১৪ এপ্ৰিল
অৱয়ব
বিগত বৰ্ষৰ আজিৰ উদ্ধৃতি:
- ২০২৩
“যি নাই বিহুগীতত, সি নাই অসমত৷ যি নাই অসমত, সি নাই বিহুগীতত৷ অসম আৰু অসমীয়া জনমানসৰ নিৰ্ভুল দাপোণ এই বিহু৷ অসমৰ পৰ্বত-পাহাৰ, চৰাই-চিৰিকটি, নৈ-বিল, পথাৰ-সমাৰ, ফুল-ফল, গোন্ধ-বৰণ আৰু সিবিলাকৰ মাজত কৰ্মৰত নাৰী-পুৰুষৰ এনে প্যানোৰমা ভাৰতৰ লোকসংগীতত বিৰল৷ বিহু গীতৰ সাহিত্যিক আৰু সাংগীতিক ভেটিৰ ওপৰতেই থিয় হৈ আছে অসমীয়া সংস্কৃতিৰ উপৰিসৌধ৷” |
~ হেমাংগ বিশ্বাস ~ |