সমললৈ যাওক

ৰক্তিম ৰঞ্জন শইকীয়া

ৱিকিউদ্ধৃতিৰ পৰা

ৰক্তিম ৰঞ্জন শইকীয়া অসমৰ এজন ইতিহাসবিদ। সাহিত্য, শিল্প, ধৰ্ম, দৰ্শন, ইতিহাস সকলোতে তেওঁৰ বুৎপত্তি দেখা যায়।[] তেওঁ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ভূতত্ত্বৰ অধ্যাপক।[] তেখেতৰ এখন গ্ৰন্থ হৈছে প্ৰাক ঔপনিবেশিক অসমৰ অৰ্থনৈতিক ইতিহাস[]

  1. সকলোধৰণৰ কিতাপ পঢ়াৰ এটা অভ্যাস সৰুৰে পৰাই আছিলেই। ঘটনাক্ৰমে ঔদ্যোগিক ক্ষেত্ৰৰ পৰা শিক্ষকতালৈ আহি দেখিলোঁ ইয়াত তুলনামূলকভাৱে হাতত কিছু ৰাহি সময় থাকে। সেই সময়খিনিৰ সদ ব্যৱহাৰ কৰিবলৈকে ইতিহাস বিষয়টোক লৈ কিবা কৰিব পাৰি নেকি চেষ্টা কৰি চাবলৈ মন কৰিলোঁ। []
  2. মোৰ মতে অসমীয়া সাহিত্যৰ ইতিহাস এতিয়াও অসম্পূৰ্ণ। []
  3. আহোম যুগৰ বুৰঞ্জীসমূহক প্ৰকৃতাৰ্থত সাহিত্য বুলিব নোৱাৰি। সেয়া দিনপঞ্জীৰ দৰে এবিধ লেখাহে।[]
  4. অসম হ'ল এটা গেদেৰে নিৰ্মিত উপত্যকা। গতিকে প্ৰাচীন অসমৰ ৰাজ্যসমূহে ক্ৰান্তিক মনিকসমূহৰ আহৰণৰ বাবে চাৰিওফালে থকা পাহাৰবোৰৰ ওপৰত নিৰ্ভৰ কৰাৰ বাহিৰে উপায় নাছিল।[]
  5. নিজ চকুৰে চাই, হাতেৰে চুই পৰীক্ষা নকৰালৈকে কোনো সিদ্ধান্তত উপনীত হোৱা উচিত নহয় বুলি ভাবোঁ।[]
  6. বৰ অসমখন প্ৰকৃততে ব্ৰিটিছ অসম আছিল। সেয়া আছিল এক কৃত্ৰিম ধাৰণা। ইতিহাস অধ্যয়নে বৰ‌অসম‌ গঠন কৰি দিব নোৱাৰে।[]
  7. ইতিহাস বিদ্যায়তনিক ভাবেই অধ্যয়ন কৰা উচিত। অন্যথা আমি নিজৰ স্বাৰ্থত প্ৰয়োগ কৰিব পৰাকৈ ইতিহাস বিকৃত কৰি ল'ব লাগিব।[]
  8. পৰম্পৰা একো একোটা মানুহেই সৃষ্টি কৰে। গতিকে ভাঙিবও মানুহেই লাগিব। []
  9. ঐক্য সংহতি আদি শুনিবলৈ ভাল লগা ধাৰণাবোৰ আহে সম অৰ্থনৈতিক উন্নয়নৰ পৰা। আবেগক ভিত্তি কৰি এই ধাৰণাবোৰ বৰ্তাই ৰাখিব নোৱাৰি।[]
  10. মই চকুপাৰি দেখিব নোৱৰা জীৱই হ'ল সকলো ধৰণৰ ৰজা। প্ৰতিজন ৰজাই হ'ল একো একোজন ৰঘুমলা। ভাল ৰজাৰ ধাৰণাটো প্ৰাথমিক বিদ্যালয়ৰ পাঠ্যপুথিৰ বাহিৰে ক'তো শোভা নাপায়।[]
  1. ১.০০ ১.০১ ১.০২ ১.০৩ ১.০৪ ১.০৫ ১.০৬ ১.০৭ ১.০৮ ১.০৯ ১.১০ নব্য ধাৰাৰ ইতিহাসবিদ ড° ৰক্তিম ৰঞ্জন শইকীয়াৰ সৈতে সাক্ষাৎকাৰ. সাক্ষাৎকাৰ. প্ৰকাশক: সাহিত্য ডট অৰ্গ (মাৰ্চ, ২০১৯). আহৰণ কৰা হৈছে: 27 মে' 2024.
  2. জেবি কলেজ. আহৰণ কৰা হৈছে: 27 মে' 2024.
  3. প্ৰাঅসকি ছায়েণ্টিয়া. আহৰণ কৰা হৈছে: 27 মে' 2024.