১৪ মাৰ্চ

ৱিকিউদ্ধৃতিৰ পৰা

বিগত বৰ্ষৰ আজিৰ উদ্ধৃতি:

২০২৩
“আপুনি যদি নিজৰ সন্তানক বুদ্ধিমান কৰিবলৈ বিচাৰে, তেনেহ’লে তেওঁলোকক পৰীৰ দেশৰ সাধু শুনাওক৷ তেওঁলোকক যদি আৰু অধিক বুদ্ধিমান কৰিবলৈ বিচাৰে, তেনেহ’লে তেওঁলোকক আৰু অধিক পৰীৰ দেশৰ সাধু শুনাওক৷”
~ এলবাৰ্ট আইনষ্টাইন ~

২০২৪
“কিশোৰ-কিশোৰীৰ কুমলীয়া মনবিলাক কিছুমান তথ্য, নাম আৰু ফৰ্মূলাৰে ভৰাই পেলোৱাটো ভুল। এইবিলাক জানিবৰ বাবে বিদ্যালয়ৰ পাঠ্যক্ৰমৰ প্ৰয়োজন নাই, যিকোনো কিতাপতে এইবিলাক পোৱা যায়। শিক্ষাৰ উদ্দেশ্য হোৱা উচিত ল’ৰা-ছোৱালীবোৰক চিন্তা কৰিবলৈ শিকোৱাটো আৰু কোনো পাঠ্যপুথি ইয়াৰ বিকল্প হ’ব নোৱাৰে।”
~ এলবাৰ্ট আইনষ্টাইন ~