পষ্ট ছবি ভাহি উঠিব। বিশ্বৰ আন সাহিত্যত থকাৰ দৰে অসমীয়া সাহিত্যত তেনে চৰিত্ৰ নাই বুলি ক’ব পাৰি। [১]
  3. ‘চিচিঙ’ৰ আদৰ দেখি কেতিয়াবা মই আচৰিত হৈ পৰোঁ! এটা কাল্পনিক চৰিত্ৰই যে ইমান আদৰ লাভ কৰিব পাৰে সেয়া মোৰ আশাতীত! আনন্দৰ কথা যে ভালে সংখ্যক কণমানিয়ে ‘চিচিঙ’ক লৈ কাহিনী ৰচনা কৰিছে। সৃষ্টিশীল জগতত ‘চিচিং’ এক অনুপ্ৰেৰণা হৈ পৰাত মই নথৈ আনন্দিত হৈছোঁ। [১]
  4. ডিজিটেল মাধ্যম বা ইণ্টাৰনেট যুগে কণমানিহঁতক যে প্ৰচুৰ প্ৰভাৱিত কৰিছে, সেইটো সঁচা। কিন্তু একে সময়তে সমাজৰ প্ৰতিজন বয়োজেষ্ঠৰো দায়িত্ব আছে। কণমানিহঁতক তেনেদৰে এৰি দিব নোৱাৰি। একে সময়ত লেখকসকলে নিজস্ব কৌশলেৰে এনে কিছুমান সৃষ্টি কৰিব লাগিব, যি কণমানিহঁতক আখৰৰ জগতখনৰ প্ৰতি আকৰ্ষিত কৰিব। লেখক-চিত্ৰশিল্পী-প্ৰকাশক আৰু দায়িত্বশীল পিতৃ-মাতৃয়ে এই কাম সম্ভৱ কৰি তুলিব পাৰে, ডিজিটেল মাধ্যমে কঢ়িয়াই অনা প্ৰত্যাহ্বানৰ মাজতো ছপা আখৰৰ জগতখনক আদৰিব পাৰে। [১]
  5. কল্পবিজ্ঞানে শিশুক নতুন পৃথিৱীৰ সৈতে পৰিচয় কৰাব পাৰে, ভৱিষ্যতৰ বাবে সাজু কৰি তুলিব পাৰে। [১]
  6. স্বদেশৰ মাটিৰ পৰা উদ্ভৱ হোৱা কল্পবিজ্ঞানে নিশ্চয়কৈ কণমানিহঁতৰ মানসিক উৎকৰ্ষ সাধনত প্ৰচুৰ প্ৰভাৱ পেলাব, ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰি তুলিব। [১]
  7. ইংৰাজী মাধ্যমৰ কণমানিহঁতে যি সাহিত্যৰ সোৱাদ পায়, তাত নিজা মাটিৰ গোন্ধ প্ৰায় নাই বুলি ক’ব পাৰি। আমাৰ মাটিৰ গোন্ধ থকা সাহিত্য আমাৰ নিজৰ ভাষাৰ জৰিয়তে আহিব। [১]
  8. মোৰ বোধেৰে এতিয়া শিশুয়ে কোনো পোনপটীয়া পৰামৰ্শ বা নীতিশিক্ষা ল’বলৈ ৰাজী নহয়। ইয়াৰ বাবে লেখকজনে কৌশলেৰে তেওঁলোকক সেই বিষয়ে জনাব লাগিব। উদাহৰণস্বৰূপে, এজন শিশুক মই যদি ক’ব বিচাৰোঁ যে ঘৰখন সুন্দৰকৈ ৰখাত তেওঁৰো ভূমিকা আছে, তেন্তে মই এটা চৰিত্ৰ সৃষ্টি কৰিম য’ত সেই ভাল শিশুটিয়ে পঢ়া-শুনাৰ উপৰি ঘৰৰ কাম-বনত সহায় কৰিব। [১]
  9. অতি বাস্তৱ আৰু অতি কল্পনাতে অনবৰতে নাথাকি, মধ্যম পথেদি গতি কৰিলে শিশুৰ বাবে উপকাৰ হয়। কল্পনাৰ মাত্ৰা বৃদ্ধি পালে ক্ষতিকাৰক হ’ব পাৰে আৰু বাস্তৱৰ মাত্ৰা বৃদ্ধি পালে সাহিত্যৰ প্ৰতি আকৰ্ষণ হ্ৰাস পাব পাৰে। কণমানিহঁতৰ বাবে কল্পনাৰ মাত্ৰা অধিক হ’ব পাৰে, কিন্তু কিশোৰৰ বাবে বাস্তৱমুখী হ’লেহে সুফল পোৱা যাব। [১]
  10. মই বিচাৰোঁ যে সৃজনশীলতাত মানৱ শ্ৰেষ্ঠ হৈয়েই থাকক, অন্যথা আমি কেনে এক পৃথিৱীৰ সমুখীন হ’ব লাগিব সেয়া কল্পনাতীত। [১]
  11. ডিজিটেল মাধ্যমৰ সম্প্ৰসাৰণ হ’বই, তাক বাধা দিব নোৱাৰি। নতুন প্ৰজন্মই এই মাধ্যমক আঁকোৱালি লৈছে বা ল’ব। তেনে সময়ত মোৰ এটাই মাথোঁন চিন্তা যে ডিজিটেল মাধ্যমে সমান পৰিমাণে দায়িত্বশীল ৰূপত নিজ কৰ্তব্য পালন কৰিব লাগিব, অন্যথা প্ৰচুৰ বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হ’ব।[১]
  12. মোৰ জীৱনৰ মূলমন্ত্ৰ হ’ল কোনো ধৰণৰ জটিলতা নোহোৱাকৈ সৰল জীৱন-যাপন। প্ৰতিজন ব্যক্তিয়ে তেওঁলৈ অহা দায়িত্বসমূহ গুৰুত্ব সহকাৰে ল’লে মোৰ বোধেৰে সকলো সহজ হৈ পৰে। [১]

উত্‍স[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০০ ১.০১ ১.০২ ১.০৩ ১.০৪ ১.০৫ ১.০৬ ১.০৭ ১.০৮ ১.০৯ ১.১০ ১.১১ ১.১২ শ্ৰীযুত ৰথীন্দ্ৰ নাথ গোস্বামীৰ সৈতে অন্তৰঙ্গ আলাপ. সাক্ষাৎকাৰ. প্ৰকাশক: ফটাঢোল (৩ জুলাই ২০২৩). আহৰণ কৰা হৈছে: 21 মে' 2024.
  2. J K Bharadwaj (August 23, 2021). চিচিং”ৰ স্ৰষ্টা ৰথীন্দ্ৰ নাথ গোস্বামীলৈ ২০২১ চনৰ অসমীয়া শিশু সাহিতা বঁটা. প্ৰকাশক: Jonack Assam. Archived from the original on 31 July 2023. আহৰণ কৰা হৈছে: 31 July 2023.
  3. ONGCian Rothindra Nath Goswami receives the Bal Sahitya Puraskar 2023. প্ৰকাশক: NewsMantra (29th July 2023). আহৰণ কৰা হৈছে: 1 August 2023.