ৰ'জাৰ ফেডেৰাৰ

ৱিকিউদ্ধৃতিৰ পৰা

ৰ'জাৰ ফেডেৰাৰ (ইংৰাজী: Roger Federer) ছুইজাৰলেণ্ডৰ এগৰাকী বৃত্তিগত টেনিছ খেলুৱৈ। এচ'চিয়েশ্যন অফ টেনিছ প্ৰ'ফেশ্যনেল্‌ছ বা চমুকৈ এটিপিৰ ৰেংকিং অনুসৰি খেলুৱৈগৰাকীৰ গোলকীয় স্থান অষ্টম। তেওঁ একক শিতানত অভিলেখসংখ্যক ২০টা গ্ৰেণ্ড শ্লাম খিতাপ জয়েৰে ৰাফেল নাডালৰ সৈতে যুটীয়াভাৱে গ্ৰেণ্ড শ্লাম বিজয়ী খেলুৱৈসকলৰ তালিকাত শীৰ্ষস্থানত আছে। ফেডেৰাৰে মুঠ ৩১০ সপ্তাহ এটিপি ৰেংকিংৰ শীৰ্ষত অৱস্থান কৰিছে। ইয়াৰে ভিতৰত ২৩৭ সপ্তাহ তেওঁ একেলেথাৰিয়ে শীৰ্ষস্থানত থাকি অভিলেখ গঢ়িছে। ইয়াৰোপৰি তেওঁ ৫ বাৰকৈ প্ৰথম স্থানত থাকি বছৰটোৰ সামৰণি পেলোৱা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। জিমি ক'ন্ন'ৰৰ পিছতেই ফেডেৰাৰে ১০৩টা একক এটিপি খিতাপ জয়েৰে সৰ্বকালৰ সৰ্বাধিক খিতাপ জয়ী খেলুৱৈসকলৰ তালিকাত দ্বিতীয় স্থানত আছে। ইয়াৰ উপৰিও তেওঁ ছবাৰকৈ এটিপিৰ খেলসমূহৰ ফাইনেলতো অংশগ্ৰহণ কৰিছে। সমসাময়িক টেনিছ খেলুৱৈ ৰাফেল নাডাল আৰু ন'ভাক জক'ভিচৰ সৈতে ফেডেৰাৰক সৰ্বকালৰ শ্ৰেষ্ঠ পুৰুষ টেনিছ খেলুৱৈসকলৰ অন্যতম হিচাপে গণ্য কৰা হয় আৰু তিনিওকে একেলগে বিগ্‌ থ্ৰী বা বিশাল তিনিগৰাকী বুলি অভিহিত কৰা হয়।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • বছৰ বছৰ ধৰি টেনিছে মোক যিমানবোৰ উপহাৰ দিছে, তাৰ ভিতৰত আটাইতকৈ মহৎ হৈছে, নিঃসন্দেহে, পথত লগ পোৱা মানুহখিনি: মোৰ বন্ধু-বান্ধৱী, মোৰ প্ৰতিদ্বন্দ্বী, আৰু সকলোতকৈ বেছি অনুৰাগীসকল যিয়ে এই খেলবিধক জীৱন দিছে।[১]
  • মই আপোনালোক সকলোকে হৃদয়ৰ পৰা ধন্যবাদ জনাইছো, বিশ্বৰ সকলোকে ধন্যবাদ জনাইছোঁ‌ যিয়ে এজন যুৱ ছুইছ বল বয়ৰ সপোন বাস্তৱায়িত কৰাত সহায় কৰিছে। শেষত টেনিছ খেলৰ প্ৰতি: মই তোমাক ভাল পাওঁ আৰু তোমাক কেতিয়াও এৰি নাযাওঁ।

ৰ'জাৰ ফেডেৰাৰৰ বিষয়ে উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • প্ৰিয় ৰ'জাৰ, মোৰ বন্ধু আৰু প্ৰতিদ্বন্দ্বী। এই দিনটো কেতিয়াও নাহিলে ভাল আছিল। মোৰ বাবে ব্যক্তিগতভাৱে আৰু সমগ্ৰ বিশ্বৰ ক্ৰীড়াৰ বাবে এটা দুখৰ দিন৷ এই আটাইকেইটা বছৰ আপোনাৰ সৈতে ভাগ-বটোৱাৰা কৰাটো এটা আনন্দৰ কথা কিন্তু এটা সন্মান আৰু সৌভাগ্যৰ কথাও, কোৰ্টৰ ভিতৰত আৰু বাহিৰত ইমানবোৰ আচৰিত মুহূৰ্ত কটালোঁ৷

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: